Logo
image

ডেকা ৰাজ্যপাল হ’ল, এইবাৰ গোহাঁইৰ বিদ্ৰোহ

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু তিনিচুকীয়াৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ আগষ্টঃ বিজেপিৰ আভ্যন্তৰত উমি উমি জ্বলা বিদ্ৰোহৰ জুয়ে খাণ্ডৱ দাহ কৰাৰ উপক্ৰম হৈছে৷ বিজেপিৰ কেইবাজনো প্ৰভাৱশালী নেতাই ইতিমধ্যে নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আন দলত যোগদান কৰিছে৷ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা বিজেপিৰ প্ৰতিষ্ঠাকালৰ নেতা ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপালৰূপে নিযুক্তি দি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বিদ্ৰোহ প্ৰশমন কৰিবলৈ প্ৰচেষ্টা হাতত লোৱাৰ সময়ত পুনৰ বিদ্ৰোহ ঘোষণা কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰতিষ্ঠাকালৰ অন্যতম সদস্য ৰাজেন গোহাঁয়ে৷ 



তিনিচুকীয়াৰ হোটেল হিল্টন ব্লুত অনুষ্ঠিত কৰা হৈছে বিদ্ৰোহী নেতা-কৰ্মীৰ এখন বৈঠক৷ ১৩খন জিলাৰ বিজেপিৰ ন-পুৰণি নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ নেতৃত্ব দিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে৷ এই কথা ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই যে ন-পুৰণি বিজেপিৰ মাজত মতাদৰ্শগত সংঘাত, বিধায়ক মৃণাল শইকীয়াৰ অসন্তুষ্টি, প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ক্ষোভ, নিজৰে দখলত থকা পৌৰসভাত দলীয় পাৰিষদসকলৰ মাজত ক্ষমতাকেন্দ্ৰিক খোৱাকামোৰা, দলৰে বিধায়কৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি সমূহীয়া পদত্যাগৰ হুংকাৰ আদিয়ে শাসকীয় দলটোৰ অন্তঃকলহ ইতিমধ্যে জলজল পটপটকৈ উদঙাই দিছে৷ 

আভ্যন্তৰীণ কলহে কেকোঁৰা চেপা দিয়া শাসকীয় দলটোত এইবাৰ উলম্ব বিভাজনৰ ইংগিত বহন কৰি তিনিচুকীয়াৰ হোটেল হিল্টন ব্লু’ত ভাৰতীয় জনতা পাৰ্টিৰ ১৩খন জিলাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কাৰ্যকৰ্তা সকল প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ সৈতে এক বৈঠকত মিলিত হয়৷ জানিব পৰা মতে প্ৰায় ৪ ঘণ্টা ধৰি চলা এই ৰুদ্ধদ্বাৰ বৈঠকত ন-পুৰণি দলীয় কৰ্মীসকলে নিজৰ ক্ষোভ প্ৰকাশ কৰি এক বিকল্প চিন্তাধাৰাৰে দলীয় আদৰ্শ সাৰোগত কৰি আগবাঢ়ি যোৱাৰ সংকল্প লয়৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে উজনিত অনুষ্ঠিত এই ৰুদ্ধদ্বাৰ বৈঠক শাসকীয় বিজেপি দলৰ বাবে এক অশনি সংকেত বুলি বিবেচিত হৈছে৷ বিদ্ৰোহী নেতাসকলে যথোচিত মৰ্যাদা নেপালে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপি দুভাগত বিভক্ত হোৱাটো প্ৰায় নিশ্চিত৷ উল্লেখ্য, লোকসভাত টিকটৰ পৰা বঞ্চিত কৰাৰ পাছতে বিদ্ৰোহ ঘোষণা কৰিছিল গোহাঁয়ে৷