Logo
image

গুৱাহাটীত ২০ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃগুৱাহাটীৰ নাৰেংগীৰ কাষৰীয়া আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ গাতে লগা বোন্দা চপাইদং অঞ্চলত বৃহস্পতিবাৰে বিয়লি চাৰি মান বজাত প্ৰায় ২০ ফুট দৈৰ্ঘ্যৰ ৪৫ কেজি ওজনৰ এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। প্ৰাপ্ত খবৰ মতে কোনো লোকে জংঘলত অজগৰটো প্ৰত্যক্ষ কৰাৰ পাছত  হৈ-চৈৰ সৃষ্টি হয়। পাছত এই বিষয়ে কোনো লোকে গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাক খবৰ দিয়াত তেওঁ ততালিকে নাৰেংগীৰ খণ্ড বন বিষয়া অসীম দাসক অজগৰটো উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।



বন বিষয়া অসীম দাসে আধা ঘণ্টাৰ ভিতৰতে ঘটনাস্থলীত এটা বনকৰ্মীৰ দলসহ উপস্থিত হৈ ৰাইজৰ সহযোগত নিৰাপদে অজগৰডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে সন্ধিয়াৰ ভাগত বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি অজগৰডাল বনকৰ্মীৰ দলে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ গভীৰ জংগলত এৰি দিয়ে। খাদ্যৰ সন্ধানত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ গভীৰ অৰণ্যৰ পৰা অজগৰডাল ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।