Logo
image

কাজিৰঙাত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ এইপৰ্যন্ত ৭০ টা বন্যপ্ৰাণীৰ মৃত্যু, ৯২টা উদ্ধাৰ

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ৫ জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে বানপানী। এতিয়াও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ বহু এলেকা পানীৰ তলত থকাত বন্যপ্ৰাণীৰ লগতে বন সুৰক্ষা কৰ্মী ভীষণ সমস্যাৰ সন্মুখীন হৈ আছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু সংখ্যক পহু, কেইবাটাও গঁড়, ম'হ, হাতীৰ জাক বানপানীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আৰু খাদ্যৰ সন্ধানত ইতিমধ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিত আশ্ৰয় লৈ আছে। 

আনহাতে বহু বন্যপ্ৰাণীয়ে বন বিভাগে কৃত্ৰিমভাৱে নিৰ্মাণ কৰা হাইলেণ্ডত আশ্ৰয় লৈছে বুলি বনকৰ্মীয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভত মুঠ ২৩৩ টা বন শিবিৰ আছে। ইয়াৰে অধিক সংখ্যক বন শিবিৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছিল যদিও ষষ্ঠ দিনা পানী কিছু হ্ৰাস পোৱাত বৰ্তমান ৬৭ টা বন শিবিৰৰ তলেদি পানী বৈ আছে। ইয়াৰে অগৰাতলি বনাঞ্চলৰ অধীনত ৮ টা, কহঁৰাত ২৭ টা, বাগৰিত ২৪টা, বুঢ়াপাহাৰত ৩টা,  বিশ্বনাথ বন সংমণ্ডলৰ অধীনত ১টা আৰু নগাঁও বন সংমণ্ডলৰ অধীনত ৪ টা বন শিবিৰৰ তলত বৰ্তমান পানী আছে। 



উল্লেখ্য, কাজিৰঙাত প্ৰলয়ংকাৰী বানপানীত মুঠ ৯ টা বন শিবিৰৰ সুৰক্ষা কৰ্মীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল৷ এতিয়ালৈকে ইয়াৰে ৭টা বন শিবিৰ প্লাৱিত হৈ আছে। সঞ্চালকে জানিবলৈ দিয়া মতে, বানপানীত এইপৰ্যন্ত গঁড়, পহুকে ধৰি মুঠ ৯২ টা বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ লগতে মুঠ  ৭০টা বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিছে। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, ইয়াৰ ভিতৰত পানীত ডুবি এটা গঁড়, ২৩ টা পহু আদি বন্যপ্ৰাণী আছে। ইফালে বানপানীৰ পৰা ৰক্ষা পাবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই যেনি-তেনি ঢপলিয়াই যাওঁতে ৰাইজৰ সহযোগত বন বিভাগৰ লোকে প্ৰধানকৈ ৯২ টা বন্যপ্ৰাণী উদ্ধাৰ কৰিছিল। উদ্ধাৰ কৰা কিছু বন্যপ্ৰাণীক প্ৰথামিক চিকিৎসা প্ৰদান কৰি পুনৰ নিৰাপদ স্থানত মুকলি কৰাৰ বিপৰীতে এটা গঁড় পোৱালিকে ধৰি কিছু বন্যপ্ৰাণী কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰত চিকিৎসা কৰি থকা হৈছে। 

ইফালে, উক্ত কেন্দ্ৰত চিকিৎসা কৰি থকা অৱস্থাত এতিয়ালৈকে সাতটা পহুৰ মৃত্যু হৈছে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সৃষ্টি হোৱাত আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথা চিন্তা কৰি প্ৰশাসনে ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ সকলো ধৰণৰ বাণিজ্যিক যান-বাহনৰ চলাচল বন্ধ ঘোষণা কৰিছিল যদিও শনিবাৰৰ পৰা মুকলি কৰি দিয়াৰ এক জাননী জাৰি কৰিছে। উল্লেখ্য, যোৱা ৩০ জুনৰ পৰা উক্ত যান-বাহনৰ চলাচল প্ৰশাসনে বন্ধ কৰি ৰখাত প্ৰধানকৈ নামনি অসমলৈ যোৱা সকলো বাণিজ্যিক বাহন নুমলীগড়ত আৱদ্ধ কৰি ৰখাত আন এক সমস্যাৰ সৃষ্টি হৈছিল। নুমলীগড়ত আৱদ্ধ হৈ থকা বাণিজ্যিক বাহনসমূহ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈকে চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু যান-বাহনসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰোতে তীক্ষ্ণ নজৰ ৰাখিব আৰক্ষী আৰু বন বিভাগৰ লোকে। এই যান-বাহনৰ খুন্দাত কোনো বন্যপ্ৰাণীৰ যাতে অনিষ্ট নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব প্ৰশাসনে। উল্লেখ্য দিনৰ ভাগত বাণিজ্যিক গধুৰ যান-বাহনৰ চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে যদিও নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।