Logo
image

ৰাজ্যত ৯খন টোলগেটত ১,৪৫৮ কোটি টকা সংগ্ৰহ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ আগষ্টঃ নামত অসমত ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে যদিও বাস্তৱত এই ফ’ৰলেন ঘাইপথৰো এতিয়া বিধবস্ত ৰূপ৷ মেৰামতিৰ অভাৱত ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথত সম্প্ৰতি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই সাধাৰণ জনতাকেই  নহয়, বিগত সময়ছোৱাত খোদ শাসক দলৰ বিধায়ককো অতিষ্ঠ কৰি তোলা দেখা গৈছে৷ দিনচেৰেক পূৰ্বে খোদ বিজেপি বিধায়ক মৃণাল শইকীয়াই নগাঁৱৰ ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ ৰূপৰ ভিডিঅ’ আপলোড কৰি মেৰামতি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰহাৰ টোলগেট বন্ধ কৰি ৰখাৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিলৈ অনুৰোধ জনাই টুইট কৰিছিল৷ 

কিন্তু ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে জনতাই নিতৌ দুৰ্ভোগ ভুগি অহাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জনতাক কেকোঁৰা চেপা দি টোল কৰ সংগ্ৰহ কৰাতহে ব্যস্ত হৈ পৰিছে৷ শুনিলে আচৰিত যেন লাগিলেও ৰাজ্যৰ ৯খন টোলগেটে ৰাইজৰ পৰা বিগত ৫ বছৰত সংগ্ৰহ কৰিলে ১,৪৫৮.০৬ কোটি টকা৷ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ পৰা এই বৃহৎ অংক ধনৰাশি কৰ হিচাপে আদায় কৰাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশ স্থানৰে গাঁতৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে৷ বিশেষকৈ গুৱাহাটীৰ পৰা উজনি অসম সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে৷ অথচ ৰহা আৰু সোণাপুৰৰ নাজিৰাখাত টোলগেটৰ জৰিয়তে বিগত সময়ছোৱাত  ৪৫২.৪৪ কোটি টকা টোলকৰ সংগ্ৰহ কৰিছে৷ 



ইয়াৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত খোদ শাসক দলৰ বিধায়ক মৃণাল শইকীয়াই ৰহা টোলগেট বন্ধ কৰি দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীক দাবী জনাবলৈ বাধ্য হৈ পৰিছে৷ কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে সংসদত এটা লিখিত প্ৰশ্নৰ উত্তৰতে দিয়া তথ্য অনুসৰি ২০১৯-২০ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষত অসমৰ ৯খন টোলগেট ক্ৰমে– পাটগাঁও, দাহালপাৰা, গলিয়া, মদনপুৰ, নাজিৰাখাট, ৰহা, মিকিৰআতি হাতগাঁও, মান্দেৰদিচা আৰু বালাচাৰা টোলগেটৰ জৰিয়তে সৰ্বমুঠ ১,৪৫৮.০৬ কোটি টকা টোল টেক্স সংগ্ৰহ কৰিছে৷ ইয়াৰ ভিতৰত মদনপুৰ টোলগেটত সৰ্বাধিক ৩৭৭.১৫ কোটি টকা টোলকৰ সংগ্ৰহ কৰিছে৷ ২০২০-২১ বৰ্ষৰ পৰা ৪ বছৰৰ ভিতৰত এই কৰ আদায় কৰিছে মদনপুৰ টোলগেটখনত৷ ইয়াৰ পাছতেই গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাটত অৱস্থিত টোলগেটৰ পৰা ২৭৭.৬৯ কোটি টকা সংগ্ৰহ কৰিছে৷ বিগত ৪ বছৰতে নাজিৰাখাট টোলগেটৰ পৰা এই কৰ সংগ্ৰহ কৰা হৈছে৷ একেদৰে দাহালপাৰা টোলগেটৰ পৰা টোলকৰ সংগ্ৰহ কৰিছে ২২৮.২৩ কোটি টকা৷ ২০১৯-২০ বৰ্ষৰ পৰা বিগত ৫ বছৰত এই কৰ আদায় কৰিছে দাহালপাৰা টোলগেটে৷ বিগত ৫ বছৰত পাটগাঁও টোলগেটে টোলকৰ আদায় কৰিছে ২১৩.২৫ কোটি টকা৷ নগাঁৱৰ ৰহা টোলগেটৰ জৰিয়তে বিগত ৪ বছৰত সংগ্ৰহ কৰিছে ১৭৪.৭৫ কোটি টকা৷ তদুপৰি মিকিৰআতি হাওগাঁও টোলগেটত ৮৯.৩০ কোটি টকা টোলকৰ আদায় কৰা হৈছে৷ অসমৰ আন তিনিখন টোলগেট ক্ৰমে গলিয়া টোলগেটত ৮৪.১৪ কোটি টকা, মান্দেৰদিচা টোলগেটত ১১.৫০ কোটি টকা আৰু বালাচেৰা টোলগেটে ২.০১ কোটি টকা টোলকৰ সংগ্ৰহ কৰিছে৷ লক্ষণীয়ভাৱে চলিত বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা অসমৰ আটাইকেইখন টোলগেটত টোলকৰ ৫-১০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে৷ যাৰ ফলত এই বৰ্ষত সংগৃহীত টোলকৰ অধিক বৃদ্ধি পোৱাটো নিশ্চিত৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে সমাগত দুৰ্গাপূজাৰ সময়ত অসমত নতুনকৈ আন কেইবাখনো টোলগেট মুকলি কৰাৰ বাবেও সাজু হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷