Logo
image

অৰুন্ধতী ৰয়লৈ পেন পিণ্টাৰ বঁটা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ জুন : দেশৰ বিশিষ্ট সাহিত্যিক অৰুন্ধতী ৰয়লৈ ২০২৪ চনৰ পেন পিণ্টাৰ বঁটা আগবঢ়োৱা হৈছে৷ নোবেলজয়ী নাট্যকাৰ হেৰল্ড পিণ্টাৰৰ সোঁৱৰণত প্ৰতিবছৰে ব্ৰিটেইন, আয়াৰলেণ্ড আৰু কমনৱেলথৰ অন্তৰ্ভুক্ত দেশৰ সাহিত্যিকক উজ্জ্বল সাহিত্য কৰ্মৰাজিৰ বাবে পেন পিণ্টাৰ বঁটা প্ৰদান কৰা হয়৷ এইবাৰৰ বিজয়ী হিচাপে ভাৰতীয় সাহিত্যিক, যুক্তিবাদী অৰুন্ধতী ৰয়ৰ নাম ঘোষণা কৰি জুৰীয়ে কয়– তেওঁৰ শক্তিশালী কণ্ঠ কেতিয়াও স্তব্ধ হ’ব নোৱাৰে৷ তেওঁ বিশ্বৰ বিভিন্ন প্ৰসংগত শক্তিশালী মন্তব্য পোষণ কৰিব পৰা কণ্ঠ আছে৷ সময়ে সময়ে তেওঁ আপোচ নকৰি তেনে প্ৰসংগত মন্তব্য কৰি আহিছে৷ অহা ১০ অক্টোবৰত লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীত অৰুন্ধতী ৰয়ক এই সন্মানীয় বঁটা প্ৰদান কৰা হ’ব৷ অনুষ্ঠানত তেওঁ বক্তব্য প্ৰদান কৰাৰো কথা৷ এইবাৰ পেন পেণ্টাৰ বঁটাৰ বাবে জুৰীৰ দায়িত্বত আছিল ৰুথ বৰ্থউইক, অভিনেতা খালিদ আব্দুল্লা আৰু লিখক ৰ’জাৰ ৰবিনচন৷