Logo
image

যুৱ প্ৰতিভাৰ উত্থান আৰু ক্ৰিকেট প্ৰশাসকৰ কৰণীয়

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে টুৱেণ্টী২০ বিশ্বকাপ জয় কৰাৰ কেইদিনমান পাছত পাঁচখন খেলৰ টুৱেণ্টী২০ শৃংখলা এটাৰ সূচী লৈ দ্বিতীয় শাৰীৰ ভাৰতীয় দল এটাই জিম্বাব’ৱে ভ্ৰমণ কৰিছিল৷ এই দলটোৰ নেতৃত্বত আছিল শুভমন গীল৷ ভাৰতীয় ছিনিয়ৰ দলটোৰ বহুকেইজন ক্ৰিকেটাৰ নাছিল দলটোত৷ তাৰ বিপৰীতে আই পি এলত পাৰদৰ্শিতা দেখুওৱা এচাম যুৱ ক্ৰিকেটাৰক পঠিওৱা হৈছিল জিম্বাব’ৱে ভ্ৰমণলৈ৷ শেহতীয়াভাৱে জিম্বাব’ৱে ক্ৰিকেটৰ মান যথেষ্ট নিম্নগামী হৈছে৷ আনকি দলটোৱে টুৱেণ্টী২০ বিশ্বকাপলৈও যোগ্যতা অৰ্জন কৰিব পৰা নাছিল৷ এনে এটা দলৰ বিৰুদ্ধে ভাৰতে সহজে শৃংখলা জয় কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও অপ্ৰত্যাশিতভাৱে প্ৰথমখন খেলত পৰাস্ত হৈছিল ভাৰত৷ খেলখনত ভাৰতে ১১৬ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ১০২ ৰানতে হেৰুৱাইছিল আটাইকেইটা উইকেট৷ তাৰ পাছত অৱশ্যে পৰৱৰ্তী চাৰিওখন খেলতে জয়ী হৈ শৃংখলা জয় কৰিছিল ভাৰতে৷ জিম্বাব’ৱেৰ দৰে তুলনামূলকভাৱে দুৰ্বল দল এটাৰ বিৰুদ্ধে শৃংখলা জয় কৰিলেও ভাৰতীয় দলৰ কেইবাজনো ক্ৰিকেটাৰে এই শৃংখলাটোৰ পৰা যথেষ্ট অভিজ্ঞতা আহৰণ কৰিব পাৰিছে৷ কোৱা হৈছে যে জিম্বাব’ৱেৰ বিৰুদ্ধে সদ্যসমাপ্ত এই শৃংখলাটোৰ পৰাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰত আৰু শ্ৰীলংকাত হ’বলগীয়া পৰৱৰ্তী টুৱেণ্টী২০ বিশ্বকাপৰ (২০২৬ চনৰ) বাবে ৰাষ্ট্ৰীয় দলটো সাজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ জিম্বাব’ৱেৰ বিৰুদ্ধে হৈ যোৱা শৃংখলাটোত ভাল প্ৰদৰ্শন দেখুওৱা ক্ৰিকেটাৰকেইজনক হয়তো নিৰ্বাচন কমিটীয়ে এতিয়া অধিক সুযোগ দিয়াৰ পোষকতা কৰিব৷ ভাৰতীয় ক্ৰিকেটৰ শেহতীয়া এই উত্তৰণৰ বাবে ক্ৰিকেট বিশেষজ্ঞসকলে কৃতিত্ব দিছে দেশখনৰ ক্ৰিকেট প্ৰশাসকৰ লগতে ক্ৰিকেট পৰিচালনাৰ প্ৰক্ৰিয়াটোক৷ যিধৰণে নতুন নতুন ক্ৰিকেট প্ৰতিভা ওলাই আহিছে, তালৈ চাই মূল দলটোৰ সমান্তৰালকৈ আন এটা দলো সাজু ৰখাটোও সম্ভৱ হ’ব বুলি মন্তব্য কৰিছে কেইবাজনো প্ৰাক্তন বিদেশী ক্ৰিকেটাৰে৷

টুৱেণ্টী২০ বিশ্বকাপৰ পাছতে ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাদেজাই ক্ৰিকেটৰ চমু সংস্কৰণটোৰ পৰা অৱসৰ ঘোষণা কৰিছে৷ টীম ইণ্ডিয়াত এই তিনিজন তাৰকা ক্ৰিকেটাৰৰ স্থান কোনে ল’ব তাক লৈ চৰ্চা চলি থকাৰ সময়তে শুভমন গীল, যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড়, অভিষেক শৰ্মাৰ দৰে ক্ৰিকেটাৰৰ প্ৰদৰ্শনে সেই চিন্তা বহুখিনি হ্ৰাস কৰিছে৷ ৰোহিত শৰ্মাৰ অনুপস্থিতিত হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় টুৱেণ্টী২০ দলক নেতৃত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে৷ পাণ্ডিয়াই ইতিমধ্যে তেওঁৰ নেতৃত্বৰ বিচক্ষণতাৰ পৰিচয় দিছে৷ ক্ৰিকেটত অলৰাউণ্ডাৰৰ ভূমিকাৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ শেহতীয়াভাৱে ভাৰতত কেইবাজনো প্ৰতিভাশালী অলৰাউণ্ডাৰৰ আত্মপ্ৰকাশ ঘটিছে৷ তেওঁলোকৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব পাণ্ডিয়াৰ নাম৷ সদ্যসমাপ্ত টুৱেণ্টী২০ বিশ্বকাপত বেটিং আৰু বলিং দুয়োটা বিভাগতে বিশেষ ভূমিকা আছে তেওঁৰ৷ আনহাতে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, শিৱম ডুবেৰ পৰাও বহুখিনি  আশা কৰিব পাৰি৷ ঋষভ পণ্ট ভাৰতীয় দলত প্ৰথম পছন্দৰ উইকেটকীপাৰ হ’লেও সীমিত অভাৰৰ ক্ৰিকেটত সঞ্জু ছেমছনেও ইতিমধ্যে নিৰ্বাচকৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকৰ লগতে ধ্ৰুৱ জুৰেল, ঈষাণ কিষাণ আৰু জিতেশ শৰ্মাও দললৈ পুনৰ আমন্ত্ৰণ লাভ কৰাৰ অপেক্ষাত আছে৷

জিম্বাব’ৱে ভ্ৰমণত ভাৰতীয় পেচ আক্ৰমণ চম্ভালিছিল মুকেশ কুমাৰ, অৱেশ খান আৰু খলিল আহমেদে৷ আনহাতে, হৰ্ষিত ৰানা, ময়াংক যাদৱ, উমৰান মালিকৰ দৰে বলাৰকো অধিক আন্তঃৰাষ্ট˜ীয় খেলত সুযোগ দি ভৱিষ্যতলৈ তেওঁলোকক সাজু কৰি ৰাখিব পৰা যায়৷ আই পি এলতে হওক অথবা আন প্ৰতিযোগিতাতে হওক, শেহতীয়াভাৱে যিমানকেইজন যুৱ ক্ৰিকেটাৰ চৰ্চালৈ আহিছে, তালৈ চাই টীম ইণ্ডিয়াত এতিয়া স্থান পোৱাৰ ক্ষেত্ৰত ক্ৰিকেটাৰসকলৰ সন্মুখত আহি পৰিছে কঠিন প্ৰত্যাহ৩ান৷ এটা কথা অনস্বীকাৰ্য যে এইসকল যুৱ ক্ৰিকেটাৰৰ হাতত ভাৰতীয় ক্ৰিকেট  সুৰক্ষিত বুলি ক’ব পাৰি৷ প্ৰয়োজন কেৱল তেওঁলোকক সঠিক দিশত আগবঢ়াই নিয়া৷ ৰাহুল দ্ৰাৱিড়ৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত নতুন প্ৰশিক্ষক গৌতম গম্ভীৰে ভাৰতীয় দলটোক কেনেদৰে আগবঢ়াই নিয়ে, সেয়া হ’ব লক্ষণীয়৷ গম্ভীৰৰ আন্তঃৰাষ্ট˜ীয় পৰ্যায়ত প্ৰশিক্ষণ দিয়াৰ অভিজ্ঞতা নাথাকিলেও আই পি এলত প্ৰশিক্ষক আৰু মেণ্টৰ হিচাপে তেওঁ যথেষ্ট সফল৷ টীম ইণ্ডিয়াৰ নতুন গুৰু হিচাপে গম্ভীৰে দলটোক কেনেদৰে আগবঢ়াই নিয়ে, তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব৷