Logo
image

গৌৰৱ পুনৰ উপ-দলপতি সত্যব্ৰত-মানসিং দিল্লীত

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১৫ জুলাই : বিজেপিয়েই হওক কিম্বা কংগ্ৰেছ ত্যাগ কৰি আন দললৈ গুচি যোৱা নেতা-কৰ্মীসকল, মই বিচাৰো সকলোয়েই কংগ্ৰেছত যোগদান কৰক৷ লোকসভাত দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছৰ উপ-দলপতিৰ দায়িত্ব লাভ কৰা সাংসদ গৌৰব গগৈয়ে  এক সংবাদমেলত এই তাতপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে৷ যোৰহাটৰ সাংসদজনৰ বক্তব্য— বিশেষকৈ কংগ্ৰেছ এৰি গুচি যোৱা আমাৰ নেতা-কৰ্মীসকল উভতি অহাটো মই ব্যক্তিগতভাবে কামনা কৰোঁ৷ কিন্তু এইক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামত লোৱাটো উচিত হ’ব৷ তেওঁলোকে বিচাৰিলে নি(য়কৈ বিজেপিয়ে হওক কিম্বা কংগ্ৰেছ এৰি যোৱাসকল, সকলোকে কংগ্ৰেছ নেতৃত্বই আদৰি ল’ব৷ পিছে এয়াও সঁচা যে কংগ্ৰেছ এৰি যোৱা এনে বহুত নেতা আছে যিসকলক তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ উভতি অহাটো নিবিচাৰিবও পাৰে৷ আনহাতে লোকসভাত উপ-দলপতিৰ দায়িত্ব প্ৰদানৰ বাবে গগৈয়ে আজিৰ সংবাদমেলত কংগ্ৰেছৰ সংসদীয় কমিটিৰ অধ্যক্ষ ছোনিয়া গান্ধী, দলৰ সভাপতি মল্লিকাজুৰ্ন খাৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধীক  কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ কয় যে এতিয়া লোকসভাত কংগ্ৰেছ তথা বিৰোধীৰ শক্তি পূৰ্বতকৈ অনেক বৃদ্ধি পাইছে৷ গতিকে  সদনত মোৰ দায়িত্বও বৃদ্ধি পাব৷ ৰাহুল গান্ধীৰ সহকাৰী হিচাপে গধুৰ দায়িত্ব লাভ কৰা যোৰহাটৰ সাংসদজনে অনাগত বাজেট তথা বাৰিষাকালীন অধিবেশনত অসমৰ বানপানীৰ কথা সজোৰে উত্থাপন কৰিব৷ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেটত অসমৰ বানপানীৰ বাবে বিশেষ পেকেজ প্ৰদানৰ দাবী উত্থাপন কৰিব গগৈয়ে৷ কেৱল পেকেজ বুলি নহয়, বাজেটত অসমৰ বান সমস্যা দূৰ কৰিবলৈ কেন্দ্ৰক আঁচনি লোৱাৰ বাবেও হেঁচা প্ৰদান কৰিব বুলি উপ-দলপতিজনে ব্যক্ত কৰে৷ তেওঁ কয় যে মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত অসমত বান ব্যৱস্থাপনাৰ আঁচনিসমূহ বন্ধ কৰি দিয়া হৈছে৷ অসমৰ শেহতীয়া ভয়াবহ বানৰ ক্ষতিপুৰণৰ পেকেজৰ লগতে স্থায়ী আঁচনিৰ হকে গগৈক আজি মাত মাত মাতিবলৈ দেখা পোৱা যায়৷ আনহাতে কংগ্ৰেছৰ উপদলপতি হিচাপে গগৈয়ে আজি কয় যে বিৰোধী হিচাপে সদনত আমাক যিমান সন্মান দিব লাগে আশা কৰিছোঁ এইবাৰ আমি পাম৷ চৰকাৰে আমাক শত্ৰু বুলি গণ্য কৰিব নালাগে৷ আমি ৰাইজৰ প্ৰতিনিধিহে৷ আমাক সদনত কথা কবলৈ আমাক পৰ্যাপ্ত সময় দিব লাগে৷ সদনৰ কাম-কাজৰ ৰেকৰ্ড বহীৰ পৰা ৰাহুল গান্ধীৰ ভাষণৰ অংশ কৰ্তন কৰাৰ বিৰুদ্ধে সৰব হৈ গগৈয়ে কয় যে এইখন চৰকাৰ ভয় আৰু অপপ্ৰচাৰৰ জৰিয়তে জনসাধাৰণক শাসন কৰি আছে৷ কিন্তু কালি ঘোষণা কৰা দেশৰ উপ নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰি দিছে যে বিজেপিৰ ভয়-অপপ্ৰচাৰৰ খেল আৰু নচলিব৷ অযোধ্যাৰ পিছত হিন্দুসকলৰ অন্যতম ধৰ্মস্থল বদ্ৰীনাথতো বিজেপিৰ পৰাজয়ে এই কথা প্ৰমাণ কৰি দিছে৷ আনহাতে লোকসভাত উপ-দলপতি হোৱা হেতু যোৰহাটৰ সাংসদজনে অসমত কিমান সময় ব্যয় কৰিব পাৰিব— এই প্ৰশ্নৰ উত্তৰত গৌৰব গগৈয়ে আজি কয় যে এয়া সঁচা যে অধিবেশন চলি থকাৰ সময়ত মোক সংসদত অধিক সময় ব্যয় কৰিব লাগিব৷ ফ্লোৰ মেনেজমেণ্টৰ বিষযবোৰ চাব লাগিব৷ কিন্তু অধিবেশন সমাপ্ত হোৱা মাত্ৰই মই অসমত বেছি সময় ব্যয় কৰিব বিচাৰো তথা এই কথা দলৰ হাইকমাণ্ডক ইতিমধ্যে জনাই থৈছো৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অহা দুই বছৰ মই যিমান পাৰো অসমত সময় ব্যয় কৰিব বিচাৰো৷ উল্লেখ্য, দেওবাৰে সাংসদ গৌৰৱ গগৈক কংগ্ৰেছৰ উপ-দলপতিৰ দায়িত্ব দিয়া হয়৷



সত্যব্ৰত-মানসিং দিল্লীত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : কংগ্ৰেছত যোগদান সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যে দিল্লীলৈ ৰাওনা হৈছে অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰে আলোচনা কৰাৰ উদ্দেশ্যে কলিতাই বাহৰ পাতিছে দিল্লীত৷ প্ৰাক্তন বিজেপি বিধায়ক মানসিং ৰূংপীও দিল্লীলৈ যাত্ৰা কৰা বুলি এটা সূত্ৰত প্ৰকাশ৷ বিজেপিৰ পাঁচজন বৰ্তমানৰ বিধায়ক আৰু চাৰিজন প্ৰাক্তন বিধায়কেও শীঘ্ৰেই যোগ দিব কংগ্ৰেছত৷ ইতিমধ্যে কংগ্ৰেছত যোগদান সন্দৰ্ভত কেইবাটাও পৰ্যায়ত আলোচনা চলি আছে৷ কংগ্ৰেছৰ এক উচ্ছস্তৰীয় সূত্ৰই সদৰি কৰিছে এই কথা৷ বিজেপি আৰু অগপৰ কেইবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিব বিচৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ এনে তথ্যই অগপ-বিজেপিত ব্যাপক খহনীয়া হোৱাৰ ইংগিত দিয়ে৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অগপ আৰু গণসুৰক্ষা পাৰ্টিৰ কেইবাজনো নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে৷ উক্ত যোগদান অনুষ্ঠানত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো বিজেপি বিৰোধী ঢৌ আৰম্ভ হৈছে৷ এই ঢৌৱে অসমৰ মানুহক চিন্তিত কৰিছে৷ আপৰ পৰা ১০০ জনীয়া তালিকা পঠাইছে কংগ্ৰেছত যোগদানৰ বাবে৷ আমি সময় দিব পৰা নাই৷ আমাৰ লগত বিজেপি, অগপ সকলো দলৰে নেতাই যোগাযোগ কৰি আছে৷ আমি ৯৮ চনতে গম পাইছিলো ২০০১ ত কংগ্ৰেছ আহিব৷ আজি ইমান বছৰ পিছতো মই সেই একেই উমান পাইছো৷ বিজেপিৰ প্ৰাক্তন বিধায়ক এজনে যোগদান কৰিব বিচাৰিছে আৰু বহু বিধায়কে যোগাযোগ কৰি আছে৷ কিন্তু আনুষ্ঠানিকভাৱে মোক পত্ৰ দিয়া নাই৷ মুখ্যমন্ত্ৰীৰ অহংকাৰ হৈছে৷ এই অহংকাৰ দিনক দিনে বাঢ়ক মুখ্যমন্ত্ৰীৰ৷ এই অহংকাৰৰ বাবেই বিজেপিৰ আজিৰ এই অৱস্থা৷ গৌৰৱ গগৈক দ্বিতীয়বাৰৰ বাবে উপ দলপতি দিয়াক লৈ আমি অত্যন্ত সুখী৷ ইয়াৰ পৰা আমাৰ লাভ হ’ব৷ গৌৰৱৰ পদোন্নতিৰ জৰিয়তে অসমক গুৰুত্ব দিয়াটো নিশ্চিত কৰিছে কেন্দ্ৰই৷  বিজেপিৰ আৰু অহংকাৰ বাঢ়ি যোৱাৰ কামনা ভূপেন বৰাৰ৷ তেওঁ কয়–কংগ্ৰেছৰ দুৱাৰ খোলা আছে যোগদানৰ বাবে৷ আমাৰ সেনাপতি সাজু, সৈন্যবল অলপ বঢ়াব লাগিব৷ ৰাভা হাচঙৰ এটা দলৰ সৈতেও আজি আমি ৰাজীৱ ভৱনত বৈঠকত বহিম৷ প্ৰাক্তন ব্ৰজেনজিৎ সিংহই টিকট বিচৰা সন্দৰ্ভত তেওঁ কয়–এনেকুৱা ধৰণৰ আলোচনা হোৱা নাই৷ যোগদান কৰিবও পাৰে৷ কংগ্ৰেছৰ অৱস্থা এতিয়া ভাল হৈছে, আগত প্ৰাৰ্থীয়েই নাছিল, আজিৰ তাৰিখত ১২৬ সমষ্টিৰ বাবে আবেদন বিচৰে৷ অতি কমেও ৭০০ আবেদন আহিব, সেনাপতি সাজু ২৬ৰ বাবে, এতিয়া সৈন্যবল সাজু কৰি আছো৷