Logo
image

ইউৰিক এচিড! আমলখি- জামু খাওক

ইউৰিক এচিডত বিভিন্নজন লোক প্ৰায়ে আক্ৰান্ত  হোৱা দেখা যায়৷ হাড়ে হাড়ে, গাঁঠিয়ে গাঁঠিয়ে বিষ অনুভৱ হয়৷ কিডনীৰ কাৰ্যকাৰিতা নিম্নমানৰ হ’লেই শৰীৰত আৰম্ভ হয় ইউৰিক এচিডৰ তাণ্ডৱ৷ অধিক পৰিমাণে মিঠা জাতীয় পানীয়, বীয়েৰ, পনিৰ, ৰাজমাহ অধিক পৰিমাণে খালে ইউৰিক এচিডৰ স্তৰ বাঢ়ি যায়৷ অধিক সময় যদি ইউৰিক এচিড অনিয়ন্ত্ৰিত হৈ থাকে কিডনী, হাৰ্ট, হাওঁফাওঁ স্তব্ধ হ’ব পাৰে৷ এই সমস্যাৰ পৰা মুক্ত হ’বৰ বাবে খাদ্য গ্ৰহণৰ ওপৰত বিভিন্নজনে গুৰুত্ব দিয়ে যদিও কেইটামান নিয়ম, মানি চলাৰ  লগতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক হ’লে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ 



- আয়ুৰ্বেদৰ মতে ইউৰিক এচিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুলঞ্চ বা শগুণীলতা বৰ উপকাৰী৷ গুলঞ্চ গছৰ পাত বা ডাল কাটি আনি পানীত ভিজাই থ’ব লাগে৷ পুৱা এগিলাচ পানীৰ সৈতে গুলঞ্চৰ ৰস খালে ইউৰিক এচিডজনিত সমস্যাৰ পৰা মুক্ত হ’ব পাৰি৷ তিল তেলৰ দ্বাৰা মালিচ কৰিব লাগে৷  
- ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে আমলখি, জামু আদি ফল খোৱাৰ অভ্যাস কৰিব লাগে৷ তদুপৰি লাউ, তিয়ঁহ, কেৰেলা, স্কোৱাচ জাতীয় চৰ্বজী খাব লাগে৷ 
- ইউৰিক এচিডৰ দৰে সমস্যাৰ পৰা মুক্ত হ’বৰ বাবে প্ৰতিদিনে কমেও ৪৫ মিনিট সময়ৰ বাবে শৰীৰ চৰ্চা, যোগা কৰিব লাগে৷ 
- শৰীৰ চৰ্চাৰ সমান্তৰালভাৱে  প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷ ফাইবাৰ জাতীয় খাদ্য একেবাৰে খাব নালাগে৷
- গম, দালি আৰু মটৰমাহ জাতীয় খাদ্য পৰাপক্ষত এৰাই চলিব লাগে৷ 
- ৰাতি সদায় পাতল আহাৰ গ্ৰহণ কৰিব লাগে৷ 
ভাল টোপনি বহু বেমাৰৰ মহৌষধ৷ প্ৰতিদিনে কমেও ৬-৭ ঘণ্টা সময় শুব লাগে৷ 
- মানসিক চাপৰ পৰা মুক্ত হোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷ মানসিক চাপ, খং-ৰাগ আদি নিয়ন্ত্ৰণত ৰাখিলে বহু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ মন সুস্থ কৰি ৰাখিলে তাৰ প্ৰভাৱ শৰীৰতো পৰে৷
- এইখিনি নিয়ম মানি চলাৰ উপৰি ইউৰিক এচিডত ভুগিলে চিকিৎসকৰ তাৎক্ষণিক পৰামৰ্শ গ্ৰহণ কৰা উচিত৷