Logo
image

বানৰ পাছত জাপানীজ এনকেফেলাইটিছৰ সংহাৰঃ শিৱসাগৰত ৩ জনৰ মৃত্যু

'আমাৰ অসম'ৰ শিৱসাগৰৰ প্ৰতিবেদক, ১০ জুলাইঃ বিগত এটা মাহ ধৰি সমগ্ৰ শিৱসাগৰ জিলাত বানপানীয়ে কালৰূপ ধাৰণ কৰাৰ লগতে জিলাখনৰ কেইবা সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হয়। শিৱসাগৰৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত। বৰ্তমানেও শিৱসাগৰৰ নদীপৰীয়া বহু অঞ্চলৰ সহস্ৰাধিক ৰাইজ গৃহহাৰা হৈ নদীৰ পাৰৰ মথাউৰিত আশ্ৰয় লৈ আছে। বানৰ প্ৰকোপ শাম কটাৰ পাছত জিলাখনত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা দেখা গৈছে।

গ্ৰাম্য অঞ্চলৰ বিভিন্ন জনৰ দেহত বসন্ত, চৰ্দী, কাহ, ছালৰ ৰোগৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগ। বানৰ পাছত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈছে স্বাস্থ্য বিভাগ৷



শিৱসাগৰ জিলা মেলেৰিয়া বিষয়া স্বাগতা দত্তই কয় যে বানপানীৰ সমানেই বিশেষকৈ গ্ৰাম্য অঞ্চলত ডায়েৰিয়াকে ধৰি বিভিন্ন ৰোগ আৰম্ভ হৈছে। কিন্তু বানপানীৰ পূৰ্বৰে পৰা সমগ্ৰ জিলাখনত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগ। শিৱসাগৰ জিলাত এনকেফালাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত হৈছে। ইয়াৰে ১৪ জন জাপানীজ এনকেফেলাটিছ ৰোগত আক্ৰান্ত হৈছে বুলি চিনাক্ত কৰা হৈছে। জাপানীজ এনকেফেলাটিছ আক্ৰান্ত হৈ মৃত্যু হৈছে ৩ জন লোক। 

বিগত দুটা সপ্তাহত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল। চলিত সপ্তাহত কিছু হ্ৰাস পাইছে।জাপানীজ এনকেফেলাইটিছ ৰোগে যাতে জিলাখনত অধিক সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে আঠুৱা ঔষধিকৰণকে ধৰি বিভিন্ন ৰোগ প্ৰতিৰোধ ব্যৱস্থা মেলেৰিয়া বিভাগে গ্ৰহণ কৰিছে। এনকেফালাটিছ ৰোগ চিনাক্ত হোৱা ৰোগীৰ বাসস্থানৰ আশে-পাশে স্প্ৰে কৰাৰ ব্যৱস্থা কৰিছে শিৱসাগৰ স্বাস্থ্য বিভাগে।

বানৰ পাছত পানী জমা হৈ থকা স্থানত মহৰ বংশ বৃদ্ধি হ্ৰাস কৰিবলৈ স্প্ৰে কৰোৱা হৈছে। বিভিন্ন স্থানত আঠুৱা ঔষধিকৰণ কৰি জাপানীজ এনকেফেলাটিছ আদি ৰোগৰ পৰা ৰক্ষা কৰা চেষ্টা অব্যাহত ৰাখিছে। হেল্থ এডুকেটৰসকলে বানপীড়িতক কি ধৰণেৰে বিভিন্ন ৰোগৰ পৰা নিজক ৰক্ষা কৰিব পাৰি তাৰ বাবেও সজাগ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে। জাপানীজ এনকেফেলাইটিছৰ পৰা হাত সাৰিবলৈ বিশেষকৈ বানাক্ৰান্ত  ৰাইজক গৰম পানী সেৱন কৰিবলৈ শিৱসাগৰ জিলা মেলেৰিয়া বিষয়াই আহ্বান জনাইছে।