Logo
image

পাঠশালাত 'জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্রতিযোগিতা'

'আমাৰ অসম'ৰ মহানগৰ বাৰ্তা, ১৬ নৱেম্বৰঃ পাঠশালা ৰাস মহোৎসৱৰ উদ্যোগত আৰু বজালী বিহুৱা দলৰ সহযোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ১৮ নৱেম্বৰ, মঙলবাৰে 'জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্রতিযোগিতা'ৰ আয়োজন কৰা হৈছে। বজালী বিহুৱা দলৰ সভাপতি গিৰিধৰ চৌধাৰী আৰু সম্পাদক অৰূপ কলিতাই জনোৱা মতে, ১৮ নৱেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা যিকোনো এটা অসমীয়া আধুনিক গীত এজন প্রতিযোগীয়ে এককভাৱে পৰিৱেশন কৰিব লাগিব।


আনহাতে প্ৰতিযোগীয়ে পৰিৱেশন কৰিব বিচৰা গীতটোৰ প্ৰতিলিপি আয়োজক বা বিচাৰকৰ হাতত প্রতিযোগিতাৰ পূৰ্বে জমা দিব লাগিব। প্ৰতিগৰাকী প্রতিযোগীক গীত পৰিৱেশন কৰিবৰ বাবে চাৰি মিনিটকৈ সময় দিয়া হ'ব। উল্লেখ্য যে আয়োজক সমিতিয়ে প্রতিযোগীসকলৰ বাবে বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্রী শিল্পীৰ ব্যৱস্থা কৰিব লাগিব। প্রতিযোগিতাৰ বাবে কোনো ভর্তি মাচুল নালাগে। ইচ্ছুক প্রতিযোগীসকলে ৯১০১৫-০২৫১৬ বা ৮৬৩৮৩-৮৮২৯৪ নম্বৰত যোগাযোগ কৰিব পাৰিব। জুবিন গাৰ্গ অবিহনে পালন কৰিবলৈ লোৱা অসমীয়াৰ হিয়াৰ আমঠু শিল্পীজনৰ প্ৰথমটো জন্মদিনৰ দিনা অনুষ্ঠিত কৰিবলৈ লোৱা এই প্রতিযোগিতাত সদাশয় ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আয়োজক সকলৰ হৈ আন্তৰিকতাৰে কামনা কৰিছে গিৰিধৰ চৌধাৰী আৰু অৰূপ কলিতাই।