Logo
image

গ্ৰীষ্মবন্ধৰ শেষত

সম্পূৰ্ণ এটা মাহৰ বিৰতিৰ অন্তত ১ আগষ্টৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানবোৰ৷ গৰমৰ বন্ধৰ হেতুকে বিদ্যালয়ৰ পৰা নিজ নিজ বাসগৃহত অৱস্থান লোৱা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পুনৰ আগমণে কোলাহলৰ সৃষ্টি কৰিব বিদ্যালয়ৰ চৌহদ৷ বিগত এটা মাহ গৰমৰ হেতুকে বন্ধ ৰখা বিদ্যালয়খনলৈ পুনৰ আহিবলৈ ইতিমধ্যে কুছকাৱাজ আৰম্ভ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে৷ সচেতন অভিভাৱকসকলে সন্তানৰ পোছাক, কিতাপ-বহী আদিৰ অভাৱ পূৰণ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে প্ৰয়াস৷ মধ্যবিত্ত শ্ৰেণীৰ অভিভাৱকসকলে যিদৰে সন্তানৰ বাবে স্কুলৰ পোছাক কিনিবলৈ চহৰৰ কাপোৰৰ দোকানলৈ ঢাপলি মেলিব তাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালৰ মাতৃসকলে সন্তানৰ পুৰণি পোছাকযোৰকে ধুই-মেলি সুন্দৰ কৰিব৷ প্ৰকৃততে পৰিয়ালত সন্তান থকা পিতৃ-মাতৃসকলৰ কাৰণে জুলাই মাহৰ অন্তিম সপ্তাহটো হৈ পৰে ব্যস্ততাৰ সপ্তাহ৷ অভিভাৱকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেও আহি পৰে অনেক ব্যস্ততা৷ গৰমৰ বন্ধত সমাপন কৰিব লগা গৃহকাৰ্যখিনিৰ প্ৰতি পিঠি দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আন এক সংগ্ৰাম আহি পৰে মাহৰ শেষত৷ যিকি নহওক সম্পূৰ্ণ এটা মাহৰ অন্তত হেঁপাহৰ শ্ৰেণীকোঠাটোত প্ৰৱেশৰ বাবে অপেক্ষা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এক আগষ্টৰ দিনটো হৈ পৰে আনন্দৰ দিন৷ গৰমৰ বন্ধত ক’ত ক’ত ফুৰিবলৈ গ’ল, কি কি নতুন স্থান দেখিলে, গীত-নাটৰ কৰ্মশালাবোৰৰ অভিজ্ঞতাবোৰ সহপাঠীৰ আগত ব্যাখ্যা কৰিব ছাত্ৰ-ছাত্ৰীসকলে৷
শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতো হ’ব অনেক আলোচনা৷ বন্ধত পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱা দিল্লী, গোৱা কিম্বা শ্বিলঙৰ অভিজ্ঞতাখিনিৰ ব্যাখ্যাই ব্যস্ত কৰি ৰাখিব শিক্ষক জিৰণি কোঠা৷ একাংশ শিক্ষকে বন্ধৰ মাজতে নিজা বাসগৃহটো নিৰ্মাণ কিম্বা পুনৰ নিৰ্মাণৰ কামখিনি কিমান সম্পূৰ্ণ কৰিলে, চেন্নাইৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি দিয়া পৰামৰ্শবোৰো দাখিল হ’ব সহকম¹ৰ মাজত৷ বন্ধত হোৱা ব্যয়ৰ হেতুকে বেংকত জমা থোৱা টকাকেইটা নাইকিয়া হোৱা একাংশ শিক্ষকৰ বাবে দৰমহাটো কেতিয়া হ’ব বুলি সঘনে কৰিব প্ৰশ্ন৷ অন্যহাতে গৰমৰ বন্ধটো শেষ হোৱাৰ পূৰ্বে সজাগ হ’ব লাগিব বিদ্যালয় প্ৰধানসকল৷ এটা মাহ ধৰি বন্ধ হৈ থকা বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ টেবুল, চকী, ডেস্ক-বেঞ্চ, প্ৰস্ৰাৱগাৰ, গ্ৰন্থাগাৰ, বিজ্ঞানাগাৰ, খেলপথাৰ আদি পৰিস্কাৰকৈ ৰখাৰ দায়িত্বৰ পৰা আঁতৰিব নোৱাৰিব বিদ্যালয় প্ৰধানসকল৷
অসমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ মাজত সততে প্ৰত্যক্ষ কৰা প্ৰভেদটো হৈছে পৰিৱেশ৷ বেচৰকাৰী বিদ্যালয়সমূহৰ চৌহদ, শ্ৰেণীকোঠা, বিজ্ঞানাগাৰ কিম্বা গ্ৰন্থাগাৰবোৰ যিমান পৰিস্কাৰ, তেনেদৰে পৰিস্কাৰ নহয় চৰকাৰী বিদ্যালয়বোৰ৷ চৰকাৰী বিদ্যালয়খনৰ মুৰব্বীজনৰ কাৰ্যক্ষমতা, দূৰদৰ্শিতাই নিৰূপণ কৰে বিদ্যালয়ৰ পৰিস্কাৰ পৰিচ্চন্নতা৷ সমাজ সচেতক বা পথ প্ৰদৰ্শকৰ ভূমিকাত থকা আমাৰ শিক্ষক সমাজৰ পৰা এক ইতিবাচক সঁহাৰি কামনা কৰিছো৷ ছাত্ৰ-ছাত্ৰীৰ সুবিধা-অসুবিধাখিনিৰ ওপৰত সচেতন হোৱা উচিত শিক্ষক সমাজ৷ ৰাজ্য চৰকাৰে বছৰৰ এটা দিনত অনুষ্ঠিত কৰা গুণোৎসৱৰ দিনা বিদ্যালয়ত প্ৰত্যক্ষ কৰা উচাহৰ পৰিৱেশটো প্ৰতিটো দিনতে বিৰাজ কৰক চৰকাৰী বিদ্যালয়ত৷ এইক্ষেত্ৰত বহুখিনি কৰণীয় আছে ৰাজ্য চৰকাৰৰ৷ শিক্ষামন্ত্ৰীজনৰ লগতে বিষয়াসকলৰ বৌদ্ধিকজ্ঞানে বিকাশ আনে শিক্ষা বিভাগত৷ বছৰৰ প্ৰতিটো দিনতে নতুন নতুন নিৰ্দেশ দিয়া, শিক্ষাসেতু এপৰ তথ্য লৈ শিক্ষকক ভাবুকি দিয়া, অত্যধিক হেঁচাৰ মাজত বিদ্যালয় প্ৰধানসকলক ব্যতিব্যস্ত কৰি ৰখা প্ৰৱণতাবোৰ বন্ধ হোৱাটো কামনা কৰিছো৷ শিক্ষকক শিক্ষক হিচাপে জ্ঞান কৰাটো উচিত যদিও বৰ্তমান সময়ত শিক্ষকক কৰ্মচাৰীৰ শাৰীলৈ আনি কৰা চৰকাৰী আচৰণে বাধাৰ সৃষ্টি কৰিছে অসমৰ বৌদ্ধিক বিকাশত৷ সকলো সজাগ হওক দায়িত্ব কৰ্তব্যৰ প্ৰতি– তাকেই কামনা কৰিছো৷