Logo
image

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক অৰ্জন মনুৰ, সাহস দিছিল গীতাৰ শ্লোকে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ জুলাইঃ গীতাৰ শ্লোক আওৰাই নিজৰ বদমেজাজ সলনি কৰা হাৰিয়ানাৰ ২২ বছৰীয়া তৰুণী মনু ভাকেৰে পেৰিছ অলিম্পিকৰ পৰা ভাৰতলৈ প্ৰথমটো পদক আনি দেশবাসীৰ দেওবৰীয়া মেজাজেই সলনি কৰি দিলে৷ প্ৰতিযোগিতাৰ দ্বিতীয় দিনটোতে মনু ভাকেৰে দেশবাসীক উপহাৰ দিলে মহিলাৰ ১০ মিটাৰ এয়াৰ পিস্তলৰ ব্ৰ’ঞ্জৰ পদক৷ 



ইতিহাস সৃষ্টি কৰি মনু ভাকেৰৰ এই ব্ৰ’ঞ্জৰ পদকেই হৈ পৰিল সমগ্ৰ দেশৰ ইতিহাসত অলিম্পিকৰ শ্বুটিঙৰ মহিলাৰ প্ৰথমটো পদক৷ একেটা কৃতিত্বৰে তৰুণী মনু ভাকেৰে অলিম্পিক শ্বুটিঙত ভাৰতৰ ১২ বছৰীয়া পদকহীনতাৰো সমাপ্তি ঘটালে৷ ভাৰতে শেষবাৰৰ বাবে অলিম্পিক শ্বুটিঙত পদক লাভ কৰিছিল ২০১২ চনৰ লণ্ডন অলিম্পিকত, গগন নাৰঙৰ ব্ৰ’ঞ্জৰ জৰিয়তে৷ ১২ বছৰৰ পাছত এইবাৰ সংযোগবশতঃ সেই গগন নাৰঙেই ভাৰতীয় দলৰ চেফ ডে মিছন, য’ত প্ৰথম ভাৰতীয় মহিলা হিচাপে অলিম্পিকৰ শ্বুটিঙৰ এটা দুৰ্লভ পদকৰ অধিকাৰী হ’ল হাৰিয়ানাৰ ২২ বৰ্ষীয় তৰুণী৷ প্ৰসংগতঃ, টকিঅ’ অলিম্পিকতো ভাৰতে প্ৰথমটো পদক অৰ্জন কৰিছিল মহিলা এথলীটৰ জৰিয়তে৷ ২০২১ ত দেশবাসীক টকিঅ’ অলিম্পিকৰ প্ৰথমটো পদক উপহাৰ দিছিল মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই ছানুৱে৷
কৰ্মন্যেবাধিকাৰস্তে মা ফলেষু কদাচন 
মা কৰ্মফলহেতুৰ্ভূৰ্মা তে সংগোআসন্তুকৰ্মৰ্নি
পেৰিছৰ চাটুহু শ্বুটিং ৰেঞ্জত ডিঙিত আইফেল টাৱাৰৰ এটা ধাতব টুকুৰা লগাই নিৰ্মাণ কৰা ব্ৰ’ঞ্জৰ পদকটো আঁৰি নিজৰ সফলতাৰ বৰ্ণনা দিবলৈ গৈ মনু ভাকেৰৰ মুখৰ পৰা নিগৰিল গীতাৰ এই বহুপঠিত শ্লোক৷ তেওঁ ক’লে–‘আন্তৰিকভাৱে কৈছো, মই সদায় গীতা পঢ়ো৷ মোৰ মনত এটা ভাবেই আছিল, মই যিটো কাম কৰিব লাগে, সেয়া কৰি যাম৷ ফলাফল যি হয়, সেয়া অদৃষ্টৰ হাতত৷’ অৱশ্যেই যোৱা ৩ বছৰে মানু ভাকেৰে কেৱল গীতা পঢ়িয়েই সময় কটোৱা নাছিল৷ পেৰিছত ‘পডিয়াম ফিনিশ্ব’ৰ এটা ঐতিহাসিক মুহূৰ্ত সৃষ্টি কৰাৰ বাবে অমানুষিক পৰিশ্ৰমো কৰিছিল৷ ৩ বছৰ পূৰ্বে টকিঅ’ত খেলৰ মাজতে তেওঁৰ পিস্তল অকামিলা হৈ গৈছিল৷ ড্ৰেছিং ৰূমৰ লকাৰৰ পৰা দ্বিতীয়টো পিস্তল লৈ আহি পুনৰ প্ৰতিদ্বন্দ্বিতা কৰালৈ সময় উকলি গৈছিল আৰু মনঃসংযোগো বিছিন্ন হৈ পৰিছিল৷ টকিঅ’ৰ শ্বুটিং ৰেঞ্জৰ পৰা কান্দি কান্দি উভতিছিল মনু ভাকেৰ৷ সেই ব্যৰ্থতাৰ বাবে কম সমালোচনাৰ সন্মুখীন হোৱা নাছিল তেওঁ৷ আন শ্বুটাৰে এটা বিকল্প পিস্তল লগত ৰাখে৷ কিন্তু অত্যন্ত জেদী মনু ভাকেৰে দ্বিতীয় পিস্তলটো লগত ৰখা নাছিল আৰু বিশ্বস্ত সংগী একমাত্ৰ অস্ত্ৰটোৱে বিশ্বাসঘাতকটা কৰিছিল৷ টকিঅ’ৰ পৰা উভতি আহি দলৰ প্ৰশিক্ষক, এছিয়াডৰ পদকবিজয়ী শ্বুটাৰ যশপাল ৰানাৰ অধীনত প্ৰশিক্ষণ নলয় বুলি বিতৰ্কৰ সৃষ্টি কৰিছিল তেওঁ৷ কিন্তু তেওঁ প্ৰশিক্ষণৰ লগে লগে গীতাত মনোনিৱেশ কৰিলে আৰু নিজৰ জেদী মনোবৃত্তি সলাই যশপাল ৰানাৰ অধীনতে কঠোৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে৷ জেদ, বদমেজাজী স্বভাৱ সলাই তিনিবছৰৰ পাছত এয়া ভিন্ন মনু ভাকেৰ, যি দেশক এইবাৰৰ অলিম্পিকৰ প্ৰথমটো পদক উপহাৰ দিয়েই গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশৰ শ্লোক আওৰাব পাৰে সাংবাদিকৰ ‘বুম’ৰ সন্মুখত–কৰ্মন্যেবাধিকাৰস্তে মা ফলেষু কদাচন... কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা৷

বিগত ৩ বছৰ ধৰি অমানুষিক অনুশীলনত নিজকে নিমগ্ন ৰখা মনু ভাকেৰে দেশক আৰু দুটা পদক দিয়াৰ সুযোগ আছে৷ অহা ২৮, ২৯, ৩০ জুলাইত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব ১০ মিটাৰ এয়াৰ পিস্তলৰ মিক্সড শাখাত আৰু ৰ, ২ আগষ্টত প্ৰতিদ্বন্দ্বিতা কৰিব ২৫ মিটাৰ এয়াৰ পিস্তলৰ ব্যক্তিগত শাখাত৷ আজি ২২১.৭ পইণ্ট অৰ্জনেৰে ব্ৰ’ঞ্জৰ পদক লাভ কৰা মনু ভাকেৰৰ ফাইনেলৰ আৰম্ভণি কালিৰ কোৱালিফায়িঙৰ দৰে নাছিল৷ শনিবাৰে মনু ভাকেৰে ২৪ টা শ্বট ‘বুলছ আই’ত বিদ্ধ কৰি চমক দিছিল৷ ফাইনেলত অন্তিম ৰাউণ্ডত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটালেও তেওঁ তেতিয়া স্বৰ্ণজয়ী কোৰিয়ান অ’ য়ে জিন (২৪৩.২) আৰু তেওঁৰে সংগী কিম য়েজিক (২৪১.৩) ৰূপৰ পদকৰ পৰা বিতাড়িত কৰাৰ সুযোগ হাতৰ পৰা হেৰুৱাই পেলাইছিল৷ উল্লেখ্য, সোমবাৰে ভাৰতৰ এগৰাকী মহিলা শ্বুটাৰ ৰমিতা জিন্দালে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল আৰু অৰ্জুন বাবুতাই পুৰুষৰ একে দূৰত্বৰ শাখাৰ ফাইনেলত পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব৷