Logo
image

সংসদত শাসক-বিৰোধীৰ দ্বৈৰথ

নতুন দিল্লী, ২৬ জুলাইঃ কেন্দ্ৰীয় বাজেটত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাহিৰে বাকী ৰাজ্যসমূহক কৰা বঞ্চনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে দ্বিতীয়দিনাও সংসদৰ দুয়ো সদন উত্তাল কৰি তোলে বিৰোধী সাংসদসকলে৷ ফলত ৰাজ্য সভা আৰু লোকসভাৰ অধিৱেশন দিনটোত কেইবাৰো স্থগিত ৰাখিবলগীয়া হয়৷ বিৰোধী সাংসদসকলে এইবাৰৰ কেন্দ্ৰীয় বাজেটখনক মোদী চৰকাৰৰ ‘কুৰ্ছি বাচাও বাজেট’ বুলি অভিহিত কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ তেলুগু দেশম পাৰ্টী আৰু বিহাৰৰ জনতা দল সংযুক্তই যাতে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাজেটখন প্ৰস্তুত কৰা বুলি উল্লেখ কৰে৷ ইয়াৰ বিপৰীতে প্ৰতিবাদী সাংসদসকলক বিজেপি আৰু এনডিএ চৰকাৰৰ মিত্ৰদলৰ সাংসদসকলে উভতি ধৰে৷ ফলত সংসদৰ মজিয়াত শাসক-বিৰোধীৰ দ্বৈৰথত কেবাবাৰো অধ্যক্ষই অধিৱেশন স্থগিত ৰাখিবলগীয়া হয়৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে এইখন বাজেটেৰে সাধাৰণ লোকসকলক অন্যায় কৰা হৈছে৷ 



ইপিনে, কেন্দ্ৰীয় বাজেটখনকলৈ বিৰোধী দলসমূহে কৰা প্ৰতিবাদক আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ‘জনতাৰ মতৰ প্ৰতি অপমান’ কৰা বুলি উল্লেখ কৰে৷ ইয়াকে লৈ পুনৰ উত্তাল হৈ পৰে সংসদৰ দুয়ো সদন৷ ৰিজিজুৱে লগতে কয় যে এইখন বাজেটেৰে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিহাস সৃষ্টিৰ পথত আগবাঢ়িছে৷ এনে ক্ষেত্ৰত বিৰোধী সকলে কৰা প্ৰতিবাদক তেওঁ অপমান বুলি আখ্যা দিয়ে৷ আনহাতে শেহতীয়া বাজেটত ৰাজ্যসমূহক কৰা বঞ্চনাৰ বাবেই সংসদ ভৱনৰ বাহিৰতো কংগ্ৰেছ তথা ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰি দলসমূহে আজি দীৰ্ঘ সময় অৱস্থান ধৰ্মঘটত বহে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰেও ইণ্ডিয়া মিত্ৰজোঁটৰ লগতে বিৰোধী সাংসদসকলে সংসদ উত্তাল কৰি তুলিছিল৷ বুধবাৰে অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকে ধৰি বিৰোধী দলসমূহৰ প্ৰায়ভাগ সাংসদে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটখনেৰে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাহিৰে উত্তৰ-পূবৰ লগতে প্ৰায় সকলো ৰাজ্যক বঞ্চনা কৰা বুলি মন্তব্য কৰে৷ একেদৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়েও কেন্দ্ৰীয় বাজেটখনক বঞ্চনাৰ দলিল বুলি অভিহিত কৰিছে৷ স্মৰ্তব্য যে এইবাৰৰ কেন্দ্ৰীয় বাজেটৰ সিংহভাগ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰক দিয়া হয়৷ সেই অনুসৰি বিহাৰক বানমুক্ত কৰিবলৈ ১১,৫০০ কোটি টকা দিয়া হৈছে৷

সেইদৰে অন্ধ্ৰপ্ৰদেশৰ বাবেও ধাৰ্য কৰা হৈছে ১৫,০০০ কোটি টকাৰ বিশেষ পেকেজ৷  ইয়াৰ বিপৰীতে অসমকে ধৰি প্ৰায়ভাগ ৰাজ্যকে বঞ্চনা কৰা হৈছে৷ যাৰ প্ৰতিবাদত আজি সংসদৰ দুয়ো সদনত উত্তাল হৈ পৰে৷ ইপিনে বুধবাৰে বাজেট বিতৰ্কৰ সময়ত কৰা মন্তব্যৰ বাবে আজি বিজেপিৰ আইটিচেলৰ মুৰব্বী অমিত মালব্যই তৃণমূলৰ সাংসদ কল্যাণ বন্দোপাধ্যায়ক আক্ৰমণ লক্ষ্য কৰি লয়৷ অমিত মালব্যই এই সন্দৰ্ভত নিজৰ এক্স হেণ্ডলত সাংসদ বন্দোপাধ্যায়ক আনকি নিম্নস্তৰৰ গুণ্ডা বুলিও অভিহিত কৰে৷ তদুপৰি সাংসদ বন্দোপাধ্যায়ক তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ বুলি উল্লেখ কৰি মমতা সন্দৰ্ভতো নিন্দাজনক মন্তব্য কৰে৷