Logo
image

বিজেপিৰ ছন্দপতন, ইণ্ডিয়াৰ উত্থান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ জুলাই : ১০ জুলাইত দেশৰ জ্জখন ৰাজ্যত হোৱা বিধানসভাৰ উপ-নিৰ্বাচনক বিজেপি নেতৃত্বাধীন এন ডিএ আৰু কংগ্ৰেছ নেতৃত্বাধীন ‘ইণ্ডিয়া’ৰ ‘ৰাউণ্ড-২’ বুলি অভিহিত কৰা হৈছিল৷ লোকসভাৰ নিৰ্বাচনত কোনোমতে কেন্দ্ৰত মৰ্চা গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি নেতৃত্বাধীন এনডিএ ‘ৰাউণ্ড-২’ত ‘ইণ্ডিয়া জোঁটৰ হাতত পোনপটীয়াকৈ পৰাজিত হৈছে৷ ১৩খন আসনৰ ১০খনেই ‘ইণ্ডিয়া’ জোঁটে দখল কৰি এই ‘ৰাউণ্ড-২’ৰ পৰাই বিজেপিৰ পতনৰ ইংগিত স্পষ্ট কৰি তুলিছে৷ কিয়নো ১৩খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে মাথোঁ ২খন আসন৷ পশ্চিমবংগত বিজেপিৰ দুৰ্দশা অধিক ৰূপত স্পষ্ট হ’ল পূৰ্বে নিজৰ হাতত থকা তিনিটা সমষ্টি উপ-নিৰ্বাচনত হেৰুৱাই৷ ২০২১ চনৰ নিৰ্বাচনত ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ আৰু বাগদাত বিজয়ী হৈছিল বিজেপি৷ শনিবাৰে এই তিনিটা সমষ্টি হেৰুৱাই পশ্চিমবংগৰ বিধানসভাত শক্তি হ্ৰাস হ’ল গেৰুৱা দলটোৰ৷ আনহাতে, সামগ্ৰিকভাৱে চ্ছ্ৰখন আসন দখল কৰি শক্তি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ৷ ইপিনে বিহাৰত শাসনাধিষ্ঠিত জেদি [ইউ]-বিজেপিৰ উপৰি বিৰোধী আৰজেডি-কংগ্ৰেছক চিন্তাত ৰাখি ৰূপাউলি আসনৰ উপ-নিৰ্বাচনত বিজয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী৷ ৰূপাউলি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙে জে ডি [ইউ] প্ৰাৰ্থী কলাধৰ প্ৰসাদ মণ্ডলক জ্জ্ব,২৪৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ 

হিমাচল প্ৰদেশৰ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে দুটা সমষ্টিত আৰু বিজেপিয়ে এটা সমষ্টিত জয়লাভ কৰে৷ ডেহৰা সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ পত্নী কমলেশ ঠাকুৰে বিজেপিৰ প্ৰাৰ্থী হেছিয়াৰ সিঙক ৯,৩৯৯টা ভোটত পৰাজিত কৰে৷ লালগড় সমষ্টিত কংগ্ৰেছৰ হৰদ্বীপ সিং বাবাই পৰাজিত কৰে বিজেপিৰ কে এল ঠাকুৰক ৮,৯৯০ ভোটত৷ উত্তৰাখণ্ডৰ দুয়োটা সমষ্টিতে জয়লাভ কৰে কংগ্ৰেছে৷ কংগ্ৰেছৰ লাখপত সিং বুটলাই বদ্ৰীনাথত বিজেপিৰ ৰাজেন্দ্ৰ সিং ভাণ্ডাৰীক ৫,২২৪ ভোটৰ ব্যবধানত আৰু মংগলৌৰত কংগ্ৰেছৰ কাজি মহম্মদ নিজামুদ্দিনে বিজেপিৰ কাৰ্টাৰ সিং ভাদানক ৪২২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ 

পশ্চিম বংগত তৃণমূল কংগ্ৰেছে একাধিপত্য অটুত ৰাখি বিজেপিৰ হাতৰ পৰা তিনিটা সমষ্টি কাঢ়ি অনাৰ লগতে চাৰিওটা সমষ্টিতে জয়লাভ কৰিছে৷ ৰায়গঞ্জত কৃষ্ণ কল্যাণীয়ে, ৰানাঘাট দক্ষিণত মুকুটমণি অধিকাৰীয়ে, বাগদাত মধুপৰ্ণা ঠাকুৰে আৰু মাণিকতলাত সুপ্তি পাণ্ডেই জয়লাভ কৰে৷ বাগদাৰ মধুপৰ্ণাৰ বয়স মাথোঁ ২৫ বছৰ আৰু তেওঁ ৰাজ্য বিধানসভাৰ সৰ্বকনিষ্ঠ বিধায়কত পৰিগণিত হৈছে৷ মধুপৰ্ণা মতুৱা জনগোষ্ঠীৰ ৰাজ্যসভাৰ সাংসদ মমতাবালা ঠাকুৰৰ কন্যা৷ 

বিজেপিয়ে হিমাচল প্ৰদেশৰ হামিৰপুৰ আসন লাভ কৰাৰ উপৰি মধ্যপ্ৰদেশৰ অমৰাৱাৰা আসনত জয়লাভ কৰিয়েই ক্ষান্ত থাকে৷ অমৰৱাৰাত বিজেপিৰ কমলেশ প্ৰতাপ শ্বাহে কংগ্ৰেছৰ ধীৰেন শ্বাহক ৩,০২৭ ভোটত আৰু হিমাচল প্ৰদেশৰ হামিৰপুৰত বিজেপিৰ আশিস শৰ্মাই কংগ্ৰেছৰ পুষ্পিন্দৰ সিঙক ১,৫৭১ ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ 

আনহাতে আম আদমি পাৰ্টীৰ মহিন্দৰ ভগতে পঞ্জাবৰ জলন্ধৰ পশ্চিম সমষ্টিত বিজেপিৰ শীতল অংগুৰালক ৩৭,৩২৫ ভোটৰ ব্যৱধানত আৰু তামিলনাডুৰ ৱিক্ৰাবন্দি সমষ্টিত ডি এম কেৰ আনিউৰ শিবই বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰে৷