Logo
image

গামোচাত স্বাক্ষৰ কৰি লাভলীনালৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১৩ জুলাই : ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগা পেৰিছ অলিম্পিকত একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশ ল’ব মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰা লাভলিনাক শুভেচ্ছা জনোৱাৰ বাবে অসম বক্সিং সন্থাই অভিনৱ পদক্ষেপ হাতত লৈছে৷ সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি লাভলীনাক শুভেচ্ছা জনোৱাৰ বাবে এখন বিশেষ গামোচাত ৰাজ্যৰ প্ৰবীণ-নবীন খেলুৱৈ-সংগঠক তথা বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছামুলক স্বাক্ষৰ কৰিব আৰু এই গামোচাখন অসমকন্যাক পেৰিছৰ ভূমিত কলিতাই নিজহাতে অৰ্পণো কৰিব৷ ইতিমধ্যে কালি দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচাখনত প্ৰথমটো স্বাক্ষৰ কৰি অভিযানৰ আৰম্ভণি কৰিছে৷ শীঘ্ৰেই নেহৰু ষ্টেডিয়ামত অসম বক্সিং সন্থাই স্বাক্ষৰ অভিযান আৰম্ভ কৰিব৷ ইফালে, কালি মুখ্যমন্ত্ৰীয়ে সম্প্ৰতি জাৰ্মানীত অনুশীলন কৰি থকা লাভলিনাৰ লগত ভিডিঅ’ কলযোগে প্ৰস্তুতিৰ বুজ লয় তথা শুভেচ্ছাও জ্ঞাপন কৰে৷ উল্লেখ্য, যে বক্সিঙৰ জৰিয়তেই অলিম্পিকৰ মঞ্চত ধাৰাবহিকৰূপত অসমৰ গৌৰৱৰ স্থিতি বৰ্তি আছে৷ ২০১২ৰ লণ্ডন আৰু ২০১৬ৰ ৰিঅ’ অলিম্পিকত অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই দেশক প্ৰতিনিধিত্ব কৰাৰ পাছত ২০২০ৰ টকিঅ’ অলিম্পিকত অসমৰ প্ৰথম মহিলা হিচাপে লাভলিনাই অংশ লৈছিল তথা অভিষেকতে পদক জয় কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৌৰৱময় সফলতা ৰাজ্যবাসীক দিছিল৷ অসমৰ প্ৰথম ক্ৰীড়াবিদৰূপে সন্মানীয় খেলৰত্ন লাভ কৰা লাভলিনা পেৰিছ অলিম্পিকতো দেশৰ অন্যতম পদকপ্ৰত্যাশী এথলীট৷ ক্ৰমাগত চাৰিখন অলিম্পিকলৈ অসমৰ বক্সাৰ প্ৰেৰণ কৰি স্বাভাৱিকতে উৎফুল্ল ভাৰতীয় বক্সিং ফেডাৰেছনৰো সচিবপ্ৰধানৰ দয়িত্বত থকা হেমন্ত কুমাৰ কলিতাই লগতে আশা ব্যক্ত কৰে যে এইবাৰ পেৰিছত লাভলিনাৰ লগতে ভাৰতৰ অন্য বক্সাৰেও পদক জয় কৰিব৷ স্মৰ্তব্য যে আসন্ন অলিম্পিকত লাভলিনাৰ লগতে ছগৰাকী ভাৰতীয় বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিব৷ বিশ্ব চেম্পিয়নশ্বিপত সোণ লাভ কৰা নিখাত জাৰিন, প্ৰীতি, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংগল তথা জেচমিন আৰু নিশান্ত দেবে পেৰিছৰ বক্সিং ৰিঙত নামিব৷ ইতিমধ্যে ২০০৮ত বীজেন্দৰ সিং, ২০১২ত এম চি মেৰীকম আৰু ২০২০ত লাভলিনাৰ জৰিয়তে ভাৰতীয় বক্সাৰে দেশক তিনিখন অলিম্পিক পদক দিবলৈ সক্ষম হৈছে৷ কালি মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ অনুষ্ঠানত সম্পাদক কলিতাৰ লগতে উপস্থিত থাকে অসম অলিম্পিকৰ দুই জ্যেষ্ঠ সদস্য কল্যাণ গগৈ, বাণীব্ৰত দাস আৰু অসম বক্সিঙৰ যুটীয়া সম্পাদক অশোক বৰুৱা৷