Logo
image

ৰাজ্যৰ ৬৫% লোকেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ জুলাইঃ যি সময়ত ৰাজ্যৰ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে অসমক দেশৰ খন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিব বুলি দিন-ৰাতি একাকাৰ কৰিছে, ঠিক তেনে সময়তে অতি উদ্বেগজনকভাৱে অসমত দৰিদ্ৰতাৰ হাৰ দুগুণলৈ বৃদ্ধি পাইছে৷ শুনিলে আচৰিত যেন লাগিলেও ২০১১ চনৰ লোকপিয়লত প্ৰকাশ পোৱা দৰিদ্ৰতাৰ হাৰ ৩১.৯৮ শতাংশৰ পৰা সম্প্ৰতি অসমৰ দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ হাৰ প্ৰায় ৬৫ শতাংশলৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ ২০২১ চনৰ লোকপিয়লৰ হাৰতকৈ ২০২৪ বৰ্ষত অসমত দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা তথা হাৰ প্ৰায় দুগুণতকৈ অধিক বৃদ্ধি পাইছে৷ অসম তথা অসমীয়াৰ বাবে এই ভয়াৱহ তথ্য খোদ চৰকাৰী নথিতে প্ৰকাশ পাইছে৷ ২০২১ চনৰ পাছত অসম তথা দেশত কোনো লোকপিয়ল হোৱা নাই যদিও নীতি আয়োগৰ শেহতীয়া তথ্য মতে বৰ্তমান অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩ কোটি ৬০ লাখ হ’ব বুলি ধাৰণা কৰা হৈছে৷ কিন্তু, অসমৰ এই ৩.৬০ কোটি জনসংখ্যাৰ বিপৰীতে এতিয়া প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ২,৩১,৪৯,৩৪১জন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিয়ে বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হৈছে৷ 



ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ৬৬,২৬,৪২১টা দুখীয়া পৰিয়ালৰ সৰ্বমুঠ ২.৩১ কোটি লোকক অন্ত্যোদয়া অন্ন যোজনা আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰী হিচাপে চিনাক্ত কৰিছে৷ এক কথাত ৰাজ্য চৰকাৰেই এই ২.৩১ কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি হিচাপে চিনাক্ত কৰিছে৷ যদিহে চৰকাৰে চিনাক্ত কৰা ২.৩১ কোটি লোক দাৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি হয়, তেনেহ’লে নি(য়কৈ অসমৰ মুঠ বৰ্তমানৰ জনসংখ্যাৰ ৬৫ শতাংশই দাৰিদ্ৰতাৰ শাৰীলৈ গতি কৰিছে৷ অৰ্থাৎ ২০১১ চনৰ লোকপিয়ল মতে অসমত ৰ কোটি ২৭ লাখ লোক দাৰিদ্ৰ সীমাৰেখাৰ তলত থকাৰ বিপৰীতে সম্প্ৰতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা ২ কোটি ৩১ লাখ বুলি চৰকাৰীভাৱে স্বীকৃতি দিয়া হৈছে৷ সেই অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ বৰ্তমান প্ৰায় ১ কোটি ৩০ লাখ লোকহে মধ্যবিত্ত তথা ধনী শ্ৰেণীত তালিকাভুক্ত হৈছে৷ 

কিন্তু ইয়াৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনে অসমক দৰিদ্ৰমুক্ত কৰি বহুদূৰ আগবঢ়াই নিয়াৰ দাবী কৰি ঢাক-ঢোল বজাই আহিছে৷ লক্ষণীয় বিষয়টো হৈছে যে অসম চৰকাৰে ৰাজ্যৰ ২.৩১ কোটি লোকক দৰিদ্ৰ হিচাপে স্বীকৃতি দিয়া কাৰ্যই নীতি আয়োগৰ সমীক্ষাকো ভুল হিচাপে প্ৰমাণ কৰিছে৷ কিয়নো চলিত বৰ্ষৰ আৰম্ভণিতে নীতি আয়োগে প্ৰকাশ কৰা এক প্ৰতিবেদনত অসমৰ দৰিদ্ৰতাৰ হাৰ বিগত ৯ বছৰত ১১.২৮ শতাংশলৈ হ্ৰাস পোৱা বুলি দাবী কৰিছিল৷ নীতি আয়োগৰ প্ৰতিবেদনত কোৱা হৈছিল যে ২০১৩-১৪ বিত্তীয় বৰ্ষত অসম দৰিদ্ৰতাৰ হাৰ ২৯.১৭ শতাংশ আছিল যদিও ২০২২-২৩ বৰ্ষত ইয়াৰ হাৰ ১১.২৮ শতাংশলৈ হ্ৰাস পাইছে৷ এই জ্ঝটা বছৰৰ ব্যৱধানত দৰিদ্ৰতাৰ পৰা ১৭.৮৯ শতাংশ লোকে মুক্তি পোৱা বুলিও দাবী কৰিছিল৷ কিন্তু বাস্তৱত অসমৰ ৬৫ শতাংশ লোকে আজিৰ দিনটোত চৰকাৰী বিনামূলীয়া চাউলৰ বাবে চৰকাৰৰ ওচৰত হাত পাতিবলগীয়া হৈছে৷ যদিহে অসম চৰকাৰৰ মতে বিনামূলীয়া চাউল লাভ কৰা ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৬৫ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক নহয়, তেনেহ’লে অন্ন সুৰক্ষা যোজনাৰ অধীনত ভুৱা হিতাধিকাৰীক ৰাজকোষৰ ধনেৰে বিনামূলীয়া চাউল যোগান ধৰি আহিছে নেকি, সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে? এই ৰহস্য অৱশ্যে কোনে ভেদ কৰিব এইমুহূৰ্তত ই হৈ পৰিছে লাখটকীয়া প্ৰশ্ন৷