Logo
image

স্মাৰ্ট চিটীৰ নামত পানীত পৰিল শ শ কোটি টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ আগষ্টঃ গুৱাহাটীৰ কৃত্ৰিম বানে সোমবাৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে! দুঘণ্টাৰ ধাৰাষাৰ বৰষুণে উত্তৰ-পূবৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰখনক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰি প্ৰলয়ৰ সৃষ্টি কৰে৷ ৩৬ ঘণ্টা অতিক্ৰম কৰিলে যদিও এই পৰ্যন্ত জলময় পৰিস্থিতিৰ পৰা মুক্ত হোৱা স্মাৰ্ট চিটী গুৱাহাটী৷ এজাক বৰষুণতে সৃষ্টি হোৱা হাতীগাঁও, নটবমা, ৰুক্মিনীনগৰ, লাচিত নগৰ, অনিল নগৰৰ কৃত্ৰিম বানাক্ৰান্ত লোকৰ অৱৰ্ণনীয় অৱস্থা৷ গাড়ী-বাইক এৰি বহুজনে ঘৰ পোৱাৰ বিপৰীতে নিশাহে ঘৰ পালে পুৱা ৭ বজাতে স্কুললৈ যোৱা বহু ছাত্ৰ-ছাত্ৰী৷ কিন্তু বানপীড়িতৰ ওচৰলৈ নগ’ল কোনো মন্ত্ৰী, শাসকীয় বিধায়ক৷ 



বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ পৰিৱৰ্তে একাংশ জনপ্ৰতিনিধিয়ে কৃত্ৰিম বানক লৈ আজৱ মন্তব্য কৰি উপলুঙাহে কৰা দেখা গ’ল বানাক্ৰান্তক৷ ইয়াৰ বিপৰীতে কৃত্ৰিম বানত বিপৰ্যস্ত হোৱা মহানগৰবাসীক সকাহ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে মহানগৰ আৰক্ষীক৷ সোমবাৰে সন্ধিয়া মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৰুক্মিণী নগৰলৈ আহি বানত বিপৰ্যস্ত লোকৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ উপৰি উদ্ধাৰ অভিযানৰো তদাৰক কৰে৷ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ এনে ভূমিকাক লৈ সৰ্বস্তৰৰ লোকে কঠোৰ ভাষাৰে গৰিহনা দিয়ে৷ নেট নাগৰিকেও চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে৷ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ককৰ্থনাৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে উচ্ছ পদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয়৷ বৈঠকত গুৱাহাটী মহানগৰীৰ এই সমস্যা সমাধানৰ বাবে পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই৷