Logo
image

আমি এখন জটিল পৃথিৱীৰ মাজলৈ সোমাই গৈ আছোঁ

গোলাঘাটৰ পৰা দ্বীপেন দত্ত (আমাৰ অসম): ‘আমি ক্ৰমাৎ এখন জটিল পৃথিৱীৰ মাজলৈ সোমাই গৈ আছোঁ৷ প্ৰযুক্তিৰ অভাৱনীয় বিকাশৰ ফলত কৃত্ৰিম বুদ্ধিমত্তা যুগৰ সূচনা হোৱা আজিৰ পৃথিৱীত কৃত্ৰিম মানুহৰ ওচৰত আচল মানুহৰ পৰিচয় হেৰাই যোৱাৰ উপক্ৰম হ’বলৈও হয়তো বেছিদিন নালাগিব৷ তেনেকুৱা এখন ভৱিষ্যতৰ পৃথিৱীৰ বাসিন্দা হ’বলৈ ওলোৱা আমাৰ নতুন প্ৰজন্মই ইয়াৰ বাবে নিজক প্ৰস্তুত কৰি তোলাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷’ –এই ভাষ্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক প্ৰসিদ্ধ গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে দিয়া ভাষণত বিশিষ্ট সাংবাদিকজনে এইদৰে কয়৷ ভাষণপ্ৰসংগত গোস্বামীয়ে কয়– ‘লেপটপ্‌, স্মাৰ্টফোন, ইণ্টাৰনেটেৰে সমৃদ্ধ আজিৰ ‘গ্লোবেল ভিলেজ’ৰ বাসিন্দা হ’বলৈ পোৱাটো নতুন প্ৰজন্মৰ বাবে কম সৌভাগ্যৰ কথা নহয়৷ কিন্তু ইয়াৰ সু-ব্যৱহাৰৰ প্ৰশ্ন আছে৷ ফেচবুকত আজিকালি ৰীল বনোৱাৰ ধুম উঠিছে৷ সমীক্ষা মতে, ইণ্টাৰনেটৰ সুবিধা লৈ পৃথিৱীৰ সৰ্বাধিক ৰীল বনোৱা দেশ বোলে ভাৰতবৰ্ষ৷ ভাল কথা৷ কিন্তু ইয়াৰ বিপজ্জনক দিশো আছে৷ আমি চাব লাগিব, বিজ্ঞান-প্ৰযুক্তিয়ে আনি দিয়া অপৰ্যাপ্ত সা-সুবিধাৰ মাজত প্ৰকৃততে আমাৰ জীৱনৰ মান বাঢ়িছে নে কমিছে৷ আমাৰ সন্মুখত এইটো এটা ডাঙৰ প্ৰশ্ন৷’



‘এন কে টিভি’ৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীয়ে আৰু কয়– ‘শিক্ষা-দীক্ষাৰ যথেষ্ট প্ৰসাৰ হৈছে৷ প্ৰতিবছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে কৃতিত্ব প্ৰদৰ্শন কৰিছে৷ ইয়াৰ মাজতে এটা সাধাৰণ চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিবলগা হৈছে বহুতে৷ একোজন অনাৰ্ছ গ্ৰেজুৱেটে চৰকাৰী চাকৰিৰ নামত কাৰ্যালয়ৰ টেবুল পৰিষ্কাৰ কৰা কামত, পিয়নৰ চাকৰিত মকৰল হ’বলৈ পোৱাটোৱেই যেন পৰম সৌভাগ্যৰ কথাত পৰিণত হৈছে৷ যিখিনি সময়ত আমি পৰীক্ষাত ষ্টেণ্ড কৰাসকলৰ সম্বৰ্ধনাত ব্যস্ত, সেই সময়ত আমি ডাঙৰ চিন্তা কৰাত কিমান সফল হৈছোঁ, সেইটো ভাবিবলগীয়া কথা৷ তৃতীয় বৰ্গৰ চাকৰি পালেও আজি আমি তাতেই যেন সন্তুষ্ট৷ নতুন চিন্তা, নতুন উদ্ভাৱনা সামগ্ৰিকভাৱে আজি দেশতে নোহোৱা হৈছে৷ কমি আহিছে সৃষ্টিশীলতা৷ কবিতা, উপন্যাস, গল্প সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰতো একেই অৱস্থা৷ তেনে এক স্থৱিৰ পৰিৱেশতেই বছৰি ২৫লাখ মানুহে ভাৰত এৰি বিদেশলৈ গুচি গৈছে কিয়, তাৰ উত্তৰ পাবলৈ নাই৷ সৰ্বশ্ৰেষ্ঠ সৃষ্টি, উদ্ভাৱন নিজৰ মাতৃভাষাতেই সম্ভৱ৷ আমি আমাৰ মাতৃভাষাক লৈ হীনমন্যতাত ভোগাৰ কোনো কাৰণ নাই৷ কমেও আঢ়ৈ কোটি মানুহে কোৱা অসমীয়া ভাষাৰ মান বহু ওপৰত৷ তেনেস্থলত আমাৰ উঠি অহা প্ৰজন্মই মাতৃভাষা চৰ্চাত আত্মনিয়োগ কৰা উচিত৷ ছাত্ৰ-ছাত্ৰীসকলে দেখা সপোন সদায় ডাঙৰ হ’ব লাগে৷ নিজৰ বন্ধুৰ বাছনিত সদায় সতৰ্ক হ’ব লাগে৷ প্ৰতিদ্বন্দ্বীক শত্ৰু গণ্য নকৰি সন্মান কৰিবলৈ শিকিব লাগে৷ প্ৰতিদ্বন্দ্বীৰ ভাল গুণখিনি আয়ত্ত কৰিব লাগে৷ জীৱনত গ্ৰহণ কৰা লক্ষ্যৰ বিকল্পৰ প্ৰতিও সমানেই সচেতন হৈ আগবঢ়িব লাগে৷ জীৱনত সদায় মনত ৰাখিবলগীয়া কথাটো হৈছে যে শিকাৰ কোনো শেষ নাই৷ হতাশাক কেতিয়াও প্ৰশ্ৰয় নিদিবা, বৰং নিজক ভাল পাবলৈ শিকা৷ তোমাৰ ভিতৰৰ পৰা অহা তাগিদাক সদায় সন্মান কৰিবা৷’ সদৌ অসম ছাত্ৰ সন্থাক পৃথিৱীৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন বুলি অভিহিত কৰি মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘অসমৰ ৰাইজে যিকোনো সমস্যাক লৈ নিজৰ আপোন বুলি জ্ঞান কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ মুখলৈ চায়৷’ বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথিৰূপে দিয়া ভাষণত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়– ‘অভিনন্দনৰ আজিৰ এই বিশেষ দিনটো জীৱনত যাতে সদায় বিশেষ হৈ থাকে তাৰ বাবে প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী সচেষ্ট হোৱাটো সমাজৰ কাম্য৷ সমাজৰ আশা হূদয়ঙ্গম কৰিব পৰাজনকহে সমাজে মনত ৰাখিব৷ ইয়াৰ বাবে নিজৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সামাজিক দায়বদ্ধতাৰে কাম কৰি যাব লাগিব৷ বহুসময়ত নিজৰ কেৰিয়াৰ গঢ়াৰ নামত বিদেশলৈ গৈ প্ৰতিষ্ঠা লাভ কৰা একোগৰাকীয়ে নিজৰ সমাজ, নিজৰ গাঁৱৰ কথা বাদেই, আনকি নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বও পাহৰি যায়৷’ 

সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠানটি উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে৷ অনুষ্ঠানত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট সাংবাদিক দ্বীপেন দত্ত, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য প্ৰিন্স দলে, অসম উন্নতি সভাৰ উপ-সভাপতি দেৱজিত বৰুৱা, অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰঞ্জিত বৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপ বৰঠাকুৰ, শান্তনু দত্ত, সাংবাদিক মোস্তাক হুছেইন, সমীৰণ দিগন্ত বৰা, গিৰিণ বৰা আদি উপস্থিত থাকে৷ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই৷ আদৰণী ভাষণ প্ৰদান কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মিলন কৈৰী, মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক দীপক গগৈ আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু শইকীয়াই৷ অনুষ্ঠানৰ আৰম্ভণিতে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ আছু গোটৰ ছাত্ৰ-ছাত্ৰীসকলে ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক গীতটো পৰিৱেশন কৰে৷ অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে৷