Logo
image

অসমত মুছলমানৰ সংখ্যা বাঢ়ি ৪০%, ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্তবিশ্বৰ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জুলাইঃ ‘অসমত মুছলমানৰ জনসংখ্যা বাঢ়ি ৪০ শতাংশ হৈছে৷ প্ৰতিদিনেই ইয়াৰ স'তে মই যুঁজিব লগা হৈছে৷ মোৰ বাবে এয়া ৰাজনৈতিক বিষয় নহয়, এয়া জীৱন-মৰণৰ সমস্যা৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে ঝাৰখণ্ডত  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি কয়– ‘মই অসমৰ পৰা আহিছোঁ৷ মুছলমানৰ বৰ্ধিত জনসংখ্যা মোৰ বাবে এক প্ৰত্যাহ্বান৷ প্ৰত্যেক দিনেই মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে৷ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ বাবে অসমৰ জনসাংখ্যিক পৰিৱৰ্তন হৈছে৷ ১৯৫১ চনত অসমত মুছলমানৰ জনসংখ্যা আছিল ১২ শতাংশ৷ এতিয়া অসমত মুছলমানৰ জনসংখ্যা ৪০ শতাংশলৈ বৃদ্ধি পালে৷’



লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে লোকসভাৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ধিঙৰ সংখ্যালঘু অঞ্চলত নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ এক ভিডিঅ’ সংলগ্ন কৰি সামাজিক মাধ্যমত এনেদৰে মন্তব্য কৰে– ‘মুখ্যমন্ত্ৰীয়ে এমনেছিয়াত ভুগিছে৷ দুমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু অঞ্চলত নাচি-বাগি ভোট বিচাৰিছিল৷ তেতিয়া সংখ্যালঘু অঞ্চলত জীৱন মৰণৰ সমস্যা হোৱা নাছিল৷ ইফালে, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীক উভতি ধৰি কয় যে দীৰ্ঘকালৰ ৰাজ্যৰ অসম চুক্তি ৰূপায়ণ, স্বাস্থ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা৷ কেন্দ্ৰ আৰু ৰাজ্যত দীৰ্ঘ সময় ধৰি তেওঁলোকৰে চৰকাৰ আছে৷ অবৈধ অনুপ্ৰৱেশ আৰু জনসংখ্যা ৰোধ কৰিব নোৱৰাটো তেওঁৰহে ব্যৰ্থতা৷’ মুখ্যমন্ত্ৰীয়ে বুধবাৰে ঝাৰখণ্ডত কয় যে এইবাৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ ফলাফল দেখি তেওঁ উৎসাহী হৈ পৰিছে৷ এইবাৰ ঝাৰখণ্ডত বিধানসভা পদুম ফুল ফুলাটো নিশ্চিত হৈছে৷ লোকসভাৰ নিৰ্বাচনে ইতিমধ্যে আগজাননী দিছে৷ লক্ষণীয় যে চলিত বৰ্ষৰ শেষৰফালে ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সেয়েহে আগতীয়াকৈ ঝাৰখণ্ডত বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে৷ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা তেওঁৰ পত্নীৰ বিভিন্ন দুৰ্নীতিৰ প্ৰসংগটো সৰব হয়৷