Logo
image

কৰ্মসংস্থানৰ সন্ধানত নিৰ্মলাৰ বাজেট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ জুলাইঃ চলিত বিত্তীয় বৰ্ষৰ পৰৱৰ্তী ৮ মাহৰ বাবে মঙলবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰি আয়কৰৰ গাঁঠনি সলনিৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ মধ্যবিত্ত নাগৰিকক সকাহ দিয়াৰ চেষ্টা চলাইছে৷ যোৱা ১ ফেব্ৰুৱাৰীত দাখিল কৰা অন্তৰ্ৱৰ্তী বাজেট আছিল এপ্ৰিলৰ পৰা জুলাইলৈ মাথোঁ ৪ মাহৰ বাবে৷ লোকসভা নিৰ্বাচন হৈ যোৱাৰ পাছত একেৰাহে তৃতীয়বাৰলৈ ক্ষমতা অক্ষুণ্ণ ৰাখি মোদী চৰকাৰে পৰৱৰ্তী ৮ মাহৰ বাবে দেশৰ বাজেট ঘোষণা কৰিলে৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে একেৰাহে সপ্তমবাৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰি সৰ্বাধিক  বাজেট দাখিল কৰা বিত্তমন্ত্ৰী হোৱাৰো অভিলেখ স্থাপন কৰিলে৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেটত আয়কৰৰ তিনিটা স্তৰত (শ্লেব) ৰেহাই ঘোষণা কৰিছে৷ এই আয়কৰ ৰেহাইৰ জৰিয়তে দেশৰ মধ্যবিত্ত শ্ৰেণী লাভন্বিত হ’ব বুলি বিত্তমন্ত্ৰীয়ে দাবী কৰিছে৷ তদুপৰি ‘ষ্টেণ্ডাৰ্ড ডিডাকচন’ৰ ঊধবৰ্সীমা বৃদ্ধি কৰি চাকৰিজীৱিকো সকাহ দিয়াৰ চেষ্টা  চলাইছে বিত্তমন্ত্ৰীয়ে৷ তদুপৰি দেশৰ ১ কোটি  শিক্ষিত যুৱক-যুৱতীক ইণ্টাৰ্নশ্বিপৰ সুযোগ প্ৰদান কৰি নিবনুৱা সমস্যাৰ অস্থায়ী সমাধানৰ পথ গ্ৰহণ কৰিছে বিত্তমন্ত্ৰীয়ে৷ মঙলবাৰে দাখিল কৰা বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুঠ ৯টা ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে৷ সেই ৯ টা ক্ষেত্ৰ হৈছেঃ ১) কৃষি, ২) কৰ্মসংস্থাপন, ৩) মানৱসম্পদ উন্নয়ন আৰু সামাজিক ন্যায়বিচাৰ, ৪) উৎপাদন, ৫) সেৱা, ৬) নগৰ উন্নয়ন, ৭) শক্তি, ৮) উদ্ভাৱন আৰু গৱেষণা, ৯) নতুন প্ৰজন্মৰ সংস্কাৰ৷ ইয়াৰ ভিতৰত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে মধ্যবিত্ত, মহিলা আৰু কৃষকৰ উন্নয়নত৷

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেটৰ জৰিয়তে এনডিএ মৰ্চাৰ গুৰুত্বপূৰ্ণ দুই অংশীদাৰ অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰক অপৰ্যাপ্ত উপহাৰ দি মোদী চৰকাৰৰ স্থায়িত্ব শক্তিশালী কৰিলে৷ উল্লেখ্য, লোকসভা নিৰ্বাচনত ২৪০খন আসন লাভ কৰা বিজেপিয়ে এন ডি এ চৰকাৰখন গঠন কৰিছে অন্ধ্ৰ প্ৰদেশৰ তেলুগু দেশম পাৰ্টী আৰু বিহাৰৰ ডে জি (ইউ)ৰ ওপৰত নিৰ্ভৰ কৰি৷ চৰকাৰত নিজৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰি এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছিল৷ কিন্তু মোদী চৰকাৰে সেই দাবী মানি নল’লেও দুই ৰাজ্যক এই বাজেটত সীমাহীন উপহাৰ দিছে৷ চন্দ্ৰবাবু নাইডুক নতুন ৰাজধানী নিৰ্মাণৰ বাবে আৰু অন্যান্য আন্তঃগাঠনি নিৰ্মাণৰ বাবে ১৫,০০০ কোটি টকা দিছে বাজেটত৷ আনহাতে বিহাৰক হিয়া উবুৰিয়াই দিছে মোদী চৰকাৰৰ বিত্তমন্ত্ৰীয়ে৷ সেই অনুসৰি বিহাৰক নতুন বিমানবন্দৰ, বক্সাৰত গংগাৰ ওপৰত দুই লেনৰ দলং, এক্সপ্ৰেছৱে, বিদ্যুৎ প্ৰকল্প, পৰ্যটন, বান সাহায্য ১১,৫০০ কোটি, নতুন মেডিকেল কলেজ, একাধিক ষ্টেডিয়াম নিৰ্মাণৰ বাবে ধনকে ধৰি মুঠতে ২৬,০০০ কোটি টকা প্ৰদান কৰিছে বাজেটত৷ বাজেটৰ জৰিয়তে এনেদৰে দুখন ৰাজ্যক পুৰস্কাৰ দি মোদী চৰকাৰৰ স্থায়িত্ব বঢ়োৱা বুলিয়েই ব্যাপক সমালোচনা হৈছে৷



জি এছ টি ব্যৱস্থা প্ৰচলন হোৱাৰ পৰা বাজেটৰ জৰিয়তে মধ্যবিত্ত, নিম্ন মধ্যবিত্তক সকাহ দিয়াৰ সুযোগ কমি আহিল৷ কিয়নো ইন্ধন আৰু সুৰাৰ বাহিৰে সকলো সামগ্ৰীৰ মূল্য হ্ৰাস-বৃদ্ধি হয় জিএছটিৰ নিৰিখত৷ এনে পৰিস্থিতিত মধ্যবিত্ত নাগৰিকক সকাহ দিয়াৰ বিকল্প আছিল আয়কৰ ক্ষেত্ৰত ৰেহাই আৰু বিত্তমন্ত্ৰীয়ে এইবাৰ সেই বিকল্পৰ সুযোগেই গ্ৰহণ কৰিছে৷ পুৰণি আয়কৰ পদ্ধতি একেই ৰাখি নতুন আয়কৰৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীয়ে তিনিটা স্তৰত সাল-সলনি ঘটাইছে৷ কিন্তু সমগ্ৰ দেশত, ১৩০ কোটি নাগৰিকৰ ভিতৰত কেৱল ২.৪ কোটি নাগৰিকেহে যিহেতু আয়কৰ প্ৰদান কৰে, সেয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই পদক্ষেপত কিমানজন নাগৰিক লাভান্বিত হ’ব সেয়া তেনেই স্পষ্ট হৈ আছে৷ দেশৰ মুঠ জনসংখ্যাৰ কেৱল ১.৬ শতাংশ লোকৰ আয়কৰ প্ৰদান কৰা সামান্য অংশ এটাইহে এই পদক্ষেপৰ জৰিয়তে সকাহ লাভ কৰিব৷ আয়কৰৰ ক্ষেত্ৰত দেশত এতিয়া দুটা ব্যৱস্থা প্ৰচলন হৈ আছে৷ তাৰে পুৰণি ব্যৱস্থাত কোনো সালসলনি ঘটোৱা হোৱা নাই৷ নতুন ব্যৱস্থাত মঙলবাৰে দাখিল কৰা বাজেটত আয়কৰৰ উৰ্ধসীমা বঢ়াই মধ্যবিত্ত নাগৰিকক সকাহ প্ৰদান কৰিছে বিত্তমন্ত্ৰীয়ে৷ নতুন আয়কৰ ব্যৱস্থা প্ৰযোজ্য হ’ব অহা ১ আগষ্টৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈ৷ সেই অনুসৰি বছৰি ৩ লাখ পৰ্যন্ত উপাৰ্জনত কোনো আয়কৰ নাই৷ অৱশ্যে পূৰ্বেও ৩ লাখ আয় পৰ্যন্ত আয়কৰ শূন্য আছিল৷ এতিয়া ৩ লাখৰ পৰা ৭ লাখ টকা উপাৰ্জনকাৰীয়ে ভৰিব লাগিব উপাৰ্জনৰ ৫ শতাংশ আয়কৰ৷ পূৰ্বে ৩ লাখৰ পৰা ৬ লাখ টকালৈ উপাৰ্জনত আছিল ৫ শতাংশ কৰ৷ তদুপৰি ৭ লাখৰ পৰা ১০ লাখ টকালৈ উপাৰ্জনকাৰীয়ে ভৰিব লাগিব ১০শতাংশ আয়কৰ৷ পূৰ্বে ৬ লাখৰ পৰা ৯ লাখলৈ ১০শতাংশ আয়কৰ আছিল৷ 

নতুন আয়কৰ অনুসৰি ১০ লাখৰ পৰা ১২ লাখ টকালৈ কৰা উপাৰ্জনত কৰ হ’ব ১৫শতাংশ৷ পূৰ্বে ১০ লাখৰ পৰা ১২ লাখলৈ আছিল ১৫শতাংশ আয়কৰ৷ আনহাতে, ১২ লাখৰ পৰা ১৫ লাখলৈ ২০শতাংশ আৰু ১৫ লাখ টকাৰ অধিক উপাৰ্জন হ’লে আয়কৰ হ’ব ৩০ শতাংশ৷ অন্তিম এই দুয়োটা স্তৰত আয়কৰ পৰিৱৰ্তন কৰা নাই বিত্তমন্ত্ৰীয়ে৷ তদুপৰি চাকৰিয়ালৰ আয়কৰৰ ‘ষ্টেণ্ডাৰ্ড ডিডাকচন’ পূৰ্বৰ ৫০, ০০০ টকাৰ স্থানত ৭৫, ০০০ টকালৈ বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত দৰমহাভোগী চাকৰিয়ালৰ বছৰি সৰ্বাধিক ১৭, ৫০০ টকা ৰাহি হ’ব৷ নতুন পদ সৃষ্টি অথবা নিযুক্তিৰ ক্ষেত্ৰত বাজেটত বৃহৎ সুযোগ ৰখা হৈছে৷ পৰৱৰ্তী ৫ বছৰত ৪.১ কোটি নিযুক্তিৰ লক্ষ্যৰে ৩ খন নিয়োগ সম্পৰ্কীয় আঁচনিৰ বাবে বাজেটত ২ লাখ কোটি টকা ধাৰ্য কৰা হৈছে৷ প্ৰথমখন আঁচনিৰ জৰিয়তে প্ৰথম নিয়োগৰ সুযোগ লাভ কৰাজনক তিনিটা কিস্তিত সৰ্বাধিক ১৫,০০০ টকাকৈ দৰমহা পোনে পোনে দিয়া হ’ব৷ দ্বিতীয়খন আঁচনিৰ জৰিয়তে নিৰ্মাণ খণ্ডত নিয়োজিত প্ৰথম নিয়োগ পোৱা কৰ্মচাৰীক ভাট্টা প্ৰদান কৰা হ’ব৷ তৃতীয় আঁচনিত নিয়োজিত কৰ্মচাৰীয়ে প্ৰথম ২ বছৰত মাহে ৩০০০ টকাকৈ লাভ কৰিব৷ আনহাতে শিক্ষাৰ্থীয়ে উচ্ছ শিক্ষাৰ বাবে দেশৰ শিক্ষা প্ৰতিষ্ঠানত সৰ্বোচ্ছ ১০ লাখ টকাৰ ঋণ লাভ কৰিব৷

বিনিয়োগত উৎসাহ প্ৰদানৰ বাবে এইবাৰৰ বাজেটত ‘এঞ্জেল কৰ’ বিলুপ্ত কৰা হৈছে৷ ‘এঞ্জেল কৰ’ ষ্টাৰ্ট আপ কোম্পানীৰ ক্ষেত্ৰত আৰোপ কৰা হৈছিল৷ চহৰ উন্নয়নৰ বাবে পিএম আবাস যোজনাত ১০ লাখ কোটি টকা বিনিয়োগৰ লক্ষ্য লোৱা হৈছে, য’ৰ কেন্দ্ৰীয় সাহায্য হ’ব অহা ৫ বছৰত ২.২ লাখ কোটি টকা৷ মহিলাৰ দক্ষতা বৃদ্ধি, চাকৰিজীৱি মহিলাৰ হোষ্টেল নিৰ্মাণ, শিশুৰ ক্ৰেছ নিৰ্মাণৰ বাবে ৩ লাখ কোটি টকাৰ আঁচনি লোৱা হৈছে বাজেটত৷ কৃষিখণ্ডৰ বাবে ১.৫২ লাখ কোটি টকা ধাৰ্য কৰা হৈছে, য’ত অহা ২ বছৰত ৰ কোটি কৃষক লাভাম্বিত হ’ব৷ গ্ৰাম্য উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকাৰ আঁচনি লোৱা হৈছে৷ দেশৰ মহাকাশ অভিযানৰ বাবে ১০০০ কোটি টকা, শিক্ষা-নিয়োগৰ বাবে ১.৪৮ লাখ কোটি টকা, প্ৰতিৰক্ষাৰ শিতানত ৬.২১ লাখ কোটি টকা, ৰে’ল বিভাগৰ বাবে ২.৫৬ লাখ কোটি টকা ধাৰ্য কৰা হৈছে৷ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অহা ৮ মাহৰ বাজেটত মুঠ ব্যয় ধাৰ্য কৰা হৈছে ৪৮.২১ লাখ কোটি টকা৷ এই সময়চোৱাত চৰকাৰে ৰাজহ আয় কৰিব ৩২.০৭ লাখ কোটি টকা৷ সেয়ে পৰৱৰ্তী বিত্তীয় বৰ্ষত মুঠ জিডিপিৰ ৪.৯ শতাংশ ৰাজহ ঘাটি হিচাপ কৰা হৈছে৷