Logo
image

গ্ৰাহকসকল প্ৰকৃততে কিমান সচেতন

১৯৬২ চনৰ ১৫ মাৰ্চত সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে মাৰ্কিন কংগ্ৰেছত দিয়া এটা ভাষণত গ্ৰাহকৰ অধিকাৰৰ বিষয়টো উত্থাপন কৰিছিল৷ আনুষ্ঠানিকভাৱে এই বিষয়টো সমৰ্থন কৰা কেনেডীয়েই হয়তো প্ৰথমজন বিশ্বনেতা আছিল৷ গ্ৰাহকৰ অধিকাৰ সম্পৰ্কীয় বিভিন্ন বিষয় সন্দৰ্ভত জনসজাগতা বৃদ্ধি কৰাৰ বাবে ১৯৮৩ চনৰ পৰা ১৫ মাৰ্চৰ দিনটো বিশ্বজুৰি গ্ৰাহক অধিকাৰদিৱস হিচাপে পালন কৰি অহা হৈছে৷ আন দেশৰ লগতে ভাৰততো সোমবাৰে গ্ৰাহক অধিকাৰ দিৱস উদ্‌যাপন কৰা হয়৷ ২০২১ বৰ্ষৰ গ্ৰাহক অধিকাৰ দিৱসৰ মূলমন্ত্ৰ আছিল প্লাষ্টিক বৰ্জৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰা৷ ‘কনজিউমাৰ প্ৰটেকশ্বন এক্ট’ [গ্ৰাহক সুৰক্ষা আইন] অনুসৰি প্ৰতিজন গ্ৰাহকৰ কেতবোৰ অধিকাৰ আছে৷ হয়তো বহু লোক এই বিষয়টো সন্দৰ্ভত অজ্ঞাত৷ বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰাৰ উদ্দেশ্যটো হৈছে– গ্ৰাহকসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সচেতন কৰা৷ আমি যেতিয়া কোনো সামগ্ৰী ক্ৰয় কৰাৰ বাবে বজাৰলৈ যাওঁ, সেই সামগ্ৰীৰ গুণগত মান, সঠিক মূল্য, ওজন আদি পৰীক্ষা কৰি চোৱাটো আমাৰ দায়িত্ব৷ যদি ক্ৰয় কৰিবলগীয়া সামগ্ৰীৰ মান, ওজন আৰু মূল্যৰ ক্ষেত্ৰত বিসংগতি দেখা যায়, তেন্তে তাৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগক আনুষ্ঠানিকভাৱে জনোৱাৰ প্ৰতিজন গ্ৰাহকৰে অধিকাৰ আছে৷ দেখা যায় বহু গ্ৰাহক এই বিষয়বোৰৰ প্ৰতি বৰ আগ্ৰহী নহয় আৰু তাৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে  বজাৰত ভেজাল সামগ্ৰী বিক্ৰী কৰা, মূল্যবৃদ্ধি কৰি মুনাফা আদায় কৰে৷ স্বাস্থ্যৰ বাবে হানিকাৰক ৰাসায়নিক পদাৰ্থৰে পকোৱা ফল বজাৰত বিক্ৰী কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ যোগেদি প্ৰায়েই শুনিবলৈ পোৱা যায়৷ এনেধৰণৰ কৃত্ৰিম উপায়েৰে পকোৱা ফল-মূল খোৱাৰ ফলত মানৱ শৰীৰত বিভিন্ন বেমাৰ-আজাৰে দেখা দিয়াৰ আশংকা থাকে৷ চিকিৎসকসকলৰ মতে, কেলচিয়াম কাৰ্বাইড যকৃতৰ লগতে আন বিভিন্ন ৰোগৰ কাৰণ হ’ব পাৰে৷ কেৱল ফল-মূলেই নহয়, গাখীৰৰ লগতে শাক-পাচলি আদিতো স্বাস্থ্যৰ হানিকাৰক দ্ৰব্য ব্যৱহাৰ কৰা হয়৷ এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে মাত মতাটো প্ৰতিজন গ্ৰাহকৰ অধিকাৰ আছে৷ গ্ৰাহকে যদি এই অধিকাৰ সাব্যস্ত নকৰে, তেন্তে অসাধু ব্যৱসায়ীসকল নিৰ্বিঘ্নে ভেজালকৰণৰ দৰে গুৰুতৰ অপৰাধত লিপ্ত থাকিব আৰু তাৰ ফল ভোগ কৰিব লাগিব সাধাৰণ গ্ৰাহকে৷ 

গ্ৰাহকৰ অধিকাৰ আৰু কৰ্তব্য সন্দৰ্ভত সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ‘জাগো গ্ৰাহক জাগো’ শীৰ্ষক এক দৃশ্য শ্ৰব্য প্ৰচাৰ কাৰ্যসূচীও আছে৷ চৰকাৰৰ প্ৰচাৰ বিভাগে গ্ৰাহকক সজাগ কৰাৰ বাবে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছে৷ কিন্তু প্ৰশ্ন হয়, চৰকাৰৰ এই পদক্ষেপৰ পাছতো অসাধু ব্যৱসায়ীৰ কৰ্ম-কাণ্ডৰ প্ৰতিবাদ কৰা খুব কমসংখ্যকহে গ্ৰাহক দেখা যায়৷ বজাৰত বস্তু ক্ৰয় কৰাৰ সময়ত কেতবোৰ দিশত গুৰুত্ব দিয়াটো গ্ৰাহকৰ দায়িত্ব৷ উদাহৰণস্বৰূপে, পেকেটত থকা খাদ্যবস্তু ক্ৰয় কৰাৰ সময়ত পেকেটত থকা সামগ্ৰী সঠিক মাপত ৰখা হৈছে নে নাই,  প্ৰকৃত মূল্য, পেকেট কৰাৰ দিন আদি উল্লেখ থকাৰ বিষয়টো নিশ্চিত কৰাটো গ্ৰাহক এজনৰ দায়িত্ব৷  নিত্যব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সেই সামগ্ৰীৰ গুণগত মান সন্দৰ্ভত নিশ্চিত হ’ব লাগে৷ সামগ্ৰীত ‘আই এছ আই’, ‘এগমাৰ্ক’ আদিৰ চিন পৰীক্ষা কৰিহে গ্ৰাহকে সেই সামগ্ৰী ক্ৰয় কৰা উচিত৷ ঔষধ আদি ক্ৰয় কৰাৰ সময়ত প্ৰস্তুতকৰ্তাৰ নাম-ঠিকনা, ম্যাদ উকলাৰ দিন আদি চাই লোৱাটো প্ৰতিজন গ্ৰাহকৰ দায়িত্ব৷ শ্বপিং মলবোৰত ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে বিল-ৰচিদত বিসংগতিৰ অভিযোগো প্ৰায়েই শুনা যায়৷ এনে বিসংগতি দেখিলে গ্ৰাহকে সংশ্লিষ্ট বিভাগত তাৰ অভিযোগ দাখিল কৰা উচিত৷ সামগ্ৰী ক্ৰয় কৰোঁতে অথবা আন কোনো ক্ষেত্ৰত গ্ৰাহৰ প্ৰৱঞ্চনাৰ সন্মুখীন হ’লে গ্ৰাহকে আদালতত গোচৰ দিয়াৰ অধিকাৰ আছে৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা ব্যৱস্থাবোৰৰ বিষয়ে আমি বহুতেই নাজানো৷ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে গ্ৰাহকে অতি সহজে গ্ৰাহক আদালতৰ সহায় ল’ব পাৰে৷ অসাধু ব্যৱসায়ীৰ ঠগবাজিৰ পৰা হাত সাৰিবলৈ হ’লে গ্ৰাহকে উল্লিখিত বিষয়বোৰত গুৰুত্ব দিব লাগিব৷ তেতিয়াহে গ্ৰাহক অধিকাৰ দিৱস আদি পালন কৰি ফসপ্ৰসূ হোৱা বুলি ক’ব পৰা যাব৷