Logo
image

গছপুলি ৰোপণত অভিলেখ, অসমক পিছ পেলালে মধ্যপ্ৰদেশে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ জুলাইঃ অসমৰ অমৃত বৃক্ষ আন্দোলনৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিলে মধ্য প্ৰদেশে৷ অসম চৰকাৰে ২৪ ঘণ্টাত গছপুলি ৰোপণ কৰি অৰ্জন কৰা গীনিজ ৱৰ্ল্ড অভিলেখ ভংগ কৰি গীনিজ ৱৰ্ল্ডত নতুনকৈ ইতিহাস ৰচিলে মুখ্যমন্ত্ৰী মোহন যাদৱৰ নেতৃত্বাধীন মধ্যপ্ৰদেশ চৰকাৰে৷ দেওবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত ২৪ ঘণ্টাৰ ভিতৰত ১১ লাখ গছপুলি ৰোপণ কৰি কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰে মধ্যপ্ৰদেশ চৰকাৰে৷ 



লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ১৩-১৪ ছেপ্টেম্বৰত ২৪ ঘণ্টাৰ ভিতৰত অসম চৰকাৰে বন বিভাগে ওদালগুৰিত ৯ লাখ ২১ হাজাৰ ৭৩০টা গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়িছিল৷ কিন্তু দেশৰ আটাইতকৈ স্বচ্ছ চহৰ হিচাপে স্বীকৃত ইন্দোৰত একেদিনাই ১১ লাখ গছপুলি ৰোপণেৰে বিশ্বৰ সকলো অভিলেখ যেন এতিয়া ভংগ কৰিলে মধ্য প্ৰদেশ চৰকাৰে৷ এই অভিলেখৰ বাবে মধ্য প্ৰদেশ চৰকাৰে গীনিজ ৱৰ্ল্ড কৰ্তৃপক্ষৰ পৰা প্ৰমাণ-পত্ৰও লাভ কৰিছে৷ এই অভিলেখৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে টুইটযোগে ৰাজ্যবাসীক ধন্যবাদ জনাইছে৷ উল্লেখ্য, মধ্য প্ৰদেশৰ গছপুলি ৰোপণৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল ৰেৱতী সংমণ্ডলৰ বি এছ এফ একাডেমীত৷ বৃহত্তৰ এটা অঞ্চল সামৰি গছপুলি ৰোপণ কৰা এই কাৰ্যসূচীত ২০০ জন বি এছ এফ জোৱান, ১০০ জন প্ৰৱাসী ভাৰতীয়, ৫০ খন বিদ্যালয়ৰ এন চি চি কেডেট আৰু স্থানীয় ৰাইজ তথা স্বেচ্ছাসেৱী সংগঠনৰ সদস্যই অংশ লৈছিল৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মধ্যপ্ৰদেশত ‘মাতৃৰ নামত এজোপা গছ’ শীৰ্ষক বৃক্ষৰোপণৰ সজাগতা অনুষ্ঠান আৰম্ভ কৰিছিল৷ এই কাৰ্যসূচীৰ অধীনত বিগত পাঁচ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে ১৪০ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ ভিতৰত কেৱল মধ্য প্ৰদেশতে ৫৫ লাখ গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছে৷