Logo
image

ৰক্তহীনতাৰ ঘৰুৱা সমাধান

বহুতে ৰক্তহীনতাক সাধাৰণ সমস্যা বুলি ধাৰণা কৰে যদিও  ৰক্তহীনতাৰ বাবে আন জটিল ৰোগ হ’ব পাৰে৷ কিয়নো, ৰক্তহীনতা মাৰাত্মক পৰ্যায়ত উপনীত নোহোৱালৈকে বিশেষ ক্ষতিকাৰক সমস্যাই দেখা নিদিয়ে৷ কিন্তু  ইয়াৰ অৱহেলাৰ পৰিণতি হ’ব পাৰে হিতে বিপৰীত৷ সেয়ে  প্ৰথমৰ পৰাই ৰক্তহীনতাৰ ক্ষেত্ৰত গুৰুত্ব দি চিকিৎসা কৰা উচিত৷

এগৰাকী পূৰ্ণবয়স্ক মহিলাৰ তেজত সাধাৰণতে হিম’গ্লবিন থাকে ১২.ৰ গ্ৰামৰ পৰা ১৫.ৰ গ্ৰাম৷ পুৰুষৰ তেজত থাকে ১৩.৮১ পৰা ১৭.২ গ্ৰাম আৰু শিশুৰ তেজত ১১১ পৰা ১৬ গ্ৰাম হিম’গ্লবিন থকাটো স্বাভাৱিক৷ কাৰোবাৰ তেজত হিম’গ্লবিনৰ পৰিমাণ কমি  গ’লেই তেওঁ ৰক্তহীনতাত আক্ৰান্ত হোৱা বুলি সাধাৰণতে মানি লোৱা হয়৷ 

   মূলতঃ শৰীৰত আইৰণৰ অভাৱ হ’লে এই সমস্যা বৃদ্ধি পায়৷ সেয়ে, ৰক্তহীনতাৰ সমস্যা দূৰ কৰিবলৈ শৰীৰত নিয়মীয়াকৈ আইৰণৰ পৰিমাণ বা ভাৰসাম্য সঠিককৈ ৰখা প্ৰয়োজন৷ ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে আইৰণসমৃদ্ধ খাদ্য খোৱা দৰকাৰ৷ কিছুমান সহজলভ্য খাদ্য সম্ভাৰে ৰক্তহীনতাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে৷ উল্লেখ কৰা হ’ল এনে কেইটামান খাদ্য –

চীনা বাদাম : ৰক্তহীনতাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰতিদিনে চীনা বাদাম খোৱাটো জৰুৰী৷ চীনা বাদামত থকা আইৰণে ৰক্তহীনতাৰ সমস্যা দূৰ কৰে৷   

কণী : প্ৰতিদিনে এটাকৈ কণী খোৱাৰ অভ্যাস কৰিলে শৰীৰত আইৰণৰ অভাৱ দূৰ হয় বা ৰক্তহীনতাৰ সমস্যাৰ পৰা দূৰৈত থাকিব পাৰি৷ কণীৰ দৰে সহজলভ্য, পুষ্টিকৰ খাদ্য প্ৰতিদিনে খাদ্য তালিকাত ৰখাটো জৰুৰী৷

খেজুৰ : খেজুৰত প্ৰচুৰ পৰিমাণে থাকে আইৰণ, সেয়ে  নিয়মিত খাদ্য তালিকাত খেজুৰ ৰাখিলে ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত সহজ হয়৷ 

বিলাহী : বিলাহীৰ দৰে সহজলভ্য পাচলিবিধে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে৷ বিলাহীত থকা আইৰণ, ভিটামিন ‘চি’ আৰু লাইক’পেনে ৰক্তহীনতাসহ অন্যান্য ৰোগৰ পৰা সুৰক্ষিত কৰে৷

মৌ : মৌ এবিধ উচ্ছ ঔষধিসম্পন্ন ভেষজ৷ মৌ ৰক্তহীনতা দূৰ কৰাত অত্যন্ত কাৰ্যকৰী৷ চেনিৰ পৰিৱৰ্তে খাদ্যৰ লগত মৌ খোৱা অভ্যাস কৰিলে চেনিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰাও বাচিব পাৰি৷