Logo
image

পূৰ্বেও আমেৰিকাৰ কেইবাজনো ৰাষ্ট্ৰপতি-প্ৰাৰ্থীৰ ওপৰত হৈছিল প্ৰাণঘাতী আক্ৰমণ

ৱাশ্বিংটন, ১৫ জুলাইঃ আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে পেনছিলভেনিয়াৰ এখন নিৰ্বাচনী সভাত শনিবাৰে (ভাৰতীয় সময়মতে দেওবাৰে) ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত এজন ২০ বছৰীয়া যুৱকে অত্যাধুনিক বন্দুকেৰে গুলীচলনা কৰা ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি যায়৷ এই আক্ৰমণত ট্ৰাম্প কথমপি ৰক্ষা পৰে যদিও তেওঁৰ কাণত গুলী লাগে৷ গুলীচলানাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে উক্ত নিৰ্বাচনী সভাত হাহাকাৰ লাগে৷ ট্ৰাম্পক ততাতৈয়াকৈ তাৰপৰা আঁতৰাই নিয়া হয়৷ ট্ৰাম্পৰ প্ৰাণৰক্ষা পৰে যদিও তেওঁৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ বহুতে আশংকা কৰিছে যে এই আক্ৰমণৰ আঁৰত ৰাজনৈতিক হাত থাকিব পাৰে৷ 



অৱশ্যে ছিক্ৰেট ছাৰ্ভিছ এজেণ্টে গুলীচালনা কৰা যুৱকজনক গুলীয়াই হত্যা কৰে৷ উল্লেখ্য, আমেৰিকাৰ ইতিহাসত পূৰ্বেও কেইবাজনো ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ ওপৰতো হৈছিল এনে আক্ৰমণ৷ এনে আক্ৰমণত পাঁচজনে প্ৰাণো হেৰুৱাইছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৪৫জন ব্যক্তিৰ ভিতৰত ১৩জনৰ ওপৰত হৈছিল আক্ৰমণ৷ আনকি প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি বাইডেনৰ ওপৰতো এনে আক্ৰমণ হৈছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জেৰাল্ড আৰ ফ’ৰ্ডৰ ওপৰত ১৯৭৫ চনত দুবাৰ,  ৰাষ্ট্ৰপতি ৰোনাল্ড ডব্লিউ ৰেগনৰ ওপৰত ১৯৮১ চনত, ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ ওপৰত ১৯৯৪ চনত আৰু ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ ওপৰত ২০০৫ চনত গ্ৰেণেড দলিয়াই আক্ৰমণ কৰা হৈছিল৷ ইয়াৰ পূৰ্বে ১৯৯৩ চনত ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰ ওপৰত, ১৯৯২ চনত থিঅ’ডৰ ৰুজভেল্ট, ৰবাৰ্ট এফ কেনেডী আৰু জৰ্জ চি ৱালেচৰ ওপৰতো আক্ৰমণ চলোৱা হৈছিল৷ আক্ৰমণত মৃত্যু হোৱা আমেৰিকাৰ চাৰিজন প্ৰাক্তন ৰাষ্ট্ৰপতি হ’ল আব্ৰাহাম লিংকন, জেমছ এ গাৰফিল্ড, উইলিয়াম মেককিনলে আৰু জন এফ কেনেডী৷