Logo
image

পুৱাই কেঁচা বুট খালে হৃদৰোগৰ আশংকা কমে

কেঁচা বুটৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জ্ঞাত৷ প্ৰতি এশ গ্ৰাম খাদ্যপযোগী বুটত ৬৫ গ্ৰাম কাৰ্বহাইড্ৰেট, ৫ গ্ৰাম ফেটছ, ২০০ মিলিগ্ৰাম কেলছিয়াম, ১৯২ মাইক্ৰ’গ্ৰাম ভিটামিন ‘এ’ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন বি-ৰ আৰু ভিটামিন বি-২ থাকে৷ তদুপৰি বুটত বিভিন্ন খনিজ উপাদান মজুত থাকে৷ বুটক উচ্ছ মাত্ৰাৰ প্ৰ’টিনসমৃদ্ধ খাদ্য বুলি কোৱা হয়৷ সেয়ে বুট সিজাই বা ৰান্ধিও খোৱা হয়৷ কেঁচা বুটৰ সৈতে আদা মিহলাই খালে ই এণ্টিবায়টিকৰ কাম কৰে৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা পোৱা তথ্য মতে কেঁচা বুটে হৃদৰোগৰ আশংকা কমায়৷ 

- অষ্ট্ৰেলিয়াৰ এদল গৱেষকে পোৱা তথ্য মতে যিকোনো খাদ্যৰ সৈতে বুট মিহলাই খালে কলেষ্টেৰ’ল বিশেষকৈ বেয়া কলেষ্টেৰ’লৰ মাত্ৰা কমে৷ বুটত থকা দ্ৰৱণীয় আৰু অদ্ৰৱণীয় উভয় ধৰণৰ আঁহ থাকে৷ ফলত বুটে হৃদৰোগৰ আশংকা কমায়৷ বুটত থকা পটাছিয়াম, ভিটামিন- ‘চি’ আৰু ভিটামিন বি-৬য়ে হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে৷ এক সমীক্ষা মতে যিসকলে দৈনিক ৪০৬৯ মিলিগ্ৰাম কেঁচা বুট খায়, তেওঁলোকৰ হৃদৰোগৰ আশংকা ৪৯ শতাংশই কমি আহে৷ 



- আমেৰিকান মেডিকেল এছ’চিয়েশ্বনৰ জাৰ্নালত প্ৰকাশিত এক গৱেষণা পত্ৰত উল্লেখ কৰা মতে কম বয়সীয়া মহিলাসকলৰ যিসকলে  ফলিক এচিডযুক্ত খাদ্য খাবলগীয়া হয়, তেওঁলোকৰ হাইপাৰ টেনচনৰ প্ৰৱণতা কম হয়৷ বুটত যিহেতু উচ্ছ মাত্ৰাৰ ফলিক এচিড থাকে সেয়ে নিতৌ কেঁচা বুট খালে ৰক্তচাপ নিয়ন্ত্ৰণ হয়৷

- আন এক গৱেষণা মতে যিসকলে দৈনিক আধাকাপ কেঁচা বুট, উৰহী আৰু কেঁচা মটৰ খায়, তেওঁলোকৰ ভৰিৰ ধমনীত তেজৰ চলাচল বৃদ্ধি পায়৷ কেঁচা বুটে হাড় মজবুত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷

- ডায়েবেটিছৰ ক্ষেত্ৰত কেঁচা বুট অতি উপকাৰী৷ ১০০ গ্ৰাম বুটত ১৭ গ্ৰাম প্ৰ’টিন, ৬৪ গ্ৰাম শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু ৫ গ্ৰাম ফেটছ থাকে৷ কেঁচা বুটত শৰ্কৰা বা কাৰ্বহাইড্ৰেটৰ গ্লাইচেমিক মাত্ৰা  যিহেতু কম থাকে, সেয়ে ডায়েবেটিক ৰোগীক কেঁচা বুট খাবলৈ দিয়া হয়৷ 

- কেঁচা বুটত পৰ্যাপ্ত পৰিমাণে ভিটামিন ‘বি’ থাকে৷ ভিটামিন বিয়ে মেৰুদণ্ডৰ বিষ আৰু স্নায়ুৰ দুৰ্বলতা কমায়৷