Logo
image

ডিমেনচিয়াৰ পৰা হাত সাৰিবলৈ জিংকযুক্ত খাদ্য খাওক

দেশত প্ৰায় ৪০ লাখ লোক ডিমেনচিয়াজনিত অসুখত আক্ৰান্ত হয়৷  বিশ্বত ৫ কোটিৰো অধিক লোক ইয়াৰ গ্ৰাসত পৰিছে৷ প্ৰথমতে এই ৰোগত আক্ৰান্তজনে যিকোনো কথাই সহজে পাহৰি যায়৷ দিন যোৱাৰ লগে লগে তেওঁ গুৰুতৰ ডিমেনচিয়াত আক্ৰান্ত হয়৷ দৈনন্দিনৰ কথাবোৰো হঠাৎ পাহৰি যায়৷ এসময়ত দিন-ৰাতিৰ পাৰ্থক্যই ধৰিব নোৱাৰা হয়৷ মগজুৰ পৰা সকলো স্মৃতিয়েই যেন হেৰাই যায়৷



ব্লু-বেৰীঃ বিভিন্ন গৱেষণাত এই তথ্য প্ৰকাশ পাইছে যে নিয়মীয়াকৈ ব্লু-বেৰী খালে ডিমেনচিয়া প্ৰতিৰোধক ৰূপে কাম কৰে৷ ব্লু-বেৰীত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ যাৰ বাবে ব্লু-বেৰী খালে মগজুৰ স্বাভাৱিক কাৰ্যক্ষমতা অটুট থাকে৷
শাকঃ যিকোনো সেউজীয়া শাকেই স্বাস্থ্যৰ বাবে উপকাৰী৷ সেউজীয়া শাক-পাচলিত থকা বিভিন্ন পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷ বিশেষকৈ পালেং শাক, গাজৰ নিয়মীয়াকৈ খালে ডিমেনচিয়া ৰোগ প্ৰতিৰোধত সহায় হয়৷
হালধিঃ হালধিত কাৰকিউমিন নামৰ এবিধ উপকাৰী উপাদান থাকে৷ এই কাৰকিউমিনে ডিমেনচিয়া প্ৰতিৰোধ কৰাত সহায় কৰে৷ বিভিন্ন ৰন্ধনত হালধিৰ প্ৰয়োগ হয় যদিও প্ৰয়োজনত কেঁচা হালধিৰ ৰস গাখীৰৰ সৈতে মিহলাই খালে সুফল পাব পাৰি৷
ভিটামিন ‘চি’: ভিটামিন ‘চি’ সমৃদ্ধ শাক-পাচলি, ফলমূল নিয়মীয়াকৈ খালে স্মৃতিশক্তি অটুট থাকে৷ 
ভিটামিন ‘ই’: ডিমেনচিয়া প্ৰতিৰোধৰ বাবে ভিটামিন ই সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়৷ বিশেষকৈ সূৰ্যমুখী তেল, কাজু বাদাম, চীনা বাদাম আদিত প্ৰচুৰ পৰিমাণে ‘ই’ ভিটামিন পোৱা যায়৷
ভিটামিন ‘ডি’: শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লেও ডিমেনচিয়াৰ আশংকা বৃদ্ধি পায়৷ সেইবাবে প্ৰতিদিনে কমেও পুৱাই দহমিনিটমান সময়  ৰ’দ ল’ব লাগে৷
স্বাস্থ্যকৰ ফেটঃ শৰীৰ নিৰোগী কৰি ৰখাৰ বাবে স্বাস্থ্যকৰ ফেট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে৷ জলফাই তেল, কণী, ওমেগা-৩ ফেটি এচিদ সমৃদ্ধ খাদ্য খাব লাগে৷ এই উপকাৰী ফেটি এচিদে ডিমেনচিয়া প্ৰতিৰোধ কৰিব পাৰে৷ 
জিংকযুক্ত খাদ্যঃ  প্ৰতিদিনে জিংকযুক্ত খাদ্য গ্ৰহণ কৰিলে ডিমেনচিয়া প্ৰতিৰোধ কৰিব পাৰি৷ কোমোৰাৰ গুটি, ডাৰ্ক চকলেট, ৰাজমাহ, মটৰ আদিত প্ৰচুৰ পৰিমাণে জিংক পোৱা যায়৷ সেয়ে এনেধৰণৰ জিংকসমৃদ্ধ দ্ৰব্য খালে যথেষ্ট সুফল পাব পাৰি৷