Logo
image

মানিমুনিত আছে ১৫বিধ ৰোগৰ ঔষধ

যুগ যুগ ধৰি আয়ুৰ্বেদিক শাস্ত্ৰত উল্লেখিত বিভিন্ন প্ৰাকৃতিক ভেষজ উদ্ভিদ মৰাত্মক ব্যাধিত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে৷ এনে ধৰণৰ এবিধ প্ৰাকৃতিক মহৌষধ হ’ল আমাৰ অতি চিনাকি থলুৱাভাৱে পোৱা মানিমুনি শাক৷ খ্ৰীঃপূঃ সোতৰশ শতিকাৰ পৰাই আফ্ৰিকা, ফ্ৰান্স, শ্ৰীলংকা, ফিলিপিন্‌ছ, সুমাত্ৰা, জাভাত প্ৰাকৃতিক ঔষধ হিচাপে মানিমুনিৰ পাত ব্যৱহাৰ হৈ আহিছে৷ প্ৰাচীন আয়ুৰ্বেদিক শাস্ত্ৰত মানিমুনি পাতৰ হাজাৰটা গুণাগুণ সম্পৰ্কে উল্লেখ আছে৷ এইবিধ পাতৰ ৰস খালে বিভিন্ন অসুখৰ পৰা মুক্তি পোৱা যায়৷ এইবিধ শাকত উপলব্ধ একাধিক উপকাৰী খনিজ পদাৰ্থ আৰু ভিটামিনে মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷



(১) এইবিধ মানিমুনি পাতৰ ৰসৰ পৰা পেটৰ বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি৷ ইয়াত থকা এচিয়াটিকুচাইদ নামৰ উপাদানে হজম ক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি পেটৰ আলচাৰ, ডায়েৰিয়া, বদহজম সমস্যা দূৰ কৰে মানিমুনিয়ে৷
(২) শৰীৰৰ কোনো অংশত কাটিলে মানিমুনি পাতৰ ৰস লগালে তেজ ওলোৱাটো বন্ধ হয়৷ আনকি ঘাঁ আদি সোনকালে শুকায়৷ এইবিধ পাতত থকা ছাপোনিনছ নামৰ উপাদানে ক্ষতস্থানৰ ৰক্ত প্ৰবাহত বাধা দিয়ে৷ যাৰ বাবে ক্ষতস্থান সোনকালে শুকায় আৰু সংক্ৰমণৰ আশংকা নাথাকে৷
(৩) মানিমুনি পাতত থাকে বেকুছাইড এঅ’বি৷ যি মস্তিষ্কৰ কোষ গঠনত সহায় কৰে আৰু ৰক্ত চলাচল বৃদ্ধি কৰে৷ মানিমুনি পাত নিয়মিতভাৱে খালে স্মৃতিশক্তি বৃদ্ধি পায়৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে মস্তিষ্কৰ চেলৰ ক্ষমতা বঢ়ায়৷ ফলত স্মৃতিশক্তি বৃদ্ধি পায়৷
(৪) বয়সস্থ লোকে মানিমুনি পাতৰ ৰস খালে এলজাইমা বা ডিমেনচিয়াৰ দৰে ৰোগৰ পৰা সকাহ পাব পাৰে৷ ই স্নায়ুতন্ত্ৰক সক্ৰিয় কৰি ৰখাত সহায় কৰে৷
(৫) মানিমুনি পাতত আছে প্ৰচুৰ পৰিমাণে এণ্টিইনফ্লেমেটৰি উপাদান যি শৰীৰৰ জ্বলা-যন্ত্ৰণা কমায়৷ তদুপৰি ক্লান্তি ভাব দূৰ কৰে৷ মানিমুনি পাত ছালৰ সমস্যাৰ লগতে চুলিৰ কাৰণেও উপকাৰী৷ প্ৰতিদিনে মানিমুনি পাতৰ ৰস এচামুচ মৌৰ সৈতে মিহলাই খাওক৷ বহুতো ৰোগৰ পৰা উপশম পাব৷