Logo
image

‘পৰীক্ষা’ক লৈ ধুমুহা, সদন অচল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ জুন : সদনত এইবাৰ পৰীক্ষাৰ ধুমুহা৷ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, নেট পৰীক্ষাকে ধৰি দুটা ইউজিচিৰ আৰু এটা মেডিকেলৰ পৰীক্ষা বিসংগতিৰ বাবে বাতিল কৰাৰ প্ৰসংগই নতুন চৰকাৰে শপত লোৱাৰ পৰাই দেশ উত্তাল কৰি ৰাখিছিল৷ পৰীক্ষাৰ্থী, ৰাজনৈতিক দল, বিভিন্ন সংগঠনে নীট বাতিল আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি আন্দোলন চলাই থকাৰ সময়ত এই প্ৰসংগই যে অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন উত্তাল কৰি তুলিব সেয়া নিশ্চিত আছিল৷ শুকুৰবাৰে উভয় সদনত সেই সম্ভাৱনাই প্ৰতিফলিত হ’ল৷ ফলত লোকসভা আৰু ৰাজ্যসভা প্ৰথমে ১২ বজালৈ স্থগিত ৰখাৰ পাছত পুনৰ অহা সোমবাৰলৈ স্থগিত ৰাখিবলগীয়া হয়৷ বিৰোধী দলে নীট পৰীক্ষাৰ কেলেংকাৰিক লৈ সদনত আলোচনা বিচৰাৰৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়৷ সেই সময়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ আগবঢ়াই আছিল৷ আনহাতে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাব উত্থাপন কৰিছিল শুধাংশু মিট্টালে৷ তেতিয়াই বিৰোধী দলৰ সদস্যই সংসদৰ অধিৱেশনত নীট, নেট পৰীক্ষাৰ কেলেংকাৰিৰ আলোচনা আহ্বান কৰে৷ কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সংসদত নীট, নেট পৰীক্ষাৰ কেলেংকাৰি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হ’ব লাগে বুলি দাবী উত্থাপন কৰে৷ লোকসভাৰ অধ্যক্ষই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক উত্তৰ শেষ নোহোৱালৈকে তেওঁ আন কোনো বিষয় সদনত আলোচনা হ’বলৈ নিদিয়ে৷ লগে লগে বিৰোধী দলৰ সকলো সদস্যই অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধিতা কৰে৷ সকলো বিৰোধী দলৰ সদস্যই অধ্যক্ষ ওম বিৰলাৰ প্ৰস্তাৱ মানি নোলোৱাত সদনত  উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলত অধ্যক্ষই অধিৱেশন দুপৰীয়া ১২ বজালৈ মূলতুবি কৰে৷ বিয়লি পুনৰ সদন আৰম্ভ হ’লেও একেই পৰিৱেশৰ সৃষ্টি হোৱাত সদন ৰ জুলাইলৈ স্থগিত ৰাখে৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পাছত কয় যে, এই বিষয়টোক লৈ সদনত আলোচনা কৰিবলৈ চৰকাৰ আগ্ৰহী৷ কিন্তু বিৰোধীয়ে পৰম্পৰা ৰক্ষা কৰি সদনৰ আন কাৰ্যক্ৰমণিকা আগবাঢ়িবলৈ দিব লাগিব৷  একেই পৰিস্থিতি হয় ৰাজ্যসভাতো৷ ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাও অহা সোমবাৰলৈ  স্থগিত ৰখা হয়৷ উল্লেখ্য, মেডিকেলৰ আসনৰ বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত গুজৰাট, বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন স্থানত পৰীক্ষাৰ পূৰ্বে ফাদিল হৈছিল৷ তদুপৰি পৰীক্ষা পৰিচালনা কৰা সংস্থা এন টি এই অনৈতিকভাৱে ১৫শৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেচ নম্বৰ প্ৰদান কৰিছিল৷ এই ঘটনাক লৈ বিৰোধী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন সংগঠনে দেশ উত্তাল কৰি তোলাত কেন্দ্ৰীয় চৰকাৰে নীটৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰে৷ ইয়াৰ বিপৰীতে আন্দোলনকাৰীয়ে উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ দাবী জনাইছিল৷ চি বি আইক তদন্ত কৰিবলৈ দিয়াত বিৰোধী আৰু আন্দোলনকাৰী সন্তুষ্ট নহয়৷ তেওঁলোকৰ মতে চৰকাৰী দুৰ্বলতা লুকুৱাবৰ বাবে মোদী চৰকাৰে এই তদন্তত চি বি আইক ব্যৱহাৰ কৰিব৷ সেয়ে চৰকাৰে ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত হোৱাটো বিচৰা নাই৷ এতিয়া অহা সোমবাৰে একেই দাবীত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন উত্তাল কৰিব বিৰোধীয়ে৷