Logo
image

ৰাজনৈতিক দলৰহে অস্তিত্বৰ যুঁজ!

বিজেপি দলে যোৱা এবছৰ ধৰি পুনৰ ক্ষমতা দখলৰ প্ৰস্তুতি চলাইছে৷ বিভিন্ন আঁচনিৰ অধীনত গাঁৱে-চহৰে হিতাধিকাৰী সৃষ্টিৰে দল আৰু চৰকাৰক একাকাৰ কৰি পেলাইছে৷ ধৰ্মীয় মেৰু বিভাজন কৰি হিন্দুত্বৰ ঢৌ সৃষ্টি কৰি ৰাষ্ট্ৰীয় দলটোৱে শাসনত বৰ্তি থকাৰ সকলোপ্ৰকাৰ চেষ্টা কৰিছে৷ প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলে যিকোনো অজুহাততে অসম ভ্ৰমণ কৰি নৰেন্দ্ৰ মোদীৰ গুণ-গান কৰাৰ উপৰি বিৰোধী দলক দুৰ্বল কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ প্ৰধানমন্ত্ৰীয়ে এমাহতে তিনিবাৰ  অসম ভ্ৰমণ কৰিছে৷ গৃহমন্ত্ৰীজন স্থায়ী বাসিন্দাৰ দৰে হৈ পৰিছে৷ চৰকাৰৰ কাম বিৰাট বিৰাট বিজ্ঞাপনেৰে সজাই নিৰ্বাচন অহাৰ আগতেই নিৰ্বাচনৰ পৰিৱেশ ৰচনা কৰিছে৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগতেই ব্যাপক জনসমাগমেৰে বিৰাট বিৰাট গণসমাৱেশ পাতি শক্তি প্ৰদৰ্শন কৰিছে৷ মিছন এশ নামেৰ শ্লোগান সৃষ্টি কৰি বহুদিন আগৰে পৰা এখন স্নায়ুযুদ্ধ সৃষ্টি কৰিছে৷ দলৰ সংগঠনৰ ভেটি সুদৃঢ় কৰাৰ উপৰি অন্য দলৰ পৰা নেতাক আমদানি কৰিছে৷

শাসনত থকা দলটোৱে যোৱা পাঁচ বছৰত সংঘটিত সকলো ঘটনাৰ পৰাই লাভ আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে৷ ‘কা’ আইনখনৰ বিৰুদ্ধে ৰাজ্যত চলা ব্যাপক আন্দোলনটো বিভিন্ন উপায়েৰে দুৰ্বল কৰিছে আৰু আন্দোলনৰ পক্ষত থকা দল-সংগঠন আৰু ব্যক্তিৰ মাজত বিভাজন সৃষ্টি কৰিছে৷ প্ৰভাৱশালী মন্ত্ৰীসকলে নাচি- বাগি অসমত এক নতুনধৰণৰ সংস্কৃতি সৃষ্টি কৰিছে৷ বিটিচিৰ নিৰ্বাচনত মিত্ৰদল বিপিএফৰ স’তে সম্পূৰ্ণ সংঘাতলৈ আহি ইউপিপিএলৰ স’তে মিত্ৰতা গঢ়িছে৷ নিৰ্বাচিত জনপ্ৰতিনিধিক হোটেলত বন্দী কৰি ৰাখি ঘৃণনীয় ইতিহাস ৰচনা কৰি নিৰ্লজ্জ পথেৰে চৰকাৰ গঠন কৰিছে৷ বদৰুদ্দিন আজমলক একপ্ৰকাৰ ভিলেইন সজাই সংখ্যালঘু মুছলমান সমাজখনক বাৰে বাৰে আঘাত কৰি হ’লেও ক্ষমতা দখলৰ চেষ্টা কৰিছে৷ কংগ্ৰেছ দলক সকলো সময়তে হেয় জ্ঞান কৰাৰ লগতে বিৰোধী ঐক্য বিনষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে৷ চৰকাৰৰ সকলো বেয়া কামক বিৰোধ কৰি অহা অসমৰ আপোচবিহীন সংগ্ৰামী নেতা অখিল গগৈক যোৱা এবছৰে বন্দী কৰি ৰাখিছে, যাতে চৰকাৰৰ বিৰুদ্ধে কোনো শক্তিশালী আন্দোলন গঢ়ি নুঠে৷ ‘কা’বিৰোধী আন্দোলনৰ পটভূমিত গঠন হোৱা আঞ্চলিক দলকেইটাক জন্মলগ্নৰে পৰা ঠাট্টা-মস্কৰা কৰি আহিছে৷ ইমানৰ পাছতো দলৰ বিজয়ৰ পথ মসৃণ নোহোৱাত মিত্ৰদল অগপৰ হাতত থকা কেইবাটাও সমষ্টি নিজৰ হাতলৈ আনিছে আৰু কেইবাটাও সমষ্টিত প্ৰাৰ্থী সলনি কৰিছে৷ এনে কৰিও যদি বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে, এয়া হ’ব বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন৷

পোন্ধৰ বছৰ শাসনৰ গাদীত থাকি কুশাসন আৰু দুৰ্নীতিৰ অভিযোগত বিতাৰিত হোৱা কংগ্ৰেছৰ বাবেও এইবাৰৰ নিৰ্বাচন হ’ব ডাঙৰ পৰীক্ষা৷ কংগ্ৰেছে অকলে বিজেপি মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ সমৰ্থ নহ’ব বুলি জানিয়ে বহুদিন আগৰে পৰা মহাজোঁট গঠনত গুৰুত্ব দি আহিছিল৷ তৰুণ গগৈ জীয়াই থকা সময়তে এসময়ত ৰাজনৈতিক বৈৰী হিচাপে পৰিচিত এআইইউডিএফৰ স’তে মিত্ৰতা গঢ়াৰ প্ৰস্তুতি চলাইছিল৷ অৱশেষত বহু প্ৰতিবন্ধকতাৰ পাছতো ৰাজ্যত গঠন হৈছে মহাজোঁট৷ এআইইউডিএফৰ উপৰি ৰাজ্যৰ বাঁওপন্থী দলকেইটা আৰু বিপিএফকে ধৰি চাৰিটামান আঞ্চলিক দল এই মহাজোঁটত চামিল হৈছে৷ কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটে বিজেপিৰ মিছন এশৰ ওপৰত গৈ মিছন এশ এক ঠিৰাং কৰিছে৷ প্ৰাৰ্থী নিৰ্বাচনত কংগ্ৰেছ দলে এইবাৰ যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে৷ মহাজোঁটৰ চৰকাৰ হ’বই বুলি প্ৰচাৰ কৰি থকা হৈছে৷ তেনে কাৰণতে ২০২১ৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে হ’ব অস্তিত্বৰ যুঁজ৷ মহাজোঁট গঠন কৰিও এইবাৰ যদি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয়, দলটোক ধৰি ৰখাটোৱে যথেষ্ট কঠিন হ’ব৷ এআইইউডিএফৰ ক্ষেত্ৰতো একে কথাই খাটিব৷ কংগ্ৰেছৰ স’তে মিত্ৰতা কৰা কাৰণে দলৰ ভিতৰতে একাংশ অসন্তুষ্ট হৈ আছে৷ গতিকে, চৰকাৰ গঠনত বিফল হ’লে দলটো সাংগঠনিক বিপৰ্যয়ৰ সন্মুখীন হ’ব!

২০২১ৰ নিৰ্বাচনী ফলাফলে নিৰ্ধাৰণ কৰিব অসমৰ আটাইতকৈ পুৰণি আঞ্চলিক দল অগপৰ ৰাজনৈতিক ভৱিষ্যৎ৷ বিজেপিৰ নাগপাশত বন্দী দলটোৱে এককভাৱে জীয়াই থাকিবনে নাই সেয়া এইবাৰেই প্ৰমাণ হ’ব৷ ২০২১ৰ নিৰ্বাচন বাঁওপন্থী দলকেইটাৰ বাবেও সন্মানৰ যুঁজ হ’ব৷ ইতিমধ্যে দুৰ্বল হৈ পৰা বাঁওপন্থী দলকেইটাই এইবাৰ কংগ্ৰেছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে৷ মাত্ৰ চাৰিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা দলকেইটাই বিজয় সাব্যস্ত কৰিব নোৱাৰিলে ভৱিষ্যৎ শক্তি আহৰণ কৰিবলৈ বহুত সময় লাগিব৷

নৱগঠিত আঞ্চলিক দল অজাপ আৰু ৰাইজৰ দলৰ বাবেও ২০২১ৰ নিৰ্বাচন অগ্নিপৰীক্ষাসদৃশ হৈ পৰিছে৷ ঠিক তেনেকৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ ভৱিষ্যতো বহু পৰিমাণে এইবাৰৰ নিৰ্বাচনী ফলাফলে নিৰ্ধাৰণ কৰিব৷ সকলো মিলাই ক’ব পৰা যায় ২০২১ৰ নিৰ্বাচন অসমীয়াৰ নহয়, কেইটামান দলৰ বাবেহে অস্তিত্বৰ যুঁজ আৰু আন কেইটামান দলৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে৷