Logo
image

বিদ্ৰোহী শিক্ষক

বিগত কেইটামান দিনত ৰাজ্যৰ সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত এটা বিষয় হৈছে বিদ্ৰোহী শিক্ষক৷ বিগত লোকসভা নিৰ্বাচনত ৰাজ্যৰ বিদ্ৰোহী শিক্ষকসকলে শাসনাধিষ্ঠিত বিজেপি দলৰ প্ৰাথ¹সকলক ভোট নিদিলে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীজনৰ মতে, ৰাজ্যত ২০২৩ বৰ্ষৰ পৰা প্ৰয়োগ কৰা শিক্ষাসেতু এপটোৱে অসুবিধাত পেলাইছে একাংশ শিক্ষকক আৰু তেওঁলোকেই নিজৰ মনত থকা বিদ্ৰোহৰ প্ৰতিশোধ ল’বলৈ নিৰ্বাচনত বিৰোধ কৰিলে বিজেপি দলক৷

২০২৩ চনৰ পৰা অসমৰ শিক্ষাব্যৱস্থাত ব্যৱহৃত শিক্ষাসেতু এপটোক লৈ বিৰূপ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষকসকলে৷ নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ কাৰণে অনুশাসনৰ ব্যৱস্থা কৰা চৰকাৰৰ প্ৰতি শিক্ষকে লোৱা অৱস্থিতিয়ে নিশ্চিতভাৱে প্ৰভাৱ পেলাব৷ শিক্ষকসকল হৈছে সমাজ সংস্কাৰক আৰু এখন সমাজক এটা নিৰ্দিষ্ট বিষয়ত প্ৰভাৱান্বিত কৰাৰ সক্ষমতা থাকে শিক্ষকৰ৷ প্ৰতিটো দিনতে নিজৰ জ্ঞান-বুদ্ধিৰ বহুল প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে প্ৰতিটো পৰিয়াললৈ বাৰ্তা প্ৰেৰণ কৰিব পৰা ব্যক্তিজনেই হৈছে শিক্ষক৷ শ্ৰেণীকোঠাত দিয়া প্ৰতিটো ভাষণৰ মাজত ছাত্ৰ-ছাত্ৰীসকলে অনুধাৱন কৰিব পাৰে শিক্ষকজনৰ মনৰ কথা৷ প্ৰশ্নটো হৈছে যে অসমৰ একাংশ শিক্ষকক কিয় বিদ্ৰোহী শিক্ষক বুলি অভিহিত কৰিছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে? দৈনন্দিন বিদ্যালয়ত উপস্থিতিৰ গণনা কৰা এপটোৱে শিক্ষকক কি অসুবিধা দিছে তাৰ ব্যাখ্যা অতি সীমিত৷ ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যালয়ত যিদৰে কৰ্মচাৰীৰ উপস্থিতি মেচিনৰ দ্বাৰা লোৱা হয়, অনুৰূপ ব্যৱস্থাৰ মাজত সোমাই পৰা বিদ্যালয়ৰ শিক্ষকসকলৰ বিৰোধিতাৰ কাৰণ কি? প্ৰকৃততে ৰাজ্যৰ শিক্ষকক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে চৰকাৰক দাখিল কৰিব লাগে শিক্ষাসেতু এপটোৰ পৰা পোৱা অসুবিধাখিনিৰ কথা৷ যদিহে ৰাজ্যৰ শিক্ষামন্ত্ৰীজনৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলে সকলো বিদ্ৰোহৰ কাৰণ স্তিমিত হয়, তেনে এক আলোচনাৰ বাবে দুয়োপক্ষ আগবাঢ়ি অহাটো সকলোৰে বাবে মংগলজনক৷

সমাজৰ সংস্কাৰৰ ভূমিকাত থকা শিক্ষকসকলে শাসকীয় দলৰ প্ৰতি সমৰ্থন নকৰা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যটো বিতৰ্কিত বুলি ক’ব পাৰি৷ ৰাজ্য চৰকাৰৰ কোনো কৰ্মচাৰীয়েই ৰাজনীতি কৰিব নোৱাৰে৷ ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ কৰিলেই অনুশাসনমূলক ব্যৱস্থাৰ মাজলৈ সোমাই নিলম্বন হোৱাটো অৱশ্যম্ভাৱী৷ তেনেবোৰ অনুশাসনৰ পৰা নিজকে বচাই চলোৱা শিক্ষক-কৰ্মচাৰীয়ে কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰিব, সেয়া নিজৰ কথা৷ এটা ৰাজনৈতিক দলৰ উত্থান-পতনত শিক্ষক-কৰ্মচাৰীৰ ভূমিকাৰ বিশ্লেষণ অতিকৈ কঠিন৷ সঘনে চৰকাৰৰ লগত হোৱা সংঘাত, মুকলি সমালোচনা আদিৰ পৰিণতি সাধাৰণতে চৰকাৰী পক্ষৰ বিপৰীতে যোৱাটো দেখিবলৈ পোৱা যায়৷ নিয়মিত দৰমহা, পদোন্নতিৰ সুবিধা, সন্মানৰ মাজত হোৱা সেৱা দিব পৰা শিক্ষক-কৰ্মচাৰীয়ে কেতিয়াও চৰকাৰৰ বিৰুদ্ধাচৰণ নকৰে বুলি ক’ব পাৰি৷ দৈনিক উপস্থিতিৰ গণনাৰ নামত হোৱা বিসংগতি দূৰ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা লোৱা আৱশ্যক৷ কোনো এটা বিষয়ৰ সমাধানৰ বাবে দুয়োপক্ষই এৰা-ধৰা মনোভাব পোষণ কৰা উচিত৷ এটা এপক কেন্দ্ৰ কৰি যদিহে শিক্ষক সমাজ বিদ্ৰোহী হৈছে, তেনে বিদ্ৰোহ মষিমূৰ কৰাৰ দায়িত্বও চৰকাৰৰেই৷ ডাবি-ধমকি, ভাবুকি, বিদ্ৰোহ আদি শব্দৰ মাজৰ পৰা মুক্ত হওক ৰাজ্যৰ শিক্ষা বিভাগ৷