Logo
image

উক্তি-বক্ৰোক্তি

* অনেক চক্ৰান্ত হৈছিল৷ এটা দিশে এজেঞ্চী আৰু আনটো দিশে বিজেপি৷ কিন্তু জনগণে সকলো অনৈতিক প্ৰচেষ্টা বন্ধ কৰি দিছে৷ আমাৰ সামাজিক দায়বদ্ধতা বাঢ়ি গ’ল৷ আমি আৰু বেছিকৈ মানুহৰ কাষত থাকিব লাগিব৷ এই জয় 

২১ জুলাইৰ শ্বহীদৰ নামত উৎসৰ্গা কৰা হ’ব৷ 

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী


* দিল্লীৰ পৰা এটা পইচাও অসমৰ উন্নতিৰ বাবে আনিব নোৱৰা চৰকাৰে অসমত ওলোৱা সকলো প্ৰকাৰৰ চাকৰি, আনকি স্কুল-কলেজৰ শিক্ষকৰ পদতো হিন্দীভাষী মানুহ আনি ভৰাই দিয়াৰ ব্যৱস্থা কৰিছে৷ 

–বিশিষ্ট বুদ্ধিজীৱী ড॰ নগেন শইকীয়া

* মই ফাইনেল মেচৰ আগদিনাৰ ৰাতি ভালদৰে শুবলৈ বিচাৰোঁ৷ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বেও মই ভালদৰে টোপনিয়াইছিলোঁ৷ যিকেইখন মেচৰ পূৰ্বে মোৰ নিদ্ৰা ভাল হয়, সেইকেইখন মেচত দলৰ ফলাফলো ভালেই হোৱা দেখিছোঁ৷ এইবাৰো মই কোপা আমেৰিকাৰ ফাইনেলৰ পূৰ্বে ভালকৈ শুবলৈ বিচাৰোঁ৷ 

– আৰ্জেণ্টিনা ফুটবল দলৰ অধিনায়ক লিঅ’নেল মেছি


* বেকাৰত্বৰ অসুখে এতিয়া ভাৰতত মহামাৰীৰ ৰূপ লৈছে৷ বিজেপিশাসিত ৰাজ্যত কৰ্মসংস্থাপনহীনতাই সকলোতকৈ ডাঙৰ সমস্যা হিচাপে থিয় দিছে৷ এটা সাধাৰণ চাকৰিৰ বাবে শাৰীত থিয় হৈ কিমানজন আঘাতপ্ৰাপ্ত হ’ল  সেয়া সকলোৱে গুজৰাটৰ ঘটনাত দেখিবলৈ পাইছে৷ সেয়াই মোদী-অমিত শ্বাহৰ গুজৰাট মডেল নেকি বুলি দেশৰ জনগণে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে৷ 

–- কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী


* বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ দলত কোনো নাথাকে৷ সকলো বিজেপিলৈ আহিব৷ এনেয়েও ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে৷ সেয়ে দলৰ পৰা দুই-এজন যোৱাটোত মই চিন্তা কৰা নাই৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


* ২৫ জুনত সংবিধান হত্যা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ এসময়ৰ কংগ্ৰেছ চৰকাৰে সেই দিনটোত জৰুৰী অৱস্থা ঘোষণা কৰি কিদৰে দেশৰ সংবিধান উলংঘা কৰিছিল তাকে দেশবাসীক মনত পেলাই দিয়াৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছে৷ জৰুৰী অৱস্থা ভাৰতৰ বাবে অন্ধকাৰ দিন আছিল৷

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


* ইমান কুৎসা ৰটনা কৰিবলৈ নাপায়৷ কোনো ব্যক্তিক এনেদৰে অশালীনভাৱে আক্ৰমণ কৰা অনুচিত৷ আনক বেয়া ভাষাৰে আক্ৰমণ কৰাটো নিজৰ শক্তিৰ পৰিচয় নহয়৷ বৰং সেয়া নিজৰ দুৰ্বলতাৰহে পৰিচায়ক৷ স্মৃতি ইৰাণীক এনেদৰে আক্ৰমণ কৰাটো উচিত হোৱা নাই৷ 

– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী


* সকলোৱেই দলৰ খেলুৱৈসকলক সোধে– ক্লাবৰ হৈ খেলাতকৈ দেশৰ হৈ খেলোঁতে অধিক চাপৰ সন্মুখীন হয় নেকি? সেইটো এটা স্বাভাৱিক প্ৰশ্ন৷ তাৰ উত্তৰত মই কওঁ, দেশৰ ৬০ নিযুত নাগৰিকৰ আশা-আকাংক্ষা আৰু সপোন মনত লৈ খেলিবলৈ হ’লে দলৰ ফুটবলাৰসকল চাপৰ সন্মুখীন হয়৷ ইয়াৰ বিপৰীতে ক্লাবৰ সমৰ্থকৰ সংখ্যা কম হয়৷ ইউৰো কাপৰ ফাইনেলৰ পূৰ্বে স্বাভাৱিকতে দলৰ ফুটবলাৰ চাপত আছে৷ 

– ইংলেণ্ড ফুটবল দলৰ প্ৰশিক্ষক ছাউথগেট