Logo
image

এ আইযোগে কণ্ঠ চুৰি, অৰিজিতৰ গোচৰ

বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰা দেশৰ টপ ছিংগাৰ’ জনেই হ’ল বাংলাৰ ভূমিপুত্ৰ অৰিজিৎ সিং৷ হিন্দী, বাঙালী যিয়েই চিনেমা নহওক অৰিজিতৰ কণ্ঠ অবিহনে যেন অসম্পূৰ্ণ৷ কণ্ঠশিল্পীগৰাকীৰ গান থকা মানেই ছবিখন হিট, এনেদৰেই বিশ্বাস কৰে বৰ্তমানৰ ছবি নিৰ্মাতাসকলে৷ অৰিজিতৰ কণ্ঠ বৰ্তমান দেশৰ ভৌগোলিক সীমাৰ ভিতৰতে আৱদ্ধ নহয়, আন্তঃৰ্জাতিক পৰ্যায়তো অৰিজিতৰ গীতে খলকনি তুলিছে৷ দেশৰ লগতে বিদেশৰ ভূমিতো অৰিজিতৰ কনছাৰ্ট মানেই শ্ৰোতা-দৰ্শকে তোলপাৰ লগায়৷ 



আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ এ আইৰ পৰা নিজৰ কণ্ঠ-সুৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰে বৰ্তমান দেশৰ অন্যতম জনপ্ৰিয় গায়ক অৰিজিত সিঙে৷ এ আই-এ যাতে তেওঁৰ কণ্ঠ-সুৰ চুৰি  কৰিব নোৱাৰে তাৰ স্বাৰ্থতে গায়কজন আদালতৰ মজিয়া পালেগৈ৷ সেই আবেদনৰ ভিত্তিত আদালতে ৰায় দিয়ে যে এতিয়াৰ পৰাই অৰিজিতৰ কণ্ঠ কোনেও অনলাইন প্লেটফৰ্ম, বিজ্ঞাপন বা আন কোনো ক্ষেত্ৰতে ব্যৱহাৰ কৰিব নোৱাৰিব৷ উল্লেখ্য, অৰিজিতৰ কণ্ঠ দেশৰ সম্পদ৷ তেওঁৰ কণ্ঠই হিট কৰে যিকোনো গানক৷ পাৰ্টীৰ মিউজিকেই হওক বা দুখৰ গানেই হওক অৰিজিতৰ গলাত পৰিলেই সেই গান হিট হৈ পৰে৷ বৰ্তমান সংগীত জগতখনত সুৰকাৰতকৈ ‘চোৰকাৰ’-ৰ দপদপনি বেছি হৈছে৷ তাতে বিজ্ঞান প্ৰযুক্তিৰ ন-ন খেয়ালি আৱিষ্কাৰে মানুহৰ মাজত ফ্ৰাংকেনষ্টাইন হৈ ধৰা দিছে৷ বৰ্তমান যুগটো হৈছে এ আইৰ যুগ৷ এই যুগত কণ্ঠ নকল কৰাটো যেন বাওঁ হাতৰ খেল৷ ছবি নকল হৈছে, মানুহৰ মুখমণ্ডল, শৰীৰ নকল হৈছে, কণ্ঠ-অভিনয় নকল হৈছে৷ গতিকে এ আইৰ পৰা হাত সাৰি নিজৰ কণ্ঠ সুৰক্ষিত কৰি ৰাখিবলৈ জনপ্ৰিয় গায়ক অৰিজিত বোম্বে হাইক’ৰ্টৰ ওচৰ 
চাপে৷ 

ৰায়দানত বোম্বে হাইক’ৰ্টে কয় যে বাণিজ্যিক কিম্বা ব্যক্তিগত স্বাৰ্থত কোনেও এজন মানুহৰ ব্যক্তিগত অধিকাৰক লংঘন কৰিব নোৱাৰে৷ ২৬ জুলাইত শুনানিত ন্যায়াধীশ ৰিয়াজ চাগলাই কয় যে বাণিজ্যিক স্বাৰ্থত এজন চেলিব্ৰিটীৰ ব্যক্তিত্বক নষ্ট কৰিব নোৱাৰে৷ বাক আৰু মত প্ৰকাশৰ স্বাধীনতা, সমালোচনা বা মন্তব্য প্ৰকাশ কৰিব পাৰিব কিন্তু এজন চেলিব্ৰিটীৰ ব্যক্তিত্বক কোনো কামত লগোৱাৰ লাইচেন্স দিয়া নহয়৷ এ আই প্ৰযুক্তি ব্যৱহাৰ কৰি অৰিজিতৰ কণ্ঠ কোনেও অনলাইন প্লেটফৰ্ম, বিজ্ঞাপনত ব্যৱহাৰ কৰিব নোৱাৰিব৷ উল্লেখ্য অৰিজিতৰ অভিযোগ আছিল তেওঁৰ বিনা অনুমতিত একাধিক এ আই ক্ৰিয়েটৰে তেওঁ গান গোৱাৰ ষ্টাইল-কণ্ঠ ব্যৱহাৰ কৰিছে৷ তদুপৰি কিছুমান অনলাইন প্লেটফৰ্মত পণো গায়কৰ ছবি ব্যৱহাৰ কৰিছে৷ একাধিক ৱেবছাইটটো ব্যৱহাৰ হৈছে অৰিজিতৰ নামত৷ এতিয়াৰ পৰা বোম্বে হাইকৰ্টৰ বিনা অনুমতিত কোনো অটিটি প্লেটফৰ্মে অৰিজিতক ব্যৱহাৰ কৰিব নোৱাৰিব৷ উল্লেখ্য, অৰিজিৎ শেহতীয়াকৈ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ বাবে আগষ্ট মাহৰ সকলো কনচাৰ্ট বাতিল কৰিছে গায়কজনে৷