Logo
image

গোলকগঞ্জত বান-খহনীয়া পৰিদৰ্শন অখিল গগৈৰঃ বান-খহনীয়াৰ সমস্যা সমাধান নকৰিলে আমৰণ অনশনৰ হুংকাৰ

'আমাৰ অসম'ৰ আগমনিৰ প্ৰতিবেদক, ১৬ জুলাইঃ ধুবুৰী জিলাৰ পুৰণি গোলকগঞ্জ সমষ্টিত মঙলবাৰে বিধায়ক অখিল গগৈ উপস্থিত হৈ তিনিটা স্থানৰ গৰাখহনীয়াৰ পৰিদৰ্শন কৰে। গোলকগঞ্জ চহৰৰ সমীপৰ উত্তৰ টোকৰেৰছৰা গাঁৱত উপস্থিত হয় বিধায়কজন। গাওঁখনত গংগাধৰ নদীৰ গৰাখহনীয়াত সহস্ৰাধিক পৰিয়াল গৃহহাৰা হৈছে। এতিয়াও খহনীয়া অব্যাহত আছে। তেওঁ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাংবাদিকৰ উদ্দেশ্যি কয় যে গংগাধৰ নদী সংহাৰী ৰূপত নিয়া সত্ত্বেও জল সম্পদ বিভাগে ইয়াৰ প্ৰতিৰোধৰ এটা আঁচনিও লোৱা নাই। সেয়ে তেওঁ জল সম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাক গাওঁখনত বোল্ডাৰ পিট্‌চিং আৰু জিঅ' বেগৰ বান্ধ নিৰ্মাণৰ দাবী জনায়। 

লগতে বিধায়কজনে লোহাজানী অঞ্চলৰ বান গৰাখহনীয়া পৰিদৰ্শন কৰে। তেওঁ কয় যে উত্তৰ টোকৰেৰছৰা প্ৰথম খণ্ড গাঁৱৰ দৰে ইয়াতো কেইবা হাজাৰ নৈপৰীয়াৰ ঘৰ-মাটি নদীত উছন হৈছে। আশ্ৰয় ল'ব লগা হৈছে লোক নিৰ্মাণ বিভাগৰ পথৰ কাষত লোকৰ ঘৰত। বহুতে বহি:ৰাজ্যলৈও যাবলগীয়া হৈছে। কিন্তু ইমানৰ পিছতো বিভাগীয়ভাৱে প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে গংগাধৰ নদী ব্ৰহ্মপুত্ৰৰ দৰে বিশাল ৰূপ ধাৰণ কৰিছে। অলপ পানী হ'লে কাষৰীয়া গাওঁসমূহ পানীৰে উপচি বানপানীৰ সৃষ্টি হয়। অসম চৰকাৰে মুখেৰে বানপানী মুক্ত অসমৰ গঢ়াৰ কথা কয় কিন্তু নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কোনো চেষ্টা নকৰে। এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দুমুখীয়া নীতি বুলি সমালোচনা কৰে। 



গংগাধৰ নদীৰ উপৰিও তেওঁ সদল-বলে অসম পশ্চিমবংগ সীমান্তৰ ভামনডাঙা তৃতীয় খণ্ড গাঁৱৰ ৰায়ডাক নদীৰ বান গৰাখহনীয়া পৰিদৰ্শন কৰে। বছৰ বছৰ ধৰি ৰায়ডাক নদীয়ে গাওঁখনত সন্ত্ৰাস চলাই আহিছে। প্ৰতি বছৰে শ শ বিঘা খেতি মাটি নদীৰ বুকুত জাহ গৈছে। শ শ লোক গৃহহাৰা হৈ আছে। কিন্তু খবৰ লবলৈ আহৰি নাই কোনো প্ৰতিনিধি-মন্ত্ৰী-বিধায়কৰ। উল্লেখ্য যে ৰায়ডাক নদীৰ আগে-পাছে পশ্চিমবংগ। মাত্ৰ ডেৰ কিলোমিটাৰ অসমত। পশ্চিমবংগত পকী বান্ধ নিৰ্মাণ কৰি নদীক প্ৰতিৰোধ কৰিছে যদিও অসমৰ ডেৰ কিলোমিটাৰ অঞ্চলত ৰায়ডাকে প্ৰতি বছৰে তাণ্ডৱ চলাই আহিছে। গৰাখহনীয়াৰ লগতে বানপানীয়েও গাওঁখনৰ লগ নেৰা হৈছে। সঘনে অহা বানপানীৰ বাবে ৰাস্তা-ঘাটৰ কোনো চিন-মোকাম নোহোৱা হৈছে। উপায়ন্তৰ হৈ গাঁওখনৰ ৰাইজে বিধানসভাৰ লগতে বিগত লোকসভা নিৰ্বাচনতো ভোট বৰ্জন কৰিছে। তেওঁ গাওঁখনত আয়োজন কৰা সভাত অংশগ্ৰহণ কৰি কয় যে তেওঁ তিনিটা কাম কৰিব। এটা হৈছে গাওঁখনৰ বান গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰক লিখিতভাৱে এখন স্মাৰক পত্ৰ প্ৰদান কৰিব। দ্বিতীয়তে গাওঁখনৰ বান গৰাখহনীয়াৰ সমস্যা আগন্তুক বিধানসভাৰ অধিবেশনত সজোৰে উত্থাপন কৰিব আৰু অহা আগষ্ট মাহত ৰায়ডাক নদীৰ পাৰত আমৰণ অনশনত বহিব। এই উদ্দেশ্যে গুৱাহাটীৰ পৰা মানুহ আৰু সাংবাদিক লৈ আহিব। স্থানীয় ৰাইজক ডালি-ভাত খোৱাৰ ব্যৱস্থা কৰাৰ আহ্বান জনায়। 

আজি অঞ্চলটো পৰিদৰ্শনৰ পিছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ সাংবাদিক আগত কয় যে গাঁওবাসীয়ে ভোট বৰ্জন কৰাৰ পিছতো স্থানীয় বিধায়ক (আব্দুছ ছোৱাহান আলী সৰকাৰ) , বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰী কোনেও গাওঁবাসীৰ সমস্যাৰ বুজ ল'বলৈ অহা নাই। তদুপৰি চৰকাৰী প্ৰতিনিধি জিলা আয়ুক্ত গৰাকীও উপস্থিত নোহোৱাটো চৰম দুৰ্ভাগ্যজনক আখ্যা দিয়ে। উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত অখিল গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ভোট গোলকগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে এসপ্তাহ পূৰ্বে গোলকগঞ্জৰ বিভিন্ন অঞ্চলত উপস্থিত হৈ বান-গৰাখহনীয়া পৰিদৰ্শন কৰিছিল যদিও ভোট বৰ্জন কৰা ভামনডাঙা গাঁৱত উপস্থিত হোৱা নাছিল। গাওঁখনত উপস্থিত নোহাৱা বাবে অখিল গগৈয়ে স্থানীয় কংগ্ৰেছী বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ, মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে যদিও ৰকিবুল সন্দৰ্ভত নিমাত কিয় বুলি সাংবাদিকৰ প্ৰশ্নত তেওঁ হতচকিত হৈ নমনীয় সূৰত কয় মাত্ৰ এমাহ হৈছে, এতিয়াই সমালোচনা কৰাৰ সময় হোৱা নাই৷ আনহাতে বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰিবলৈ AS 16H 2971 নম্বৰৰ বলেৰো ভৰ্তি খাদ্য-সামগ্ৰীৰ টোপোলা লগত লৈ গৈছিল যদিও ৰাইজক দেখুৱাই বিতৰণ নকৰি ঘূৰাই লৈ যোৱা ঘটনাই গঞা ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।