Logo
image

আহি আছে কল্কি

ব’ক্স অফিচত মেজিক সৃষ্টি কৰিবলৈ আহি আছে ব্যয়বহুল ছবি ‘কল্কি’৷ ছ’চিয়েল মিডিয়াত ছবিখনক লৈ তোলপাৰ লাগিছে৷ সম্প্ৰতি ব্যাপক চৰ্চা নেটিজেনৰ মাজত৷ ২৭ জুনত মুক্তি পাব লগা ছবিখনৰ টেইলাৰ ইতিমধ্যে মুক্তি পাইছে৷ ছবিখনৰ মূল চৰিত্ৰ কল্কিৰ চৰিত্ৰত অভিনয় কৰিছে ছুপাৰষ্টাৰ প্ৰভাসে৷ 



ছবিখনত প্ৰভাস, দীপিকা পাড়ুকন, অমিতাভ বচ্ছন, কমল হাছান, দিশা পাটানীয়ে অভিনয় কৰিছে৷ প্ৰভাসে ছবিখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে কমল হাছানে৷ এগৰাকী মাতৃৰ ভূমিকাত অভিনয় কৰিছে দীপিকা পাডুকনে৷ ছবিখনৰ টেইলাৰ মুক্তিৰ পাছতে ২৩ ঘণ্টাৰ ভিতৰতে ২ কোটি লোকে চাইছে টেইলাৰটো৷ 

মহাভাৰতৰ অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্ছনে৷ চৰিত্ৰটো ৰূপায়ণৰ বাবে বিগ-বিয়ে পাৰিশ্ৰমিক লয় ১৮ কোটি টকা৷ কালি চৰিত্ৰত অভিনয়ৰ বাবে কমল হাছানে লাভ কৰিছে ২০ কোটি টকা৷ দীপিকা পাডুকনে পাৰিশ্ৰমিকৰ বাবদ লয় ২০ কোটি টকা৷ দিশা পাটনীয়ে লাভ কৰিছে ২ কোটি টকা৷ ‘কল্কি’ত নায়কৰ চৰিত্ৰত অভিনয় কৰা প্ৰভাসে লাভ কৰিছে ১৫০ কোটি টকা৷