Logo
image

কেন্দ্ৰক বান-খহনীয়াৰ স্থায়ী সমাধানৰ দাবীঃ প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

'আমাৰ অসম'ৰ কলিয়াবৰৰ প্ৰতিবেদক, ৭ জুলাইঃ "অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কেন্দ্ৰীয় চৰকাৰে ল'ব লাগিব৷"- কলিয়াবৰৰ হাতীমূৰাৰ বানে ভঙা মথাউৰিৰ বুজ ল'বলৈ দেওবাৰে হাতীমূৰাত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য‌৷ তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।  



ভট্টাচাৰ্যই লগতে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি কয় যে নিৰ্বাচনৰ সময়ত ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কোৱা বিজেপি চৰকাৰখন বান-গৰাখহনীয়া সমস্যা সমাধানৰ সময়ত কিয় ছিংগল ইঞ্জিনৰ চৰকাৰ হৈ পৰে? তেওঁ লগতে কয় যে কলং বোৱাবৰ বাবে আঁচনি লৈছিল। কলংখন ২৬ কিলোমিটাৰ খন্দাৰ কথা আছিল যদিও খন্দা হ'ল মাত্ৰ ছয় কিলোমিটাৰ। ফলত ৫৬ খন গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ'ল। এয়া অসম চৰকাৰৰ বিভাগীয় মহলৰ চূড়ান্ত গাফিলতিৰ বাবে গাঁৱৰ মানুহখিনি ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰে এই ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত ধৰণৰ সাহায্য আগবঢ়াব লাগিব। অসম চৰকাৰৰ সম্পূৰ্ণ ভুলৰ বাবে ৰাইজৰ এই দশা হ'ল। গতিকে চৰকাৰেখনে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। বানে মথাউৰি ভাঙিলে, চৰকাৰে ইয়াত যুদ্ধকালীন পদক্ষেপ ল'ব লাগিছিল যদিও আজিও তেনে যুদ্ধকালীন তৎপৰতা দেখা পোৱা নগ'ল। 

লগতে ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰি কয় যে ৰাজ্যত বানত এতিয়ালৈকে ৫৩ জনে মৃত্যুবৰণ কৰিলে৷ আৰু কিমান জনৰ মৃত্যু হ'লে প্ৰধানমন্ত্ৰী অসমলৈ আহিব ? তেওঁ আৰু কয় যে এতিয়া অসমলৈ প্ৰধানমন্ত্ৰী আহি ৰাইজৰ দুখৰ খবৰ ল‌ওক আৰু বানপানীৰ বাবে বিশেষ পেকেজ প্ৰদানৰ ব্যৱস্থা কৰক৷ উল্লেখযোগ্য যে হাতীমূৰাৰ খহনীয়া স্থানত উপস্থিত হোৱা সময়ত ড০ ভট্টাচাৰ্যক সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে মানস প্ৰতীম বৰুৱা, প্লাৱন বৰা প্ৰমূখ্যে কৰ্মকৰ্তাসকলে সংগ দিয়ে।