Logo
image

কলকাতালৈ আহি আছে ফুটবলৰ যাদুকৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ জুলাইঃ বিশ্বকাপ হাতত তুলি লৈছে দুবছৰৰ পূৰ্বে৷ সম্প্ৰতি ব্যস্ত দলক কোপা-আমেৰিকা ফুটবলৰ ফাইনেলত উপনীত কৰাত৷ কোৱাৰ্টাৰ ফাইনেলত ইকুৱেডৰৰ বিৰুদ্ধে পেনািল্টী শ্বুট-আউটৰ প্ৰথমটো শ্বটতে ব্যৰ্থ হৈছিল তেওঁ৷  তথাপি আজি নিশা (ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা) কানাডাৰ বিৰুদ্ধে কোপা-আমেৰিকাৰ ছেমি ফাইনেলত লিঅ’নেল মেছিয়েই বিশ্বচেম্পিয়ন আৰ্জেণ্টিনা দলৰ মধ্যমণি৷ মেছি নয়নৰ মণি ভাৰতবাসীৰো, বিশেষকৈ কলকাতাৰ ফুটবল পিপাসুৰ৷ ভাৰতীয় ফুটবল অনুৰাগীৰ নয়নৰ মণি, ফুটবলৰ যাদুকৰ মেছি পুনৰ আহিব কলকাতালৈ৷ তেতিয়ালৈ হয়তো তেওঁৰ শিৰত জিলিকিব উপৰ্যুপৰি দ্বিতীয়টো কোপা-আমেৰিকাৰ খিতাপ৷ স্বপ্নৰ বিশ্বকাপৰ বিশ্ববিজয়ীতো হৈয়েই থাকিব ২০২৬লৈ৷



২০২৫১ আৰম্ভণিতে পুনৰ ভাৰতীয় ফুটবলৰ মক্কালৈ আহিব মেছি৷ ৰাজ্যখনৰ ক্ৰীড়া উদ্যোক্তা শতদ্ৰু দত্তই এই খবৰ জনাইছে আৰু মেছিয়ে কলকাতাৰ আমন্ত্ৰণত সন্মতি জ্ঞাপন কৰা বুলিও প্ৰকাশ কৰিছে৷ এতিয়া নিৰ্দিষ্ট দিন চূড়ান্ত কৰা বাকী৷ উল্লেখ্য, ২০১১ চনত কলকাতালৈ আহিছিল মেছি৷ ৭৫,০০০ দৰ্শকৰ সন্মুখত ভেনেজুৱেলাৰ বিৰুদ্ধে ছল্টলেকত এখন মেচো খেলিছিল তেওঁ৷ এইবাৰ অৱশ্যে মেছিৰ কলকাতাৰ সূচী থিৰাং হোৱা নাই৷ তথাপি দেশ-বিদেশৰ (বিশেষকৈ বাংলাদেশৰ) ফুটবল অনুৰাগীৰে এইবাৰো মেছি দৰ্শনৰ বাবে কলকাতা ভৰি পৰাটো নিশ্চিত৷