Logo
image

বান-খহনীয়াৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰক ৩টা দাবী জনাব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাইঃ "কলং বোৱতী হোৱাটো আমি বিচাৰোঁ। কিন্তু বিজ্ঞানসন্মতভাৱে আৰু ভালদৰে অধ্যয়ন নকৰাকৈ কলং নৈ খুলি দিয়াৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া খাল খান্দি ঘঁৰিয়াল চপোৱাৰ দৰে কাম কৰিছে জলসম্পদ বিভাগে।"-এই মন্তব্য নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। 



মঙলবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সাংসদজনে কয় যে ১৯৫০ চনৰ বৰভূঁইকঁপৰ পাছত ব্ৰহ্মপুত্ৰৰ বুকু বাম হোৱাৰ ফলত অসমত বানপানীৰ প্ৰকোপ বৃদ্ধি পাইছে। অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান বিচাৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৩টা দাবী উত্থাপন কৰিব। অসমৰ বান আৰু নদীৰ খহনীয়াৰ বিষয়কেইটা সংবিধানৰ সমৱৰ্তী কাৰ্যসূচীলৈ অনাৰ পোষকতা কৰি বানপানী আৰু গৰাখহনীয়াৰ বিষয়ক সংবিধানৰ সপ্তম সূচীত অন্তৰ্ভুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাব সাংসদজনে। 

দ্বিতীয়তে, নদী উপত্যকাৰ জলসম্পদৰ বহুখলপীয়া ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ অৰুণাচলকো সামৰি বহু চৰ্চিত ব্ৰহ্মপুত্ৰ নদী উপত্যকা প্ৰাধিকৰণ গঠনৰো দাবী জনাব সাংসদ বৰদলৈয়ে। অসমৰ জলসম্পদ বিভাগৰ আয়ত্বাধীন অনুষ্ঠান হিচাপে অসমত এক Riverine Erosion & Embankment Management Authority গঠনৰো দাবী জনাব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।  সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে আৰু কয় যে এই প্ৰাধিকৰণে অসমত চলি থকা বছৰজোৰা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা লোৱাত সহায় কৰিব। এই সংবাদমেলত উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া।