Logo
image

অসমীয়াৰ সংকট

নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই অসমলৈ প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰ আগমন ঘটিছে৷ সহজ-সৰল অসমীয়া ভোটাৰক বিপদৰ সময়ত এবাৰো খবৰ ল’বলৈ সময় নোপোৱা এন ডি এ চৰকাৰৰ ৰথী-মহাৰথীসকলে নিৰ্বাচন অহাৰ লগে লগে নানা আভুৱা-ভাঁৰা কথা, প্ৰতিশ্ৰুতিৰে মন ভুলাবলৈ চেষ্টা কৰিছে৷ ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে ২০১৬ চনৰ ১৬ মে’ৰ পাছত অনুপ্ৰৱেশকাৰীয়ে টালি-টোপোলা লৈ অসম এৰি যাব লাগিব৷ ৰাইজে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰক– বিগত পাঁচটা বছৰত কিমানজন অবৈধ বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিলে৷ বিগত পাঁচ বছৰে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে কাঁটাতাঁৰেৰে বেৰ দিব পাৰিলেনে? বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰিলেনে? অসমৰ জনসাধাৰণক যিকেইটা সমস্যাই চেপি-খুন্দি খাইছে, সেই সমস্যাৰ সমাধানৰ কিবা ব্যৱস্থা কৰিলেনে? কেৱল ডিঙিত গামোচা ওলমাই ল’লেই অসমীয়াক মৰম কৰা, অসমক ভালপোৱা নুবুজায়৷ ছদ্মবেশ ধৰি অসমীয়া মানুহৰ আৱেগৰ লগত খেলা কৰি অসমীয়াক গভীৰ সংকটৰ ফালে ঠেলি দিয়া নাইনে? অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ কৰিবলৈ বদ্ধপৰিকৰ বিজেপিয়ে কিয় অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণত সফল হোৱা নাই? কিয় এবছৰৰো অধিককাল ৬নং দফা ৰূপায়ণৰ বাবে যুগুত কৰা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই? বৰঞ্চ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ যাতে অবাধে লুণ্ঠন কৰিব পাৰে, তাৰ বাবে ই আই এ কিয় গ্ৰহণ কৰিলে? অনাৰ্য মূলৰ অসমত সকলোতে আৰ্যৰ প্ৰভাৱ পেলাই অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন কৰাৰ পৰিকল্পনা লোৱা নাইনে? কিয় ‘শৰাইঘাটৰ শেষ ৰণ’ত জিকি ক্ষমতা দখল কৰা বিজেপি-মিত্ৰজোঁট চৰকাৰে আকৌ মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব লগা হ’ল? যদি মোগল আছেই, তেন্তে বিগত পাঁচ বছৰে কি কৰিলে? সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই ৰাজনীতি কৰিব খোজা নেতাই এসময়ত প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি কোৱা নাছিলনে– ‘গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়’৷ অৱশ্যে, দল সলনিৰ পাছত একেজন নেতাই সেয়া তেওঁ দলৰ নিৰ্দেশতহে কৈছিল বুলিও প্ৰকাশ পাইছিল৷ অৰ্থাৎ এইসকল নেতাই দলৰ ঊধবৰ্তন কতৃৰ্পক্ষৰ নিৰ্দেশমৰ্মে সকলো কৰে৷ নিজৰ বিচাৰ-বিবেচনা নথকা আৰু দলীয় শ্ৰুতলিপি আওৰাই থকা এইসকল নেতাৰ দ্বাৰা অসমৰ জাতীয় অস্তিত্ব ৰক্ষা পৰিবনে? আনহাতে, দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে অসমৰ ৰাইজে পুনৰ পাঁচ বছৰ বিজেপিক শাসন ক্ষমতালৈ আনিলে বিজেপিয়ে অসমৰ পৰা বানমুক্ত কৰিব, অনুপ্ৰৱেশকাৰীৰ সমস্যা নাইকিয়া কৰিব আৰু বছৰি এক লাখ লোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব৷ সচেতন ৰাইজে এই কথা ভালকৈ জানে যে অসমত বিজেপি নেতাই আওৰোৱা সভ্যতাৰ যুঁজত হয়তো অসমৰ অনাৰ্যমূলীয় খিলঞ্জীয়া সভ্যতা আৰ্যমূলৰ প্ৰভাৱত চিৰদিনৰ কাৰণে নোহোৱা হ’ব৷ হিন্দু বাঙালীক সংস্থাপন দিয়াৰ স্বাৰ্থত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম পেলাই থোৱা চৰকাৰে প্ৰকৃতাৰ্থত যে নিজৰ ৰাজনৈতিক ভেটি সুৰক্ষিত কৰাৰ লগতে হিতাধিকাৰী সৃষ্টিৰে খিলঞ্জীয়াক মূল সমস্যাসমূহৰ পৰা আঁতৰাই ৰখাৰ কৌশল ৰচিছে, সেয়া সকলোৱে বুজি পাইছে৷ হিন্দু-মুছলমানৰ সম্প্ৰীতি ধবংস কৰা ৰাজনৈতিক দলক উৎখাত কৰিব নোৱাৰিলে অসমীয়া চৰম সংকটৰ সন্মুখীন হ’ব লাগিব৷