Logo
image

বানৰ পাছত জাপানীজ এনকেফেলাইটিছৰ সংহাৰঃ নগাঁৱত এজন আক্ৰান্ত

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ বানৰ পাছত নগাঁও জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে। জিলাখনৰ কলিয়াবৰৰ সোণাৰী গাঁৱত এজন লোক জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। লোকজনৰ নাম সুজিত কুমাৰ চাংমাই বুলি জানিব পৰা গৈছে। 



শনিবাৰে নগাঁৱৰ চিকিৎসা বিভাগৰ এটা দল গাঁওখনত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। এই ৰোগৰ সংক্ৰমণ যাতে বৃদ্ধি নহয় তাৰ বাবে স্বাস্থ্য বিভাগে পদক্ষেপ গ্ৰহণ কৰে। ইপিনে কেইদিনমানৰ আগতে এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ গণেশ মুণ্ডা নামৰ এটি ৫ বছৰীয়া শিশুৰ মৃত্যু হয়।