Logo
image

ৱাইনশ্বপ ভৰিছে ভেজাল সুৰাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ জুন : গুৱাহাটীৰ লগতে ৰাজ্যৰ একাংশ ৱাইন শ্বপ-বাৰত ভেজাল বিলাতী সুৰা বিক্ৰী হৈ অহাৰ সততে উত্থাপন হোৱা অভিযোগ যেন সঁচা প্ৰমাণ হৈছে৷ কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে অসমত বিক্ৰীৰ বাবে প্ৰস্তুত কৰা ভেজাল সুৰা উৎপাদনকাৰী তিনিটাকৈ কাৰখানা উৎখাত  কৰাৰ পাছতেই সৰ্বসাধৰণ সুৰাপায়ীয়ে কৰা ভেজাল সুৰা পান কৰাৰ  সন্দেহ অধিক ঘণীভূত হৈ পৰিছে৷ কিয়নো আবকাৰী অভিযানত কোকৰাঝাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ সমৰপুৰত এটা ভেজাল সুৰা ফেক্টৰীৰ পৰা ‘ফৰ ছেল ইন আছাম অন’লী’ বুলি লিখা থকা বৃহৎ পৰিমাণৰ ৰয়েল ষ্টেগ, অ’ফিচাৰ্ছ চইচ আদি বিলাতী সুৰা ব্ৰেণ্ডৰ খালী বটল, সাঁফৰ, নকল হল’গ্ৰাম ম’ন’ কাৰ্টন, কাৰামেল, লেবেল ইত্যাদি জব্দ কৰে৷ অসমত বিক্ৰীৰ বাবে বুলি লিখা থকা সুৰা বটলৰ লগতে কেমিকেলো জব্দ কৰিছে৷ তদুপৰি অসম-মেঘালয় সীমান্তত আন দুটা ফেক্টৰীত অভিযান চলাই বৃহৎ সংখ্যক কাৰ্টনে কাৰ্টনে ভেজাল সুৰা জব্দ কৰে৷ যিসমূহ সুৰা অসমত আৰু মেঘালয়ত বিক্ৰীৰ বাবে চালান দিয়া হয়৷ এই সুৰাসমূহ অসমত বিক্ৰীৰ বাবে বুলি উল্লেখ থকা সুৰা বটলসমূহ দীৰ্ঘদিনে অসমতে বিক্ৰী কৰি আহিছিল বুলি ইতিমধ্যে আবকাৰী দলে গ্ৰেপ্তাৰ কৰা দীনদয়াল চৌবে আৰু দিগন্ত নেওগে স্বীকাৰ কৰিছে৷ স্বাভাৱিকতেই এইসমূহ ভেজাল মদ সুৰা মাফিয়া চক্ৰটোৱে আবকাৰী বিভাগৰ কোনো অসাধু বিষয়াৰ সহযোগত ক’লা বজাৰৰ লগতে একাংশ ৱাইন-শ্বপ আৰু বাৰকো কম মূল্যত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ অধিক মুনাফা লাভৰ আশাত একাংশ ৱাইন শ্বপ আৰু বাৰে ভেজাল সুৰা বিক্ৰী কৰাৰ সন্দেহ অমূলক নহয়৷ কিয়নো গুৱাহাটীৰ জি এছ ৰোড, ৰুক্মিনীগাঁও আদি কেইবাটাও স্থানৰ ৱাইন শ্বপৰ সুৰাক লৈ গ্ৰাহকৰ দীৰ্ঘদিনীয়া অভিযোগ আছে৷ বিশেষকৈ ৱাইন শ্বপ কেইখনৰ পৰা ক্ৰয় কৰা সুৰা পান কৰাৰ পাছত মূৰৰ বিষত আক্ৰান্ত হোৱা বুলিও ইতিমধ্যে বিভিন্নজনে আবকাৰী বিভাগক অভিযোগ দিছে৷ স্বাভাৱিকতেই এনে একাংশ ৱাইন শ্বপে ভেজাল সুৰা বিক্ৰীৰ সন্দেহ কৰা হৈছে৷ অৱশ্যে সুৰা মাফিয়া চক্ৰটোৰ মূল খলনায়ক কোকৰাঝাৰৰ চন্দন বসুমতাৰীক গ্ৰেপ্তাৰ কৰিলেই সকলো তথ্য পোহৰলৈ আহিব যদিও আবকাৰী আয়ুক্তালয়ে ৰহস্যজনক কাৰণত চন্দন বসুমতাৰীক ৰক্ষণাবেক্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে৷ বি টি এডিৰ মুৰব্বী প্ৰমোদ বড়োৰ ঘনিষ্ঠ হিচাপে পৰিচিত কোকৰাঝাৰৰ চন্দন বসুমতাৰীয়ে ভেজাল সুৰাৰ বাবদ দিছপুৰলৈ নিয়মীয়াকৈ কমিচনৰ ভাগ প্ৰেৰণ কৰা বুলি খোদ আবকাৰী বিভাগৰ ভিতৰচ’ৰাতে চৰ্চা চলিছে৷ ইফালে মেঘালয়ত উৎখাত কৰা ফেক্টৰী দুটাৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে মেঘালয়ৰ আবকাৰী বিভাগক গোচৰ ৰুজু কৰাৰ অনুৰোধ জনোৱাত বুধবাৰে নিশা মেঘালয় আৰক্ষীয়ে ফেক্টৰিটোৰ ১২ জনকৈ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে ভেজাল সুৰাৰ কাৰখানা চলোৱা মাষ্টাৰ মাইণ্ডৰ কোনো সম্ভেদ লাভ কৰা নাই৷ লক্ষণীয়ভাৱে বিটিএডিৰ উপ আবকাৰী আয়ুক্ত প্ৰাঞ্জল বৰাৰ নাকৰ তলতে কোকৰাঝাৰত চন্দন বসুমতাৰী বাহিনীয়ে ‘ফৰছেল ইন আছাম অ’নলী লিখি ভেজাল সুৰাৰ কাৰখানা চলাই থকা বিষয়টোক লৈ সন্দেহৰ সৃষ্টি হৈছে৷

কোক্‌ৰাঝাৰৰ সমৰপুৰত ভেজাল সুৰাৰ কাৰখানা উৎখাত

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি : ৰাজ্য চৰকাৰক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি বিটিচিৰ কোকৰাঝাৰ জিলাৰ সমৰপুৰত ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা স্থাপন কৰা সুৰা মাফিয়া ধনঞ্জয় ইছলাৰী ওৰফে সৌমদোন আৰু তেওঁৰ এই কাৰবাৰৰ সহযোগী চাৰিজনৰ আজিলৈ কোনো সন্ধান ওলোৱা নাই৷ উল্লেখ্য যে বিগত ২৩ জুনত কামৰূপ মহানগৰ জিলা আৱকাৰী বিভাগৰ অভিযান কাৰী দল এটা আহি কোকৰাঝাৰ জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী সমৰপুৰত সুৰা মাফিয়া ধনঞ্জয় ইছলাৰীয়ে অবৈধভাৱে স্থাপন কৰা সুৰা কাৰখানাটো উৎখাট কৰে৷ তেওঁ প্ৰয়োজনীয় সা-সামগ্ৰী ৰাখিবলৈ ভাড়া লোৱা কেঁচাঘৰৰ মালিকসকল ক্ৰমে মিনতি ব্ৰহ্ম, গোপীনাথ ব্ৰহ্ম আৰু কান্তেশ্বৰ বসুমতাৰীক কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে কোকৰাঝাৰ আৱকাৰী বিভাগে জাননী জাৰি কৰিছিল যদিও আজিলৈকে এগৰাকীও উপস্থিত হোৱা নাই৷ কোকৰাঝাৰ আবকাৰী বিভাগে কোকৰাঝাৰ থানাত গোচৰ ৰজু কৰিবলৈ বাধ্য হৈছে৷ কোকৰাঝাৰ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কোকৰাঝাৰ আবকাৰী অধীক্ষক অজয় বায়নে ইতিমধ্যে কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷  উল্লেখ্য যে কুখ্যাত চুপাৰি মাফিয়া তথা চোৰাং কাঠৰ ব্যৱসায়ী ধনঞ্জয় ইছলাৰী ওৰফে সৌমদৌন বাসগৃহত জিলা প্ৰশাসন তথা আৱকাৰী বিভাগৰ চকুত ধূলি দি প্ৰায় ডেৰবছৰ ধৰি অবৈধ সুৰা প্ৰস্তুত কৰি আহিছে আৰু এই সুৰা প্ৰস্তুত কৰণত সহায় কৰি আহিছিল জে’লৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহা গুৱাহাটীৰ এজন ব্যক্তিয়ে৷ তদুপৰি ধনঞ্জয় ইছলাৰীয়ে পূৰ্বে অৰুণাচল প্ৰদেশৰ পৰা স্পিৰিট [১ ‘মেটেৰিয়েল] আনিছিল যদিও সদ্যহতে চুবুৰীয়া বিদেশ ৰাষ্ট্ৰ ভূটানৰ পৰা আনে৷ অৱশ্যে তাৰ বাবে ভূটান লৈ নহয় বিশেষ সূত্ৰটোৱে দাবী কৰা মতে ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং জিলাৰ অন্তৰ্গত বেংতলৰ পৰা বিভিন্ন এলেকালৈ যায়৷ এই পৰ্যন্ত ভেজাল সুৰা ব্লেণ্ডিং কৰিবলৈ অনা বৃহৎ আকাৰৰ কণ্টেনাৰ এটা ধনঞ্জয় ইছলাৰীৰ বাসগৃহত থকাৰ লগতে বিগত ২৩ জুনত সাঁফৰ মৰা মেচিন এটা, দুহাজাৰ লিটাৰৰ প্লাষ্টিকৰ টেংকি দুটা, ব্লেণ্ডিঙৰ বাবে ষ্টীল কণ্টেইনাৰ এটা, সন্দেহ যুক্ত স্পিৰিট বিশ লিটাৰ, ৫১০০০টা হল’গ্ৰাম, ৯৫২০০টা সাঁফৰ, ১০২৭০টা পেট বটল, ৩৫৮৫০টা আয়নাৰ বটল, ৩৪৫৫০ খন নকল লেবেল, ৬০০০ কাৰ্টন আৰু ১০০ কিলোগ্ৰাম কাৰামেল উদ্ধাৰ কৰা হৈছে৷ তদুপৰি অফিচাৰ্চ চইচ, ইমপেৰিৱেল ব্লু, মেকডুৱেল, নম্বৰ ৱান [ফৰ চেলিং অৰুণাচল প্ৰদেশ], লাক্সাৰি ৰয়েল চেলিব্ৰেচন হুইস্কি [চেল ফৰ মেঘালয়] ইত্যাদি লেবেল উদ্ধাৰ কৰা হৈছে৷  উল্লেখ্য যে কোকৰাঝাৰ আৱকাৰী অধীক্ষক বায়নে সংবাদ মাধ্যমৰ আগত সমৰপুৰত অবৈধ সুৰাৰ কাৰখানা স্থাপনৰ যোজা চলোৱা হৈছিল আৰু তাত এতিয়ালৈকে সুৰা বটলিং হোৱা নাই বুলি দাবী কৰিছে৷ তেওঁ সা-সামগ্ৰী বোৰহে জমা কৰা বুলি জানিবলৈ দি তাৰ বাবে বিজনৰ ঘৰ ভাড়া লোৱা হৈছিল বুলি কয়৷