Logo
image

বন্যপ্ৰাণীৰ প্ৰতি দয়া

বিগত এটা সপ্তাহত ৰাজ্যত হোৱা প্ৰলংয়কাৰী বানৰ কবলত পৰি বাসস্থান হেৰুওৱা নাগৰিকে আশ্ৰয় লৈছে আশ্ৰয় শিবিৰত৷ ৰাজ্যৰ চৈধ্যখন জিলাৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভ্ৰমণ কৰিছে বানাক্ৰান্ত অঞ্চল৷ আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তৰ খাদ্য-বস্ত্ৰৰ যোগান ধৰাত ত্ৰুটী কৰা নাই চৰকাৰে৷ দুৰ্যোগ প্ৰশমন বিভাগৰ জোৱানসকলে ৰবৰৰ নাৱত উঠি উদ্ধাৰ কৰিছে বন্যাৰ্তক৷ কিন্তু মানৱৰ বিপৰীতে বানৰ কবলত পৰা বন্যপ্ৰাণীৰ প্ৰতি যেন অসহায় সাধাৰণ নাগৰিক৷

অসমৰ স্বাভিমানৰ প্ৰতীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ লগতে মানাহ, লাওখোৱা, পবিতৰা অভয়াৰণ্যতো চলিছে বানৰ সন্ত্ৰাস৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰাণৰ মমতাত ঢাপলি মেলা বন্যপ্ৰাণীবোৰে আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ওখ স্থানত৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত কোৱা মতে বানৰ কবলত পৰি ইতিমধ্যে গঁড়ৰ পোৱালি আৰু পহুৰ মৃত্যু হৈছে৷ সত্যটো হৈছে সমগ্ৰ কাজিৰঙা আজি পানীৰ তলত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি চলাচল কৰা যানবাহনৰ গতি ৰোধ কৰিবলৈ কষ্ট কৰিব লগাত পৰিছে আৰক্ষী, পৰিবহন আৰু বন বিভাগৰ কম¹৷ বন বিভাগৰ সূত্ৰ মতে তীব্ৰবেগী বাহনৰ খুন্দাত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কেইবাটাও সুগৰি পহুৱে৷ পৰিতাপৰ কথা যে এচাম চালকৰ অসাৱধানতাৰ হেতুকে আজি সুৰক্ষিত নহয় কাজিৰঙাৰ বন্যপ্ৰাণী৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় লোৱা বনৰীয়া জন্তুবোৰৰ প্ৰতি যেন দয়াহীন একাংশ মানৱ৷ কাজিৰঙাৰ যাত্ৰাপথৰ আৰম্ভণিতে বাহনৰ চালকসকলক যদিও অনুৰোধ কৰা হয় বাহনৰ গতি হ্ৰাস কৰিবলৈ, তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই চালকৰ৷ ৰাজপথৰ কাষত আশ্ৰয় লৈ থকা বন্যপ্ৰাণীবোৰক চাবলৈ বাহনৰ পৰা নামি আহি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰা, ছেল্‌ফি লোৱা নাগৰিক সুলভ৷

কিছুদিন পূৰ্বে বানৰ কবলত পৰি নগাঁৱৰ জুৰিয়াত উপস্থিত হোৱা এটা ঢেকীয়াপটীয়া বাঘৰ পিছত দেখা পোৱা গৈছিল হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ৷ নিৰৱচ্চিন্নভাৱে বাঘটোক খেদি ফুৰা ব্যক্তিসকলৰ কাৰণে বাঘটো যেন হৈ পৰিছিল মনোৰঞ্জনৰ এটা উৎস৷ দুৰ্ভাগ্যৰ কথা যে বনৰজাৰ প্ৰতি নাগৰিকে প্ৰদৰ্শন কৰা আচৰণ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল বনবিভাগৰ কৰ্মীসকল৷

বৰপেটাৰ কলগাছিয়াত কেইজনমান যুৱতে নাৱত উঠি আহি নিৰ্মমভাৱে হত্যা কৰিলে এটা পহুৰ পোৱালী৷ বানত উটি অহা পহুৰ পোৱালীটোক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে নাৱৰ ব’ঠাৰে কোবাই কোবাই  হত্যা কৰা দৃশ্যটো ইতিমধ্যে প্ৰচাৰিত হৈছে সামাজিক মাধ্যমত৷ জীৱশ্ৰেষ্ঠ মানৱৰ এনেবোৰ কৰ্মকাণ্ডৰ বিচাৰ কি হ’ব তাৰো নাই একো উত্তৰ৷ বানপানীৰ কবলত পৰি নিজৰ মাতৃৰ সংগ হেৰুওৱা চাৰিটা হাতী পোৱালীক ইতিমধ্যে উদ্ধাৰ কৰিছে  বন বিভাগে৷ বানৰ কোবাল সোঁতত মাতৃৰ কাষৰ পৰা আঁতৰি অহা বন্যপ্ৰাণীবোৰৰ জীৱনত আহি পৰে অনেক আহুকাল৷ প্ৰাকৃতিক পৰিৱেশৰ মাজত মাতৃৰ দ্বাৰা লালিত-পালিত বন্যপ্ৰাণীবোৰক যেতিয়া বানৰ কোবল সোঁতে উটুৱাই নিয়ে, ইয়াৰ সমান দুৰ্ভাগ্যৰ কথা হয়তো একোৱেই নহয়৷ বানৰ কবলত পৰি জনাঞ্চললৈ ঢাপলি মেলা এজনী হাতী আৰু দুটা পোৱালিক লক্ষ্য কৰি বনকৰ্মী এজনে গুলী কৰা এক ঘটনা সংঘটিত হৈছে তেজপুৰত৷ প্ৰাণৰ মমতাত জনাঞ্চললৈ ঢাপলি মেলা বন্যহস্তীক খেদিবলৈ গুলী কৰা কাৰ্যটো কেতিয়াও সমৰ্থনযোগ্য নহয়৷

এনেবোৰ পৰিৱেশ পৰিস্থিতিৰ মাজত আশ্ৰয়স্থলৰ সন্ধানত জনাঞ্চললৈ ঢাপলি মেলা বন্যপ্ৰাণীবোৰৰ প্ৰতি দয়াৰ দৃষ্টি দিয়ক ৰাজ্যৰ নাগৰিকে৷ খাদ্যৰ অভাৱত দুৰ্বল হোৱা বন্যপ্ৰাণীক সুবিধা বুজি হত্যা কৰা, আতংকিত কৰা বা গুলী কৰা পৰম্পৰাবোৰৰ অৱসান কামনা কৰিছো৷ বানপানী শুকোৱাৰ পূৰ্বেই বন্যপ্ৰাণীবোৰ ঘূৰি যাব নিজৰ বাসস্থানলৈ৷ এই প্ৰাণীবোৰৰ বাবে নাই আশ্ৰয় শিবিৰ কিম্বা খাদ্যৰ যোগান৷ আপোনাৰ বাৰীত থকা কলগছ এজোপা খালে জীয়াই থকাৰ শক্তি পায় বন্যপ্ৰাণীবোৰে৷ মৰম, দয়া ইত্যাদিৰ প্ৰয়োজন আজি বন্যপ্ৰাণীৰ স্বাৰ্থত৷