Logo
image

শ্ৰীলংকাগামী এদিনীয়া, টি২০ দলত ৰিয়ান অন্তৰ্ভুক্ত

নতুন দিল্লী, ১৮ জুলাইঃ টুৱেণ্টী২০ ক্ৰিকেটৰ পাছত এইবাৰ ৰাষ্ট্ৰীয় এদিনীয়া দলতো স্থান পালে অসমৰ ৰিয়ান পৰাগে৷ তিনিখনকৈ টুৱেণ্টী২০ আৰু এদিনীয়া খেলৰ সূচী লৈ চলিত মাহতে শ্ৰীলংকা ভ্ৰমণ কৰিব ভাৰতীয় দলে আৰু দুয়োটা দলতে স্থান দিয়া হৈছে ৰিয়ান পৰাগক৷ ভাৰতীয় টুৱেণ্টী২০ দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে৷ আনহাতে, এদিনীয়া দলটোৰ নেতৃত্বত থাকিব ৰোহিত শৰ্মা৷

জিম্বাব’ৱেৰ বিৰুদ্ধে সদ্যসমাপ্ত টুৱেণ্টী২০ শৃংখলাটোৰ তিনিখন খেলত মূল একাদশত থাকিলেও দুখন খেলত বেটিঙৰ সুযোগ পাইছিল ৰিয়ানে৷  প্ৰথমখন খেলত তিনিটা বলত ২ আৰু পঞ্চম তথা অন্তিমখন খেলত ২৪টা বলত ৰিয়ানে সংগ্ৰহ কৰিছিল ২২ ৰান৷ জিম্বাব’ৱেৰ বিৰুদ্ধে ৪-১ ব্যৱধানত জয়ী হোৱা শৃংখলাটোত অধিনায়ক শুভমন গীলৰ লগতে অভিষেক শৰ্মা, যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড়, ৰিংকু সিং, সঞ্জু ছেমছন, শিৱম ডুৱেৰ দৰে ক্ৰিকেটাৰৰ প্ৰদৰ্শন আছিল যথেষ্ট ভাল৷ তাৰ বিপৰীতে দুখন খেলত বেটিঙৰ সুযোগ পাই ৰিয়ান পৰাগে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱৰাৰ বাবে সমালোচনাও হৈছিল৷ এই প্ৰদৰ্শনৰ পাছত ক্ৰিকেটাৰজনৰ বাবে টীম ইণ্ডিয়াৰ মূল একাদশলৈ প্ৰত্যাৱৰ্তনৰ পথ কঠিন হৈ পৰিব বুলিও আশংকা কৰা হৈছিল৷ কিন্তু টীম মেনেজমেণ্টৰ লগতে নতুন প্ৰশিক্ষক গৌতম গম্ভীৰৰ আস্থা জয় কৰিবলৈ সক্ষম হ’ল যুৱ ক্ৰিকেটাৰজনে৷ 



ৰিয়ানৰ লগতে ভাৰতীয় এদিনীয়া দলত স্থান পাইছে আন এজন নৱাগত হৰ্ষিত ৰাণাই৷ কিন্তু আশ্চৰ্যজনকভাৱে টুৱেণ্টী২০ অথবা এদিনীয়া কোনো এটা দলতে স্থান দিয়া নহ’ল জিম্বাব’ৱেৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত শতকীয় ইনিংছ খেলা অভিষেক শৰ্মাক৷

টুৱেণ্টী২০ বিশ্ব চেম্পিয়ন হোৱা ভাৰতীয় দলটোৰ কেইবাজনো সদস্যক দেখা যাব শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাটোত৷ লোকেশ ৰাহুল আৰু শ্ৰেয়স আয়াৰৰো প্ৰত্যাৱৰ্তন (এদিনীয়া দলত) ঘটিব৷ এইসকল ক্ৰিকেটাৰৰ উপস্থিতিত যদি শৃংখলাটোত ৰিয়ানক মূল একাদশত স্থান দিয়া হয়, তেন্তে সেয়া হ’ব ক্ৰিকেটাৰজনৰ বাবে এটা ডাঙৰ সুযোগ৷ ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত দেখুওৱা উজ্জীৱিত প্ৰদৰ্শনৰ পাছত অসমৰ যুৱ ক্ৰিকেটাৰজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল দেশৰ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ৷ গম্ভীৰেও আই পি এলত ৰিয়ানৰ প্ৰদৰ্শন দেখিছে৷ তেওঁৰ বেটিং শৈলীয়ে নিশ্চয় গম্ভীৰকো প্ৰভাৱিত কৰিছে৷ এতিয়া সময় সুযোগৰ সদ্ব্যৱহাৰৰ৷ শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগীয়া টুৱেণ্টী২০ আৰু এদিনীয়া শৃংখলা দুটাত যদি ৰিয়ানে মূল একাদশত খেলাৰ সুযোগ পায়  আৰু তেওঁৰ স্বাভাৱিক প্ৰদৰ্শন দাঙি ধৰাত সফল হয়, তেন্তে টীম ইণ্ডিয়াত দীঘলীয়া সময় খেলাৰ আশা কৰিব পাৰিব তেওঁ৷ ২২ বছৰীয়া ক্ৰিকেটাৰজনে এতিয়া নতুন প্ৰশিক্ষক গম্ভীৰক সন্তুষ্ট কৰিব পাৰে নে নোৱাৰে, সেয়া হ’ব লক্ষ্যণীয়৷