Logo
image

ৰাকেশ পালক ১৪ বছৰ জে’ল, ছামেদুৰ-বসন্তক ১০ বছৰকৈ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ জুলাইঃ ‘যেনে কৰ্ম তেনে ফল৷’ –এই আপ্তবাক্যশাৰীৰ দৰেই শাস্তি ভোগ কৰিবলগীয়া হ’ল অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিত দোষী সাব্যস্ত হোৱা কুখ্যাত ৰাকেশ পাল বাহিনীয়ে৷ এপিএছচিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত বিশেষ ন্যায়াধীশৰ আদালতে সোমবাৰে  আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল, প্ৰাক্তন সদস্য ছামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেৰ লগতে আন ২৯জন কৃষি বিষয়াক দৃষ্টান্তমূলক শাস্তিৰে ঐতিহাসিক ৰায় প্ৰদান কৰে৷ ৰাজ্যত প্ৰথমবাৰলৈ চাকৰিৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত এপিএছচিৰ দৰে স্বতন্ত্ৰ সংস্থাৰ তদানীন্তন অধ্যক্ষক দোষী সাব্যস্ত কৰা মুঠ চাৰিটা ধাৰাতে পৃথকে পৃথকে কাৰাবাসৰ শাস্তিৰ ৰায় দি কাৰ্যতঃ যেন অসমৰ ন্যায়িক ব্যৱস্থাত নজিৰ সৃষ্টি কৰিলে বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে৷ 

উল্লেখ্য, অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ সন্দৰ্ভত তেজপুৰৰ বেদান্ত বিকাশ দাস নামৰ এজন বঞ্চিত প্ৰাৰ্থীয়ে ভঙাগড় থানাত ৰুজু কৰা ১৫৯/২০১৭ নম্বৰৰ গোচৰটোত প্ৰায় জ্জ বছৰযোৰা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বিগত  ২২ জুলাইত চূড়ান্ত ৰায় ঘোষণা কৰিছিল ৰাজ্যৰ বিশেষ আদালতে৷ বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে উক্ত গোচৰটোত আৰক্ষীয়ে অভিযুক্ত কৰা ৩৩জন বিষয়া-দালালৰ ভিতৰত আয়োগৰ অধ্যক্ষ ৰাকেশ পাল, সদস্য বসন্ত দলে আৰু ছামেদুৰ ৰহমানক ভাৰতীয় দণ্ডবিধিৰ ধাৰা আৰু দুৰ্নীতি প্ৰতিৰোধ আইন-১৯৮৮ ৰ ধাৰাত দোষী সাব্যস্ত কৰিছিল৷ অৱশ্যে ৰাজসাক্ষী বিনিতা ৰিনজাক দোষমুক্ত ঘোষণা কৰে যদিও আন ২৯জন কৃষি বিষয়া ক্ৰমে– শ্বাহীদ আজিজ হক, বিশ্বজিৎ দলে, ৰৌচন ৰেইফ, দীপাংক বাৰিক, বিদ্যুৎ কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, আল্পনা দেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটী বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতিৰেখা দাস, অলক কুমাৰ মালি, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, মৃগেন হালৈ, জয়ন্ত চাবুকধৰা, সংঘমিত্ৰা শ্যাম, কবিন কিল্লিংপি, সত্যনাথ ডেকা আৰু ৰোষেশ্বৰ তিমুঙক ভাৰতীয় দণ্ডবিধিৰ দুটাকৈ ধাৰাত দোষী সাব্যস্ত কৰিছিল৷ অৱশ্যে আদালতে এই গোচৰটোত ঐতিহাসিক ৰায় প্ৰদান কৰিলেও উক্ত দিনা শাস্তি ঘোষণা কৰা নাছিল৷ 



অৱশেষত আদালতে দোষী সাব্যস্ত হোৱাসকলৰ পক্ষৰ সাক্ষ্য গ্ৰহণৰ পাছত অৱশেষত সোমবাৰে ৰাকেশ পালসহ মুঠ ৩২জন বিষয়াৰ শাস্তিৰ ৰায় ঘোষণা কৰে৷ সেই অনুসৰি দোষী সাব্যস্ত হোৱা ২৯জন কৃষি উন্নয়ন বিষয়াক বিশেষ ন্যায়াধীশৰ আদালতে আইপিচিৰ ৪২০ আৰু ১২০(বি) ধাৰাত ৪ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকা জৰিমনা আৰু আইপিচি ৪৬৮ ধাৰাতো ৪ বছৰ আৰু ১০ হাজাৰ টকা জৰিমনা বিহে৷ অৱশ্যে দুটাকৈ ধাৰাত শাস্তি ঘোষণা কৰিলেও কৃষি উন্নয়ন বিষয়াসকলে সৰ্বাধিক ৪ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব৷ জৰিমনা আদায় নিদিলে অতিৰিক্ত এমাহৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিব লাগিব৷ আনহাতে, আয়োগৰ সদস্য ছামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক আইপিচিৰ ৪২০ ধাৰাত ৭ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা, আইপিচি ৪৬৮ ধাৰাত ৭ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনাৰ শাস্তি বিহিছে৷ 

তদুপৰি দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ৰ ধাৰা-৭ত ৭ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা ১৩ (২)ত ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনাৰ শাস্তি ঘোষণা কৰে৷ অৱশ্যে সদস্য ছামেদুৰ ৰহমান আৰু বসন্ত দলেয়ে আটাইকেইটা ধাৰাতে সৰ্বমুঠ ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকা জৰিমনাৰ শাস্তি ভোগ কৰিব লাগিব৷ অৱশ্যে বসন্ত দলে আৰু ছামেদুৰ ৰহমানে উক্ত গোচৰটোত ইতিপূৰ্বে প্ৰায় দুবছৰৰো অধিক সময় কাৰাগাৰত আছিল৷ ইফালে, বিশেষ ন্যায়াধীশৰ আদালতে ৰাকেশ পালে এখন সমাজক ধবংসৰ মুখলৈ ঠেলি দিয়া অপৰাধৰ বাবে সৰ্বোচ্ছ শাস্তি ঘোষণা কৰে৷ দয়াহীন-ক্ষমাহীনভাৱে পাৰিবাৰিক অজুহাতকো ভ্ৰূক্ষেপ নকৰি বিশেষ আদালতে ৰাকেশ পালক সৰ্বোচ্ছ শাস্তি প্ৰদান কৰে৷ দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা-৭ৰ ভিত্তিত ৰাকেশ পালক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা বিহে৷ একেদৰে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩ (২) ধাৰাতো পালক সৰ্বোচ্ছ ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা বিহিছে৷ তদুপৰি দণ্ডবিধিৰ ৪২০ ধাৰাত ৭ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনাৰ উপৰি দণ্ডবিধিৰ ৪৬৮ ধাৰাত ৭ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা ঘোষণা কৰে৷ ৰাকেশ পালে সমাজ ব্যৱস্থাক ধবংসৰ মুখলৈ ঠেলি দিয়াৰ পৰিপ্ৰেক্ষিতত অপৰাধৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ আদালতে আটাইকেইটা ধাৰাতে পৃথকে পৃথকে শাস্তি ভোগ কৰাৰ ৰায় দিয়াত ৰাকেশ পালৰ ৩১ বছৰ কাৰাবাসৰ নিশ্চিত হৈ পৰে৷ অৱশ্যে উচ্ছতম ন্যায়ালয়ৰ পূৰ্বৰ এটা ৰায়ত যিহেতু এজন অপৰাধীক বিভিন্ন ধাৰাত পৃথকে পৃথকে শাস্তি ঘোষণা কৰিলেও সেই শাস্তিৰ ম্যাদ ১৪ বছৰতকৈ অধিক হ’ব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া আছে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাকেশ পালে চাৰিওটা ধাৰাত সৰ্বাধিক ১৪ বছৰৰ সশ্ৰম কাৰাবাস আৰু ২ লাখ টকা জৰিমনা ভৰিব লাগিব৷ জৰিমনা আদায় নিদিলে অতিৰিক্তভাৱে দুমাহৰ কাৰাবাস খাটিব লাগিব৷ লক্ষণীয়ভাৱে এই গোচৰটোত ৰাকেশ পালে ইতিপূৰ্বে ৫ বছৰ ৭ মাহ কাৰাবাস খাটিছে৷ যাৰ ফলত ৰাকেশ পালে এতিয়া  ৭ বছৰ ৩ মাহ জে’লৰ ভাত খাব লাগিব৷