Logo
image

কি ঘটিছে বচ্ছন পৰিয়ালত?

বচ্ছন পৰিয়ালৰ খৰিয়ালে সম্প্ৰতি চূড়ান্ত ৰূপ পাইছেগৈ৷ ঐশ্বৰ্য-অভিষেক বলীউডৰ অত্যন্ত জনপ্ৰিয় দম্পতী৷ ২০০৭ চনৰ ২০ এপ্ৰিলত দুয়োৰে বিবাহ হয়৷ দুয়োৰে ১৭ বছৰীয়া দাম্পত্য জীৱনৰ সাক্ষী ১৪ বছৰীয়া কন্যা সন্তান আৰাধ্যা৷ কিন্তু দুয়োৰে মধুৰ সম্পৰ্কত ফাঁট মেলিছে৷ বলীউডৰ ভিতৰে-বাহিৰে এতিয়া জুনিয়ৰ বচ্ছন দম্পতীৰ বিবাহ বিচ্ছেদৰ গুঞ্জন৷ দুয়োৰে সম্পৰ্কৰ সমীকৰণে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ ইতিমধ্যে ঐশ্বৰ্য-অভিষেকৰ দাম্পত্য জীৱনক লৈ বহু পানী ঘোলা হ’ল৷ 



‘কফি উইথ কৰণ’ ৰিয়েলিটী শ্ব’টোত ঐশ্বৰ্য সম্পৰ্কে কৰা শ্বেতা  বচ্ছনৰ মন্তব্যই এনেদৰে তোলপাৰ লগাইছে৷ বলীউডৰ জনপ্ৰিয় দম্পতী ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্ছনক অনুৰাগীসকলে একেলগে থকাতো বিচাৰে যদিও হয়তো দুয়োৰে ভাগ্যই সেয়া হ’বলৈ নিদিয়ে৷ চলিত মাহৰ প্ৰথম ভাগতে দুয়োৰে সম্ভৱতঃ এৰা এৰি হৈছে৷ আম্বানি পৰিয়ালৰ বিশ্বখ্যাত বিয়াখনতো দুয়োকে একেলগে দেখা নগ’ল৷ কাজেই বলীউডৰ জনপ্ৰিয় দম্পতীহালৰ সম্পৰ্কত বাৰুকৈয়ে ফাঁট মেলিছে৷ আম্বানি বিয়াত ঐশ্বৰ্য-অভিষেকৰ বডি লেংগুৱেজ দেখিয়ে বিশ্বই জানিছে ঐশ্বৰ্য-অভিষেকৰ বিচ্ছেদ হৈছে৷ ইফালে দুবছৰ ধৰি ঐশ্বৰ্য কন্যা আৰাধ্যাক জন্মদিনত বচ্ছন পৰিয়ালে শুভেচ্ছা জনোৱা নাই৷ বলীউডৰ সূত্ৰ আৰু বচ্ছন পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰ মতে ঐশ্বৰ্য-অভিষেকৰ ঘৰ ভঙা মানুহগৰাকী হ’ল অভিষেকৰ ভগ্নী শ্বেতা বচ্ছন৷ ঐশ্বৰ্যৰ ননদ শ্বেতাই ঐশ্বৰ্যক সুখত থাকিবলৈ নিদিয়ে৷ অভিষেক-ঐশ্বৰ্য স্বামী-স্ত্ৰী ৰূপত শ্বেতাৰ একেবাৰে পছন্দ নহয়৷ শ্বেতাৰ দৃষ্টিত ঐশ্বৰ্য ভাল অভিনেত্ৰী হ’ব নোৱাৰে৷ লগতে ভাল মাতৃ তথা পত্নী৷ শ্বেতাৰ দৃষ্টিত ঐশ্বৰ্য বচ্ছন পৰিয়ালৰ বাবে চকুৰ কূটা দাঁতৰ শাল৷  

ঐশ্বৰ্য-অভিষেকৰ ঘৰ সংসাৰ বাচি থাকিবলৈ নিদিয়ে ননদ শ্বেতা বচ্ছনে শেহতীয়াকৈ অভিষেক বচ্ছনে এক সাক্ষাৎকাৰত সদৰি কৰে যে দুয়োৰে বিচ্ছেদ সমাগত৷ ইতিমধ্যে পৰস্পৰে পৰস্পৰৰ পৰা বহুদূৰ আঁতৰি গৈছে৷ ১৭ বছৰীয়া দাম্পত্য জীৱনত কেৰোণ লাগিছে৷ পাৰ্টী, বিবাহ অনুষ্ঠান বা পৰিয়ালকেন্দ্ৰিক কোনো অনুষ্ঠানতে দেখা নাই এই জনপ্ৰিয় যুটীক৷ বলীউডৰ ভিতৰে-বাহিৰে  সকলোৰে চৰ্চিত বিষয় ঐশ্বৰ্য-অভিষেক৷ অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠানতো দুয়ো একেলগে যোৱা নাই৷ বিবাহ বিচ্ছেদৰ মাত্ৰ আনুষ্ঠানিকতাহে বাকী৷ শেহতীয়া ৰিপ’ৰ্ট মতে এখন নতুন বিলাসী গাড়ী ক্ৰয় কৰিছে জুনিয়ৰ বচ্ছনে৷ বুধবাৰে ৰাতি অভিষেকে তেওঁৰ ভগ্নী শ্বেতা বচ্ছন আৰু শ্বাহৰুখ তনয়া সুহানক নতুন গাড়ীত উঠাই ডিনাৰলৈ যায়৷ নতুন গাড়ীত নাই ঐশ্বৰ্য কিম্বা কন্যা আৰাধ্যা৷ ক’লা ৰঙৰ নতুন বিলাসবহুল গাড়ীখনৰ নম্বৰপ্লেটৰ চাৰিটা সংখ্যা হ’ল ৫০৫০৷ অৱশ্যে গাড়ীৰ নম্বৰটো ঐশ্বৰ্যৰ প্ৰিয় সংখ্যা৷ যি কি নহওক অভিষেকৰ নতুন গাড়ীত ঐশ্বৰ্যক নেদেখি নেটিজেনৰ মাজত কৌতুহল দুগুণে বৃদ্ধি পাইছে৷