Logo
image

অনুশাসনৰ পাশ্বৰ্ক্ৰিয়া

বিগত তিনিটা বৰ্ষত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ অনুশাসনৰ ফলত নিলম্বন হ’ল কেইবা হাজাৰ কৰ্মচাৰী৷ কৰ্তব্যত গাফিলতি, দুৰ্নীতি আদিৰ ক্ষেত্ৰত পোৱা অভিযোগৰ লগে লগে নিলম্বন কৰা হয় এজন কৰ্মচাৰীক আৰু আৰম্ভ কৰা হয় বিভাগীয় অনুসন্ধান৷ নিলম্বনৰ তিনি মাহৰ ভিতৰত বিভাগীয় অনুসন্ধান কৰাটো বাধ্যতামূলক যদিও বহুক্ষেত্ৰত বছৰৰ পাছত বছৰ অসম্পূৰ্ণ হৈ থাকে তেনে অনুসন্ধান আৰু অৱশেষত বিনা অনুসন্ধানত পুনৰ কৰ্মত যোগদান কৰিবলৈ সুবিধা পায় নিলম্বিত কৰ্মচাৰীসকলে৷ প্ৰকৃততে এজন চৰকাৰী কৰ্মচাৰীক নিলম্বনৰ পূৰ্বে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাটো বাধ্যতামূলক যদিও বৰ্তমান চৰকাৰৰ দিনত এজন কৰ্মচাৰীক নিলম্বন কৰিবলৈ প্ৰয়োজন নহয় তেনে জাননীৰ৷ মন্ত্ৰী, বিধায়কৰ দৃষ্টিত বেয়া মানুহ হোৱা কৰ্মচাৰীজনক নিশাটোৰ ভিতৰতে নিলম্বন কৰিবলৈ কুণ্ঠাবোধ নকৰে উচ্ছ পদৰ বিষয়াসকলে৷
কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ভিতৰত থকা পূববংশৰ কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষজনক নিশাটোৰ ভিতৰতে নিলম্বনৰ নিৰ্দেশ দিয়ে স্বয়ং মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহত ৰাজ্য চৰকাৰে বিনামূলীয়া নামভৰ্তি আঁচনিৰ গণ্ডীৰ ভিতৰত পৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহত বাধা আৰোপ কৰিছিল৷ উক্ত বিনামূলীয়া নামভৰ্তি আঁচনিৰ বাহিৰত থকা ছাত্ৰ একতা সভাৰ মাচুলৰ বাবদ অতীজৰে পৰা চলি অহা ৬৫০ টকা সংগ্ৰহত নাছিল কোনো চৰকাৰী বাধা৷ ৰাজ্যৰ বাকী ৩৫০খন প্ৰাদেশীকৃত মহাবিদ্যালয়ে অনুৰূপ ৬৫০ টকাৰ মাচুল সংগ্ৰহ কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ মৌখিক নিৰ্দেশৰ পাছত উক্ত মাচুল ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিছিল৷ দুৰ্ভাগ্যৰ কথা যে বিভাগৰ পৰা কোনো লিখিত নিৰ্দেশ নোপোৱা বা মুখ্যমন্ত্ৰীৰ মৌখিক নিৰ্দেশৰ বাতৰি নেদেখা ভাৰপ্ৰাপ্ত অধ্যক্ষজনে হঠাতে লাভ কৰে নিলম্বনৰ নিৰ্দেশ৷
গুৰুত্বপূৰ্ণ কথাটো হৈছে, বৰ্তমান অসমত প্ৰশাসনৰ নামত চলা নিলম্বনবোৰে চুব পৰা নাই বিভাগীয় মুৰব্বী বিষয়াসকলক৷ অনুশাসনৰ শিপাডাল টানি থকা শীৰ্ষ বিষয়াসকলে কৰা ভুলৰ বাবে নাথাকে নিলম্বনৰ ব্যৱস্থা৷ মাথোঁ এটা ধমকিতেই অনুশাসনৰ সকলো পৰ্যায় সমাপ্ত হোৱা উচ্ছ পদৰ বিষয়াসকলৰ বিপৰীতে নিম্ন পৰ্যায়ৰ কৰ্মচাৰীসকল যেন হলা গছস্বৰূপ৷ ৰাজ্যত আজিও নিলম্বন হৈ পৰিয়ালৰ বাবে অন্ধকাৰ নমাই অনা কৰ্মচাৰীৰ বাবে নাই বিচাৰৰ সুপ্ৰক্ৰিয়া৷ নিলম্বনৰ পাছত পাব লগা দৰমহাৰ ভাত্তাটো বিচাৰি মাহৰ পাছত মাহ অপেক্ষা কৰিব লাগে৷ স্থানীয় মন্ত্ৰী বা বিধায়কৰ বাসগৃহত ন্যায় বিচাৰি অৱস্থান লোৱা কৰ্মচাৰীৰ পত্নী বা সন্তানৰ প্ৰতি নাথাকে সদয়ৰ মনোভাব৷ প্ৰকৃততে ব্যক্তিগত শত্ৰুতাৰ বাবে নিলম্বন কৰা কৰ্মচাৰীজনৰ পত্নী বা সন্তানৰ চকুলৈ চোৱাৰ সাহস নকৰে তেনে জনপ্ৰতিনিধিয়ে৷
বিগত তিনিটা দিনত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অৰ্ধশতাধিক চিকিৎসকে দাখিল কৰিছে পদত্যাগ পত্ৰ৷ বাৰিষাৰ বানত উজান উঠা মাছৰ দৰে পদত্যাগ পত্ৰ দাখিল কৰিবলৈ যেন জঁপিয়াই পৰিছে চৰকাৰী চিকিৎসক৷ অসমৰ দৰে এখন ৰাজ্যৰ পয়ালগা চিকিৎসা বিভাগৰ পৰা অব্যাহতি বিচাৰি দাখিল কৰা আৱেদনবোৰৰ আঁৰত থকা গোপন সত্যটো হৈছে চৰকাৰী ভাবুকি৷ সীমিত সেৱাৰ মাজত নিজৰ দায়িত্ব পালন কৰি অহা চৰকাৰী চিকিৎসকসকলকো বিভিন্ন সময়ত দিয়া হয় ভাবুকি৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সেৱা দিলে কৰ্মৰ পৰা নিলম্বন কৰিম বুলি ভাবুকি দিছিল চৰকাৰী চিকিৎসকসকলক৷ ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীজনৰ মুখেদি বাহিৰ হোৱা অগ্নিৰ দৰে বাক্যকেইশাৰীয়ে হয়তো আত্মসন্মানত আঘাত দিলে ৰাজ্যৰ চিকিৎসকসকলক৷ অনুশাসনৰ নামত অহা ভয়-ভাবুকিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হয়তো আন পথ বিচাৰি নাপালে পদত্যাগী চৰকাৰী চিকিৎসককেইজনে৷ সীমিত সুবিধা, অত্যধিক ৰোগী, নাৰ্ছৰ অভাৱ, দৈনিক নতুন নতুন নিৰ্দেশনা আদিয়ে ব্যতিব্যস্ত কৰি ৰখা চৰকাৰী চিকিৎসকসকলক সেৱাৰ নামত সঘনে বিভিন্ন স্থানলৈ বদলি কৰি থকা কাৰ্যৰ বিচাৰ কৰিবলৈ নাই কোনো ব্যৱস্থা৷ কোনোবা এজন ৰোগীৰ মৃত্যুৰ পাছতে অচিনাকি ব্যক্তিৰ হাতত অপদস্থ হোৱা চৰকাৰী চিকিৎসকৰ কাৰণে সুৰক্ষাৰ ব্যৱস্থা নকৰে চৰকাৰে৷ বিভিন্ন সংগঠনৰ দাবীত গঠন কৰা অনুসন্ধান সমিতিৰ ওচৰত নাথাকে নিজকে ৰক্ষা কৰাৰ সুব্যৱস্থা৷
প্ৰকৃতাৰ্থত প্ৰশাসনৰ নামত ৰাজ্যত চলি থকা এনেবোৰ অশুভ কাৰ্যৰ পৰা মুক্তি বিচাৰি পদত্যাগ কৰে বহুতো কৰ্মচাৰীয়ে৷ কোনোবাজনৰ নিলম্বন নিশাটোতে প্ৰত্যাহাৰ হয় অজ্ঞাত শক্তিৰ হস্তক্ষেপত, আৰু কোনোবাজনে নিলম্বনৰ মাজতে লয় অৱসৰ৷ খেনোক দেখি ৰান্ধে-বাঢ়ে আৰু খেনোক দেখি দুৱাৰ বন্ধা নীতিৰ পূৰ্ণ ৰূপায়ণে আশাহত কৰিছে ৰাজ্যৰ কৰ্মচাৰীসকলক৷ সবকে সাথ, সবকে বিকাশ এটা ৰাজনৈতিক শ্লোগান বুলিও অনুভৱ কৰে চৰকাৰী কৰ্মচাৰীসকলে৷ ভয়-ভাবুকিৰ মাজত আবদ্ধ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মুক্তিৰ স্বাৰ্থত অনুশাসনৰ নীতিবোৰৰ নিৰপেক্ষ প্ৰয়োগ হ’ব লাগে৷ পাঁচশ টকা ঘোচ লৈ কেমেৰাৰ সন্মুখত হাত দঙা চৰকাৰী কৰ্মচাৰীসকলৰ লগতে কোটি টকাৰ দুৰ্নীতি কৰি নিৰ্বিঘ্নে দক্ষ প্ৰশাসক বুলি পৰিচয় দিয়া উচ্ছ পদৰ বিষয়া-কৰ্মচাৰীৰ সন্ধান উলিয়াওক দুৰ্নীতি নিবাৰক শাখাৰ কৰ্মচাৰীসকলে৷