Logo
image

প্ৰাতঃভ্ৰমণ কৰিলে হৃদযন্ত্ৰ ভালে থাকে

নিতৌ খোজ কাঢ়িলে শৰীৰ সুস্থ থাকে৷ সেয়ে যিমান পৰা যায় সিমান খোজ কাঢ়িব লাগে৷ খোজ কাঢ়িলে দেহৰ পেশীসমূহ সু-গঠিত হয়, শৰীৰৰ অংগ-প্ৰত্যংগসমূহ সুৰক্ষিত থাকে৷ মানসিক চাপ হ্ৰাস কৰে খোজ কঢ়াৰ অভ্যাসে৷ সেয়ে নিতৌ প্ৰাতঃভ্ৰমণ কৰাটো উচিত৷ প্ৰাতঃভ্ৰমণে আৰু কিছুমান উপকাৰ কৰে৷ উল্লেখ কৰা হ’ল কি কি কাৰণত প্ৰাতঃভ্ৰমণ কৰিব লাগে–
- খোজ কঢ়াৰ অভ্যাসে মস্তিষ্ক অধিক সক্ৰিয় কৰে৷ সেয়ে যিমান পৰা যায় খোজ কাঢ়িব লাগে আৰু দৈনিক প্ৰাতঃভ্ৰমণৰ অভ্যাস গঢ়ি তুলিব লাগে৷



- খোজ কাঢ়িলে হৃদযন্ত্ৰ সুস্থ থাকে৷ হৃদযন্ত্ৰ ভালে ৰখাৰ বাবেই প্ৰাতঃভ্ৰমণ কৰা উচিত৷
- প্ৰাতঃভ্ৰমণ বা খোজ কঢ়াৰ অভ্যাসে হজম শক্তি বৃদ্ধি কৰে৷ পৰিপাকতন্ত্ৰও ভালে ৰখাত সহায় কৰে প্ৰাতঃভ্ৰমণ কৰা বা খোজ কঢ়াৰ অভ্যাসে৷
- খোজ কাঢ়িলে বিষণ্ণতা কমি আহে৷ স্নায়ু বিজ্ঞানী ছেন ওমাৰাৰ মতে বিষণ্ণতা আৰু দীৰ্ঘসময় বহি থকাৰ মাজত সম্পৰ্ক আছে৷ সেয়ে যিমান পৰা যায় সিমান খোজ কাঢ়িব লাগে৷ 
- বিপাক প্ৰক্ৰিয়াতো খোজ কঢ়াৰ অভ্যাসে সহায় কৰে৷ আমি যি খাদ্য গ্ৰহণ কৰো সেইবোৰ বিভিন্ন শক্তিলৈ ৰূপান্তৰিত হয়৷ খোজ কঢ়াৰ অভ্যাসে শক্তি ৰূপান্তৰ প্ৰক্ৰিয়াত সহায় কৰে৷ 
- খোজ কাঢ়িলে শাৰীৰিক গঠন অটুট থাকে৷ আমাৰ মাজত এনে কিছুমান লোক আছে যিসকলে সমগ্ৰ দিনটো চকী, ছোফা অথবা গাড়ীত বহি কাম কৰিবলগীয়া হয়৷ ফলত পিঠিৰ বিষ আৰম্ভ হয়৷ সেয়ে খোজ কঢ়াটো জৰুৰী৷ খোজ কাঢ়িলে এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷