Logo
image

পদকৰ আশাৰে আজি পুনৰ ৰিঙত লাভলীনা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ আগষ্টঃ ৰিঙত দুয়োৰে ষ্টান্স একেই–‘অৰ্থডক্স’৷ সেয়ে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা আৰু লী কিয়ানৰ যুঁজখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণই হ’ব৷ অলিম্পিকৰ দুটাকৈ পদকৰ অধিকাৰী, ৩টা বিশ্ব চেম্পিয়নশ্বিপৰ পদকৰ অধিকাৰী আৰু সাম্প্ৰতিক এছিয়ান গেম্‌ছ চেম্পিয়ন লী কিয়ানক প্ৰতিহত কৰিবলৈ হ’লে লাভলীনাই ‘হাৰকিউলিয়ান’ প্ৰয়াস চলাবই লাগিব৷ কোৱা বাহুল্য মাথোঁ, মহিলাৰ মিডলৱেইট শাখাত অসমকন্যা লাভলীনাও সাম্প্ৰতিক বিশ্বচেম্পিয়ন আৰু তেৱোঁ লী কিয়ানৰ দৰে তিনিটা বিশ্ব চেম্পিয়নশ্বিপৰ পদকৰ অধিকাৰী৷ লাভলীনাৰ আছে এটা অলিম্পিক পদকো৷ অৱশ্যে অলিম্পিক আৰু দুটা বিশ্ব চেম্পিয়নশ্বিপৰ পদক লাভলীনাই ৭৫ কেজি শাখাত নহয়, ৬৯ কেজি ওজন শাখাতহে লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে লীৰ প্ৰতিটো পদকেই মিডলৱেইট, অৰ্থাৎ ৭৫ কেজি শাখাৰ৷ 

প্ৰসংগতঃ, সাধাৰণতে একে ষ্টাইল বা ষ্টান্সৰ বক্সাৰৰ যুঁজত ‘ছুপিৰিয়ৰ’ গৰাকীয়েই বিজয়ী হয়৷ পিছে লাভলীনা আৰু কিয়ানৰ মাজত শ্ৰেষ্ঠ কোন? সেই প্ৰশ্নৰ উত্তৰ ইমান সহজ নহয়৷ বক্সিং নিকটভাৱে অনুসৰণ কৰা ক্ৰীড়াৰসিকে জানে, বাওঁহাত আৰু বাওঁভৰি সম্মুখলৈ আগবঢ়াই খেল আৰম্ভ কৰা বক্সাৰ ‘অৰ্থডক্স’৷ ইয়াৰ বিপৰীতে সোঁহাত আৰু সোঁভৰি আগবঢ়াই আৰম্ভ কৰাজন হৈছে ছাউথ প’ বক্সাৰ৷ সদাই ‘অৰ্থডক্স’ৰ বিৰুদ্ধে ছাউথ প’ বক্সাৰৰ যুঁজ অধিক কাৰ্য্যক্ষম হয়৷ ছাউথ প’ৰ ষ্টান্স বা খেলৰ ধৰণ অধিক মুক্ত আৰু সাৱলীল৷ সেই ষ্টাইলত বক্সাৰৰ দুয়োহাতৰ পাঞ্চত সমান শক্তি থাকে আৰু জেব হয় অতি কাৰ্যকৰী৷ ঢুকি পোৱা অৱস্থাত প্ৰতিদ্বন্দ্বীক চিৰাচিৰ কৰাৰ ক্ষমতা থাকে ছাউথ প’ৰ৷ এইক্ষেত্ৰত সৰ্বপৰিচিত উদাহৰণ হৈছে মাইক টাইছন৷ তেওঁ আছিল স্বভাৱজাত ছাউথ প’, যাৰ প্ৰতিটো পাঞ্চৰ শক্তিয়ে তেওঁক বক্সিং ৰিঙত অপ্ৰতিৰোধ্য আৰু অবিসম্বাদী কৰি তুলিছিল৷ সেই শক্তিৰ বাবেই মাইক টাইছনে পেছাৱাৰ কেৰিয়াৰত ৩৩ বাৰ প্ৰতিদ্বন্দ্বীক নক আউট কৰিছিল৷ কিন্ত অপেছাদাৰ বক্সিঙত কদাচিতহে নক আউট দেখিবলৈ পোৱা যায় আৰু লাভলীনা-কিয়ান মেচৰ প্ৰাকমুহূৰ্তত সেয়া সিমান প্ৰাসংগিকো নহয়৷



লাভলীনা আৰু কিয়ানৰ মাজত ‘ছুপিৰিয়ৰ’ বা শ্ৰেষ্ঠ কোন সেয়া মেচৰ পূৰ্বে নিৰূপন কৰা অতি কঠিন৷ দুটাকৈ অলিম্পিক আৰু তিনিটা বিশ্ব চেম্পিয়নশ্বিপৰ পদকৰ অধিকাৰী কিয়ান পেৰিছ অলিম্পিকৰ মিডলৱেইট শাখাত শীৰ্ষ বাছনিৰ প্ৰতিযোগী আৰু এটা অলিম্পিক তথা তিনিটা বিশ্ব চেম্পিয়নশ্বিপ পদক বিজয়ী লাভলীনাৰ বাছনিক্ৰম  পেৰিছত অষ্টম৷ এতিয়ালৈকে দুখন মেজৰ প্ৰতিযোগিতাত দুয়ো দুবাৰকৈ মুখামুখি হৈ প্ৰত্যেকেই এবাৰকৈ বিজয়ী হৈছে৷ সেয়া হৈছে এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপ৷ ২০২২ৰ হাংঝৌ এছিয়াডত কিয়ানে লাভলীনাক হৰুৱাই লাভ কৰিছিল স্বৰ্ণপদক৷ ২০২৩ৰ দিল্লী বিশ্ব চেম্পিয়নশ্বিপত লাভলীনাই কিয়ানক ছেমি ফাইনেলত পৰাস্ত কৰি অৱশেষত অৰ্জন কৰিছিল বিশ্ব চেম্পিয়নৰ সন্মান৷ অৰ্থাৎ, পেৰিছ অলিম্পিকত সম্মুখ সমৰত নামিব এছিয়ান গেমছৰ চেম্পিয়ন কিয়ান আৰু সাম্প্ৰতিক বিশ্ব চেম্পিয়ন অসম-কন্যা লাভলীনা৷

কিন্তু...৷ এইখিনিতেই আহি পৰে দুয়োৰে শেহতীয়া সাক্ষাতৰ পৰিসংখ্যাৰ কথা৷ যোৱা ১৬ জুনত অন্তিম মুখামুখিত চেক গণৰাজ্যত অনুষ্ঠিত গ্ৰাঁ প্ৰিত কিয়ানে লাভলীনাক ৩-২ পইণ্টৰ বিভাজিত স্ক’ৰত পৰাজিত কৰিছিল৷ অৱশ্যে অলিম্পিকৰ মেচ হ’ব সম্পূৰ্ণ পৃথক যুঁজ, য’ত লাভলীনাই দ্বিতীয়টো পদক অৰ্জনৰ বাবে দৃঢ়প্ৰতিজ্ঞ হৈ আছে৷ জাৰ্মানীৰ ছাৰব্ৰুকেনত ২২ দিনীয়া গভীৰ প্ৰশিক্ষণসূচী সম্পূৰ্ণ কৰি পেৰিছলৈ যোৱা লাভলীনা সম্প্ৰতি আছে দুৰন্ত ফৰ্মত৷ লগতে থকা প্ৰশিক্ষক প্ৰণামিকা বৰাৰ দাবী–কোনো বক্সাৰৰ বাবেই এতিয়া লাভলীনাক পৰাভূত কৰা সহজ নহ’ব৷ প্ৰথম মেচত নৰৱেৰ ছুনিভা হফষ্টাডৰ বিৰুদ্ধে লাভলীনাই সেই দুৰ্দান্ত ৰূপ প্ৰমাণ কৰিছে বাওঁহাতৰ শক্তিশালী জেব, কাৰ্যক্ষম লেফট-ৰাইট ক্ৰছৰ কম্বিনেচন আৰু সোঁহতীয়া কৌশলী হুকৰ ফিনিশ্বাৰেৰে৷ জাৰ্মানীৰ ছাৰব্ৰুকেনত ‘ল’ৱাৰ বেক’ৰ সমস্যাত ভোগা লাভলীনাৰ পেৰিছ অলিম্পিকৰ প্ৰথম মেচত সেই সমস্যাৰ চিহ্ন নাছিল, বৰং দেখা গৈছিল ‘ইম্প্ৰ’ভাইজড’ লাভলীনাক৷ ছুনিভাক লাভলীনাই প্ৰথম দুয়োটা ৰাউণ্ডতে লং ৰেঞ্জাৰ পাঞ্চেৰে কাবু কৰি ৰাখিছিল৷ তেনেই অনায়সে প্ৰথম প্ৰতিদ্বন্দ্বী ছুনিভা হফষ্টাডক পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা বৰগোহাঁয়ে৷ নৰৱেৰ ২০ বছৰীয়া প্ৰতিপক্ষ ছুনিভাৰ বিৰুদ্ধে অতি নিখুঁত ‘টেকটিকেল গেম্‌ছ’ৰ জৰিয়তে মসৃণ বিজয় সাব্যস্ত  কৰিছিল অসমকন্যা লাভলীনাই৷ ৭৫ কেজি শাখাৰ বিশ্ব চেম্পিয়ন লাভলীনাৰ সন্মুখত অলিম্পিকৰ মঞ্চত অনভিজ্ঞ কুৰি বছৰীয়া ছুনিভা তেনেই অসহায় হৈ পৰিছিল৷ লাভলীনাৰ সৈতে একে ‘অৰ্থডক্স ষ্টান্স’ৰ বক্সাৰ হোৱাৰ বাবেও ছুনিভাই প্ৰতিপক্ষৰ বিৰুদ্ধে ‘পাঞ্চ’ কাৰ্যকৰীভাৱে ‘লেণ্ড’ কৰিবলৈ সক্ষম হোৱা নাছিল৷ দৈহিক উচ্ছতা অধিক হোৱাৰ বাবে ‘অৰ্থডক্স ষ্টান্স’ৰ বক্সাৰ লাভলীনাই ‘লং ৰেঞ্জাৰে’ৰে আগতীয়াকৈ আৰু সহজে ছুনিভাৰ শৰীৰত আঘাত কৰিবলৈ সক্ষম হৈছিল৷ মেচ আৰম্ভ হোৱাৰ মুহূৰ্তৰ পৰাই ছুনিভাৰ বিৰুদ্ধে নিৰ্দয়ভাৱে আক্ৰমণাত্মক হৈ উঠিছিল লাভলীনা৷ তেওঁৰ খেলত সমানেই আছিল ডিফেন্সৰো মিশ্ৰণ৷ প্ৰি-কোৱাৰ্টাৰত ৰেফাৰীয়ে ‘বক্স’ উচ্ছাৰণ কৰাৰ লগে লগে লাভলীনাই ‘লেফ্‌ট-ৰাইট কম্বিনেচন’ৰ ‘জেবে’ৰে প্ৰতিপক্ষক অতি দ্ৰুততাৰে আক্ৰমণ কৰিছিল আৰু পিছমুহূৰ্ততে দ্ৰুত ফুটৱৰ্কৰে আঁতৰি আহিছিল৷ ছুনিভাৰ আগ্ৰাসী প্ৰতিটো প্ৰত্যাক্ৰমণ লাভলীনাৰ গ্লাভছতে সমাপ্তি ঘটিছিল৷ সেয়ে কোনো পইণ্ট আহৰণ কৰিব পৰা নাছিল লাভলীনাৰ শৰীৰত পাঞ্চ ‘লেণ্ড’ কৰিব নোৱাৰা ছুনিভাই৷ দীৰ্ঘদেহী লাভলীনাই দ্বিতীয় ৰাউণ্ডতো ছুনিভাক ঘাইকৈ ‘লেফ্‌ট জেব’ আৰু ‘ৰিয়েৰ হুকে’ৰে একেবাৰে বশ কৰি পেলাইছিল৷ আপেক্ষিকভাৱে চাপৰ ছুনিভাই ‘লীড আপাৰকাট’ ব্যৱহাৰ কৰাৰ একাধিক প্ৰয়াস চলায়ো লাভলীনাৰ ক্ষিপ্ৰতাৰ বাবে সফল হ’ব পৰা নাছিল৷ লাভলীনাই সামান্য হাউলি যিদৰে প্ৰতিপক্ষৰ আক্ৰমণৰ পৰা আত্মৰক্ষা কৰিছিল, তালৈ চাই দেশৰ প্ৰখ্যাত বক্সাৰ অখিল কুমাৰৰ চূড়ান্ত ফৰ্মত থকা দিনৰ ডিফেন্সলৈ অভিজ্ঞ দৰ্শকৰ মনত পৰি গৈছিল৷ প্ৰি-কোৱাৰ্টাৰত সেইদিনা তৃতীয় ৰাউণ্ডতো ছুনিভাৰ প্ৰত্যাৱৰ্তনৰ কোনো আশা নাছিল৷ ‘অৰ্থডক্স’ বক্সাৰ হৈয়ো লাভলীনাই বাঁওহাতৰ উপৰি তেওঁৰ সোঁহাতৰ পাঞ্চ প্ৰথম মেচত অতি সাৰ্থকভাৱে ব্যৱহাৰ কৰিছিল৷ ফলত তেওঁক অধিক মুক্তভাৱে খেলাৰ দৰে লাগিছিল আৰু প্ৰতিটো ‘ফুটৱৰ্ক’ত তেওঁ ‘এডভাণ্টেজ’ প্ৰদৰ্শন কৰিছিল সোঁহাতৰ পাঞ্চৰ সাৰ্থক আৰু কাৰ্যকৰী ‘লেণ্ডে’ৰে৷ 

লাভলীনাৰ কোৱাৰ্টাৰ ফাইনেল যে প্ৰি-কোৱাৰ্টাৰৰ তুলনাত অধিক কঠিন যুঁজ হ’ব সেয়া অৱধাৰিত৷ কিয়নো ৫ ফুট ১১ ইন্সি উচ্ছতাৰ লী কিয়ান লাভলীনাতকৈ ৰ ইন্সি ওখ৷ সেয়ে লাভলীনাই ছুনিভাৰ দৰে লী কিয়ানৰ বিৰুদ্ধে উচ্ছতাৰ ‘এডভাণ্টেজ’ নাপাব৷ উল্লেখ কৰা প্ৰয়োজন, নিজৰ শৰীৰৰ উচ্ছতাৰ সমানুপাতিক ৭৫ কেজি দৈহিক ওজন বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভলীনাই এতিয়া স্বাভাৱিক পৰিমাণত খাদ্য খাই থকাৰ বাবে শৰীৰৰ শক্তি অটুত ৰাখিবলৈ সক্ষম হৈছে৷ প্ৰথম মেচত হাঁহি হাঁহি লাভলীনাই জয়লাভ কৰাৰ সিয়ো অন্যতম কাৰণ৷ কিয়নো, পূৰ্বে শৰীৰৰ ওজন ৬৯ কেজিলৈ হ্ৰাস কৰিবলৈ লাভলীনাই স্বাভাৱিক পৰিমাণতকৈ কমকৈ খাইছিল আৰু তেতিয়া ওজনৰ লগতে পেশীৰ শক্তিও হ্ৰাস পাইছিল৷ 
অসমক আৰু এটা পদক দিবলৈ হ’লে আৰু পি ভি সিন্ধু তথা সুশীল কুমাৰৰ দুটা ব্যক্তিগত অলিম্পিক পদক লাভৰ অভিলেখ স্পৰ্শ কৰিবলৈ হ’লে লাভলীনা কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হোৱাটো অপৰিহাৰ্য৷ সন্দেহাতীতভাৱে লাভলীনাই এতিয়া দুৰন্ত গতি প্ৰদৰ্শন কৰিছে৷ অৱশ্যে লী কিয়ানক পৰাস্ত কৰিবলৈ হ’লে এই গতিয়েই যথেষ্ট নহ’ব, লাগিব দুৰ্দান্ত আক্ৰমণৰ লগতে দুৰ্ভেদ্য ডিফেন্স৷ দেওবাৰে দৃঢ়মনা লাভলীনাই লীৰ প্ৰত্যাহ৩ান ওফৰাব পাৰিলেই তেওঁৰ বাবে ৰৈ আছে বিৰাট ইতিহাস৷ অলিম্পিকৰ ৰিঙত ছুপিৰিয়ৰ কোন সেয়া বক্সিংপ্ৰেমীয়ে জানিব পাৰিব দেওবাৰৰ বিয়লি ৩.০২ বজাৰ পৰা হ’বলগীয়া ৩ মিনিটীয়া তিনিটা ৰাউণ্ডৰ অন্তত৷ লাভলীনা আৰু তেওঁৰ অলিম্পিকৰ দ্বিতীয়টো পদকৰ মাজত এতিয়া একমাত্ৰ প্ৰাচীৰ চীনৰ লী কিয়ান৷