Logo
image

আজিৰ পৰা দেশত ৩খন নতুন আইন

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১ জুলাই : আজিৰ পৰা সমগ্ৰ দেশত ৩খন নতুন ফৌজদাৰী আইন প্ৰৱৰ্তন কৰা হ’ব৷ ভাৰতীয় দণ্ডবিধিকে ধৰি তিনিখন নতুন ফৌজদাৰী আইন সোমবাৰৰ পৰা সমগ্ৰ দেশত প্ৰৱৰ্তন কৰা হৈছে৷ বিৰোধীৰ তীব্ৰ আপত্তি থকা সত্ত্বেও নৰেন্দ্ৰ মোডী চৰকাৰে এই তিনিখন আইন কাৰ্যকৰী কৰি আছে৷ ১ জুলাইৰ পৰা ব্ৰিটিছ যুগত সৃষ্টি হোৱা নিয়মসমূহ ভাৰতীয় আইন ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে মচি পেলোৱা হ’ব৷ তাৰ পৰিৱৰ্তে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰা ভাৰতৰ নতুন আইনখনে তাৰ স্থান ল’ব৷ কেন্দ্ৰই দাবী কৰিছিল যে আইনখনে ইমান দিনে শাস্তিৰ কথা কৈ আহিছে৷ এইবাৰ নতুন আইনখনৰ জৰিয়তে সাধাৰণ মানুহে ন্যায় পাব বুলি আশা কৰা হৈছে৷ ১জুলাইৰ পৰা দেশত প্ৰৱৰ্তন হ’বলগীয়া তিনিখন নতুন ফৌজদাৰী আইন ১]ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২] ভাৰতীয় ন্যায় সংহিতা ৩] ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়৷ উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তা আৰু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা৷ কাইলৈ পৰা প্ৰৱৰ্তন হব লগা তিনিখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কি দৰে উপকৃত হ’ব,  কি দৰে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে আইন কেইখন কাৰ্যকৰী হ’ব সেই বিষয়ে অৱগত কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই৷ ফৌজদাৰী আইন তিনিখন সন্দৰ্ভত গুৱাহাটী প্ৰেছক্লাৱৰ বিশেষ কৰ্মশালা কৰ্মশালাত উপস্থিত থাকি অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তাই কয় যে ন্যায় সংহিতাৰ ভিতৰত আছে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ, গণহত্যা, হিট এণ্ড ৰাণ, প্ৰৱঞ্চনামূলক উপায়েৰে এগৰাকী মহিলাৰ যৌন শোষণ, ভাৰতৰ বাহিৰত কাঢ়ি নিয়া, প্ৰৰোচিত কৰা, ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু ঐক্য বিপদাপন্ন কৰা আৰু মিছা বা ভুৱা বাতৰি প্ৰকাশ কৰা আদিৰ দৰে ২০টা নতুন অপৰাধ৷ লগতে আইন তিনিখনৰ সাল সলনি ঔপনিৱেশিক যুগৰ আইন প্ৰণয়নৰ ঠাই লব বুলি মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই৷ আইন তিনিখনৰ কাৰ্যকৰী পিছতে যিকোনো অপৰাধৰ সন্দৰ্ভত কি ধাৰা জড়িত কেনেদৰে শাস্তিমূলক ব্যৱস্থা হ’ব তাৰ সন্দৰ্ভত ব্যাখা আগবঢ়াই আৰক্ষী বিষয়া জনে৷ ঔপনিৱেশিক আইন কেইখনৰ বিপৰীতে অপৰাধ আৰু আইনী ক্ষেত্ৰত সহায় হোৱাকৈ প্ৰতিটো তথ্য সম্বলিত ৰূপত এই ধাৰা কেইটাৰ সালসলনি কৰা হৈছে৷ আৰক্ষী থানালৈ নহাকৈ অনলাইন প্ৰক্ৰিয়াৰে এজাহাৰ দিয়াৰ সন্দৰ্ভতো মন্তব্য কৰি আৰক্ষী বিষয়া জনে কয় যে এজাহাৰ দিয়াৰ তিনি দিনৰ ভিতৰত এজাহাৰত স্বাক্ষৰ কৰাৰ লগতে আৰক্ষীয়ে ৯০ দিনৰ ভিতৰত ইয়াৰ তদন্ত সম্পূৰ্ণ কৰিব লাগিব৷ পূৰ্বে এই আইন কেইখনত চিলনী চোৰৰ ক্ষেত্ৰত কোনো ধাৰা সন্নিবিষ্ট কৰা হোৱা নাছিল কিন্ত নতুন আইনত ইয়াৰ ধাৰা সংযোজন কৰা হৈছে৷ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পূৰ্বে টাডা আইনাৰ অধীনত বিচাৰ প্ৰক্ৰিয়া আৰু শাস্তি দিয়া হয়৷ বৰ্তমানৰ এই আইন কেইখন আৰক্ষীয়ে নিজাকৈ ধাৰা সংযোজন কৰি তদন্ত কৰিব পাৰিব৷ এইদৰে কয় অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই৷ আনহাতে নতুন আইন কেইখনত কি সুৰুঙা থাকি গ’ল, আইন কেইখনৰ ভাল আৰু বেয়া দুয়োটা দিশ সামৰি কৰ্মশালাত বক্তৃতা প্ৰদান কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই৷ অধিবক্তা অংশুমান বৰাই কয় যে এই আইন তিখিনৰ নাম কেইটাক লৈ মোৰ নিজৰ কিছু ক্ষোভ আছে৷ আইনখন সংশোধন কৰা ব্যৱস্থা আছিল বুলি উল্লেখ কৰি অধিবক্তা অংশুমান বৰাই কয় যে এই তিনিখন আইনত বিশেষ সাল সলনি একো হোৱা নাই৷ মাত্ৰ আইনখনৰ ১০ শতাংশহে সালসলনি কৰা হৈছে৷ বাকী সকলো একে আছে৷ আইন কেইখনে যদিহে ইলেক্টªনিক যোগে এজাহাৰ দাখিল কৰা কথা কৈছে সেয়া ভাল কথা৷ ইলেক্টªনিক এজাহাৰ দাখিল কৰা প্ৰসংগত গ্ৰাম্য অঞ্চলৰ দিশ সমূহ কিয় চোৱা হোৱা নাই বুলিঅধিবক্তা অংশুমান বৰাই প্ৰশ্ন উত্থাপন কৰে৷ কিন্ত তিনি দিনৰ এজাহাৰ স্বাক্ষৰ বা ৰেজিষ্টাৰ কৰা ক্ষেত্ৰত কিছু আসোঁৱাহ আহিব পৰা সম্ভাৱনা আছে যদি সঠিক সময়ত ৰেজিষ্টাৰ নহয়৷ তেতিয়া ভুক্তভোগীৰ বাবে কিছু ভয় শংকা অহা দেখা যায়৷ ৬০ দিন আৰু ৯০ দিনৰ ভিতৰত যি তদন্ত প্ৰক্ৰিয়াৰ কথা কোৱা হৈছে সেয়া ভাল কথা৷ এই গোচৰ সমূহ কিছুমান ধাৰা ওপৰত নিৰ্ভৰ কৰিব৷ নিদিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে গোচৰটো ক্ষেত্ৰত ন্যায়ালয়ে সিদ্ধান্ত লব৷ জামিন লোৱা প্ৰক্ৰিয়াত উচ্ছতম ন্যায়ালয়ৰ সন্মতি আছে৷ এইদৰে কয় অধিবক্তা অংশুমান বৰাই৷  অনুষ্ঠানত সাংবাদিকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰো দিয়ে দুয়ো সমল ব্যক্তিয়ে অনুষ্ঠানত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই অসমীয়াত presentation  প্ৰদান কৰে৷  এই কৰ্মশালাত গুৱাহাটীৰ শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানৰ আঁত ধৰে গুৱাহাটী প্ৰেছ ক্লাবৰ দুগৰাকী সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ আৰু মিতালী কোঁৱৰে  উপস্থিত থাকে প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকে ধৰি কেইবাগৰাকী কাৰ্যকৰী সদস্য  উল্লেখ্য যে,  ২০২৩ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই তিনিখন ফৌজদাৰী আইনৰ বিধেয়কখনত স্বাক্ষৰ কৰিছিল আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে জনাইছিল, কেতিয়াৰ পৰা এই তিনিখন নতুন আইন দেশত কাৰ্যকৰী হ’ব৷ ভাৰতীয় আইন অনুসৰি সকলোকে ন্যায়পালিকাৰ সমান ব্যৱহাৰ কৰিব লাগে৷ তিনিখন নতুন আইনে দেশত প্ৰতিষ্ঠা কৰিলে নতুন ‘বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে৷