Logo
image

বিশ্বৰ দ্ৰুততম মানৱ নোৱা লাইল্‌ছ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ আগষ্টঃ স্মৰণকালত অলিম্পিকত পুৰুষৰ ১০০ মিটাৰ দৌৰৰ এনে প্ৰতিদ্বন্দ্বিতা কোনেও দেখা নাই৷ দেওবাৰে নিশা  পেৰিছৰ ষ্টেড দ্য ফ্ৰান্স ষ্টেডিয়ামত ১০০ মিটাৰ দৌৰত আঠজন প্ৰতিযোগীয়ে যি আধিপত্য বিস্তাৰ কৰিলে সেয়া আক্ষৰিক অৰ্থতে বিস্ময়কৰ৷ ফিনিশ্ব লাইন স্পৰ্শ কৰাৰ কেইবাছেকেণ্ডো পাছলৈ আনৰ কথা বাদেই, আনকি প্ৰতিযোগীয়েও ধৰিব পৰা নাছিল কোনে ১০০ মিটাৰৰ স্বৰ্ণ পদক অৰ্জন কৰিছে৷ আনকি ফটো ফিনিশ্ব ব্যৱস্থায়ো বিজয়ী নিৰ্ধাৰণ কৰাত ল’লে দীৰ্ঘ সময়৷ তেতিয়ালৈ উদ্বিগ্নতা বাঢ়ি গৈছিল আঠ প্ৰতিযোগী আৰু বিশ্বৰ কোটি কোটি দৰ্শকৰ৷ 



অৱশেষত ফটো ফিনিশ্বেৰে বিজয়ী ঘোষণা কৰা হ’ল আমেৰিকাৰ নোৱা লাইলছক৷ ০.০০৫ ছেকেণ্ডৰ ব্যৱধানত দ্বিতীয় হ’ল কিছানে থমছন৷ জামাইকাৰ এই স্প্ৰিণ্টাৰ আছিল ১০০ মিটাৰৰ স্বৰ্ণৰ প্ৰবল দাবীদাৰ৷ ৯.৮১ ছেকেণ্ড সময় লৈ তৃতীয় হ’ল আমেৰিকাৰে ফ্ৰেড কাৰ্লি৷ তেওঁৰ সময়ক লৈ অৱশ্যে কোনো বিবাদ নাছিল, পাৰ্থক্য ফটো ফিনিশ্বৰ আগতেই সাধাৰণ কেমেৰা আৰু দৰ্শকৰ চকুত স্পষ্ট হৈ পৰিছিল৷ জটিল হৈ পৰিছিল নোৱা আৰু থমছনৰ মাজৰ বিজয়ী নিৰ্ধাৰণ কৰাটো৷ কিয়নো দুয়োৰে সময়মান দেখুওৱা হৈছিল ৯.৭৯ ছেকেণ্ড৷ তেওঁলোকৰ ভিতৰত থমছনৰ ভৰিয়ে প্ৰথমে ফিনিশ্ব লাইন স্পৰ্শ কৰিছিল৷ কিন্তু দৌৰৰ নিয়ম অনুসৰি প্ৰথমে ভৰিয়ে স্পৰ্শ কৰিলে নহ’ব৷ ফিনিশ্ব লাইন স্পৰ্শ কৰিব লাগিব কবন্ধৰে, অৰ্থাৎ ডিঙিৰ পৰা বুকু আৰু পেটৰ অংশই৷ ফটো ফিনিশ্বত দেখা গ’ল নোৱাৰ কবন্ধই থমছনতকৈ এক ছেকেণ্ডৰ এহাজাৰ ভাগৰ পাঁচ ভাগ সময় আগত শেষ সীমা স্পৰ্শ কৰিছে৷ ফটো ফিনিশ্বে তেওঁলোকৰ সময়মান দেখুৱালে ৯.৭৮৪ ছেকেণ্ড নোৱাৰ আৰু ৯.৭৮৯  ছেকেণ্ড থমছনৰ৷ দুয়োৰে জয়-বিজয়ৰ পাৰ্থক্য চুলিমানতকৈয়ো কম, অৰ্থাৎ ০.০০৫ ছেকেণ্ড৷ এই বিজয়েৰে নোৱা লাইলছে জামাইকা আৰু শেহতীয়া অলিম্পিকৰ ইটালিৰ ১০০  মিটাৰৰ আধিপত্যৰ অৱসান ঘটালে৷ ২০০৮ চনৰ পৰা অলিম্পিকৰ ১০০ মিটাৰৰ স্বৰ্ণ পদক আছিল জামাইকাৰ উছেইন ব’ল্টৰ হাতত৷ তেওঁ এতিয়াও ১০০ মিটাৰৰ বিশ্বাভিলেখৰ অধিকাৰী৷ টকিঅ’ অলিম্পিকত ১০০ মিটাৰৰ চেম্পিয়ন হৈছিল ইটালিৰ মাৰ্চেল জেকবছ৷ দেওবাৰে নিশা বিশ্বৰ দ্ৰুততম মানৱত পৰিণত হ’ল নোৱা লাইলছ৷ কাণে কাণ মাৰি দ্ৰুততম মানৱ হোৱাৰ পৰা বঞ্চিত হ’ল কিছানে থমছন৷