Logo
image

এনকাউণ্টাৰৰ শপতনামা দিয়াত পুনৰ ব্যৰ্থ ৰাজ্য

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ জুলাইঃ অসম আৰক্ষীৰ ‘ভুৱা’ এনকাউণ্টাৰক লৈ পুনৰ উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ হ’ল অসম চৰকাৰ৷ অৱশ্যে এইবাৰ সৰ্বোচ্ছ ন্যায়ালয়ত অসমৰ বান পৰিস্থিতিৰ বাবেহে শপতনামা দাখিলত পলম হোৱাৰ আজৱ অজুহাত দেখুৱাই অসম চৰকাৰে৷ অসম আৰক্ষীয়ে জিম্মাত থকা অভিযুক্তক নিশা এনকাউণ্টাৰ কৰা ঘটনাক লৈ আৰিফ জোৱাদ্দাৰ নামৰ অধিবক্তাজনে ৰুজু কৰা এটা গোচৰৰ মঙলবাৰৰ শুনানিত উচ্ছতম ন্যায়ালয়ক অসমৰ বান পৰিস্থিতিৰ বাবে শপতনামা দাখিলত অতিৰিক্ত ৩ মাহৰ সময় বিচাৰে অসম চৰকাৰৰ অধিবক্তাই৷ 


লক্ষণীয়ভাৱে পূৰ্বৰ বিগত ৩০ এপ্ৰিলত হোৱা গোচৰটোৰ শুনানিত সৰ্বোচ্ছ ন্যায়ালয়ে অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ ন্যায়িক তদন্তৰ ইংগিত দি অসম চৰকাৰক উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তালিকাৰ লগতে এনকাউণ্টাৰ প্ৰতিৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল৷ সেইসূত্ৰে মঙলবাৰে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠত হোৱা গোচৰটোৰ শুনানিত অসম চৰকাৰৰ হৈ অৱতীৰ্ণ হোৱা অতিৰিক্ত মহাধিবক্তা নলীন কোহলিয়ে অসমৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শপতনামা দাখিলৰ বাবে ৩ মাহৰ অতিৰিক্ত সময় বিচাৰে৷ অৱশ্যে ন্যায়ালয়ে অসম চৰকাৰক ১০ ছেপ্টেম্বৰৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে৷ ইফালে, অসম মানৱ অধিকাৰ আয়োগক এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত পূৰ্বৰ শুনানিতে সমস্ত তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল যদিও মঙলবাৰে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এনকাউণ্টাৰৰ ঘটনা দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদনকে শপতনামা আকাৰে দাখিল কৰা বুলি জানিব পৰা গৈছে৷ এই গোচৰটোত গোচৰীয়া পক্ষৰ হৈ উচ্ছতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দাঙি ধৰে৷